যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিৰ আকৌ এবাৰ ৰুছ বাহিনীৰ আক্ৰমণৰ পৰা প্ৰাণৰক্ষা পৰিছে৷ সোমবাৰে কীয়েভৰ এক প্ৰতিবেদনত ৰাছিয়াই ইউক্ৰেইনপ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে হত্যা চেষ্টা চলাই ব্যৰ্থ হোৱা বুলি কোৱা হৈছে৷
প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে ৰাছিয়াৰ এটা বিশেষ দলৰ ২৫ গৰাকীৰ সামৰিক যোদ্ধাক শ্ল’ভাকিয়া-হাঙ্গেৰীৰ সীমান্ত কীয়েভ কৰ্তৃপক্ষই আটক কৰিছে৷ এই দলটোৱে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক হত্যাৰ বাবে ইউক্ৰেইনত প্ৰৱেশ কৰা বুলি কোৱা হৈছে৷
‘‘জেলেনস্কিৰ প্ৰাণনাশৰ আৰু এটা চেষ্টা ব্যৰ্থ হৈছে৷ ৰাছিয়াৰ বিশেষ সামৰিক দলৰ ২৫ জনীয়া সদস্যক শ্ল’ভাকিয়া-হাঙ্গেৰীৰ সীমান্তত বন্দী কৰা হৈছে৷ তেওঁলোকৰ লক্ষ্য আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা কৰাৰ৷’’ এক টুইটত এইদৰে কোৱা হৈছে৷
লগতে পঢ়ক কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?
এই দলটোৰ ইউক্ৰেইন প্ৰৱেশত পুটিন কুখ্যাত বিশেষ বাহিনী ৱে’গনাৰ গোষ্ঠীৰ হাত আছে বুলিও প্ৰকাশ পাইছে৷
উল্লেখ্য যে কুখ্যাত ৱে’গনাৰ গোষ্ঠীক জেলেনস্কিক হত্যাৰ দায়িত্ব দিয়া বুলি কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল৷ ৱে’গনাৰ গোষ্ঠীটোৰ বিৰুদ্ধে যুদ্ধবিধ্বস্ত দেশত হত্যা, ধৰ্ষণসহ একাধিক অপৰাধ সংঘটিত কৰাৰ অভিযোগ উঠি আহিছে৷
আনহাতে, ইউক্ৰেইনে ৱে’গনাৰ গোষ্ঠীয়ে ইউক্ৰেইনত প্ৰৱেশ কৰা বুলি দাবী কৰিলেও ক্ৰেমলিনে এই অভিযোগ অস্বীকাৰ কৰিছে৷
উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰিতো জেৱেনস্কিক হত্যাৰ উদ্দেশ্যে এক আক্ৰমণ চলোৱা হৈছিল বুলি ইউক্ৰেইনে দাবী কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ