• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

4 years ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

21 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

58 minutes ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

15 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

16 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

16 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

17 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

21 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

editor by editor
April 23, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ জ্যোতিৰ্ময় দাস

যিকোনো এজন ব্যক্তিয়েই সময়-পৰিস্থিতি সাপেক্ষে, জ্ঞাতসাৰে বা অজ্ঞাতসাৰেও বিভিন্ন নিচাযুক্ত দ্ৰব্য বা পদাৰ্থ সেৱনৰ অভ্যাসৰ গ্ৰাসত পৰিব পাৰে। অৱশ্যে, নিচাযুক্ত দ্ৰব্য সেৱন কৰা মানেই নিচাসক্ত হৈ পৰা নুবুজায়। পিছে দীৰ্ঘসময় জুৰি নিচাযুক্ত দ্ৰৱ্য বা পদাৰ্থ সেৱনৰ অভ্যাস গঢ় লৈ উঠাৰ পিছতো, পৰৱৰ্তী সময়ত যদি সেই নিচা সেৱন কৰা ব্যক্তিজনৰ শাৰিৰীক-মানসিক স্বাস্থ্যত বিভিন্ন ধৰণৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰাৰ সত্বেও তেওঁ সেই নিচা ত্যাগ কৰিব নোৱাৰে তেনে এক মানসিক অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত নিচাসক্তিৰ ৰোগ বুলি কোৱা হয়।

আমেৰিকান ছ’চাইটি অৱ এডিকচন মেডিচিনৰ মত অনুসৰি নিচাসক্তি আচলতে এক এনেধৰণৰ দীৰ্ঘস্থায়ী ৰোগ, চিকিৎসাৰ জৰিয়তে যাৰ নিৰ্মূল কৰাটো সম্ভৱ। মূলতঃ এই ৰোগৰ কাৰকসমূহ সাধাৰণতে আসক্ত ব্যক্তিজনৰ মগজুৰ বিভিন্ন সংকেতবাহক বৰ্তনী, জন্মগত, পাৰিপাৰ্শ্বিক কিম্বা ব্যক্তিগত জীৱন সম্পৰ্কীয় ভিন্ন অভিজ্ঞতাভিত্তিক হোৱা দেখা যায়। জৈৱিক, সামাজিক আৰু মনোবৈজ্ঞানিক কাৰকৰ বাবেও বহু ব্যক্তিয়েই নিচাৰ আশ্ৰয় লোৱা দেখা যায়।

লগতে পঢ়ক ১৭ বছৰ বয়সতে মাতৃ হ’ল কিশোৰী : পিতৃ ১২ বছৰীয়া শিশু! শিশু পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

এই নিচাযুক্ত পদাৰ্থ বা দ্ৰৱ্যবোৰ বিভিন্ন ধৰণৰ হ’ব পাৰে। সুৰাপানৰ পৰা আৰম্ভ কৰি ধঁপাতজাতীয় সামগ্ৰীৰ নিচা, হিৰ’ইন, ক’কেইন, মাৰিজুৱানা (বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ)ৰ নিচা আদি উল্লেখযোগ্য। ইয়াৰে ভিতৰত নিচাগ্ৰস্ত হোৱাৰ ক্ষেত্ৰত প্ৰধানতঃ মনোবৈজ্ঞানিক দিশটোৱে আন প্ৰায়বোৰ দিশকো সাঙুৰি লয়।

এনে বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক কাৰকো এজন ব্যক্তিৰ মাত্ৰাধিক নিচা গ্ৰহণৰ অভ্যাস গঢ় লোৱাত সহায়ক হৈ উঠিব পাৰে। প্ৰত্যেকজন ব্যক্তিয়েই প্ৰায় প্ৰতিনিয়ত নিজ নিজ জীৱনযাত্ৰাত ব্যক্তিগত, আৰ্থিক, সামাজিককে আদি কৰি অন্যান্য প্ৰতিকূলতাৰ সন্মুখীন হয় আৰু এই প্ৰতিকূলতাসমূহৰ সৈতে যুঁজাৰ, সহাৱস্থান কৰাৰ প্ৰত্যেকৰেই এক স্বকীয় আচৰণবিধি থাকে। প্ৰতিকূলতাৰ সৈতে যুঁজাৰ এনেধৰণৰ আচৰণৰ সৈতে সহাৱস্থান কৰোতে কৰোতে সেই ব্যক্তিজনৰ মানসিক অৱস্থাৰ ওপৰত মগজুৰ অনুভৱ-অনুভূতিত কিছুমান অৱধাৰিত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

উদাহৰণস্বৰূপে— অত্যধিক মানসিক চাপ, অত্যধিক সংশয়, হতাশাগ্ৰস্ততাকে আদি কৰি বিভিন্ন ধৰণৰ মানসিক ৰোগৰ সৈতে যুঁজি থকা এজন ব্যক্তিয়ে খুব সহজেই ভিন্ন নিচাক তেওঁৰ মনোজগতত চলি থকা হাহাকাৰবোৰৰ পৰা বা মানসিক ৰোগসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ এক মাধ্যম হিচাপে বাছি লোৱাৰ প্ৰৱণতা অতি প্ৰবল হৈ পৰে; তেতিয়াই তেনে এজন ব্যক্তিক প্ৰয়োজন হয় উপযুক্ত মানসিক চিকিৎসাৰ। পিছে প্ৰায়ভাগ ব্যক্তিৰ ক্ষেত্ৰতেই (প্ৰধানতঃ মানসিক ৰোগ সম্পৰ্কে সজাগতা, সচেতনতা নথকা সমাজত) ব্যক্তিজনে নিজৰ ৰোগক ৰোগ বুলি বুজি উঠিবলৈয়ো সক্ষম নহয়৷ অথবা বুজি উঠিলেও, নিজৰ চিকিৎসাৰ বাবে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে সহজলভ্য নিচাকেই নিজৰ মানসিক অৱস্থা বা ৰোগক সাময়িকভাৱে প্ৰশমিত বা অৱদমিত কৰি ৰখাৰ মাধ্যম হিচাপে ল’বলৈ পচন্দ কৰে। আৰু ক্ৰমশঃ নিচাৰ প্ৰতি আসক্তিয়ে কায়িক-মানসিক দুয়ো দিশত ক্ষতি কৰিলেও ব্যক্তিজন নিচা এৰিবলৈ সক্ষম নহয়। এই অৱস্থা আচলতে নিচাৰ প্ৰতি চূড়ান্তভাৱে নিৰ্ভৰশীল হৈ পৰা এক মানসিক ৰোগগ্ৰস্ত অৱস্থা, যাৰ সঠিক আৰু উপযুক্ত চিকিৎসাৰ প্ৰয়োজন।

লগতে পঢ়ক আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

এজন ব্যক্তি নিচাসক্ত হৈ পৰিছে বুলি কিদৰে জানিব পাৰিব? নিচা কৰি থকাৰ সমান্তৰালকৈ নিচা কৰা ব্যক্তি এজনৰ কিছু শাৰিৰীক-মানসিক লক্ষণ ফুটি উঠে। এনে কেইটামান বিশেষ লক্ষণ হৈছে— ১) নিজৰ দায়িত্ব অথবা কৰ্মৰ প্ৰতি অৱহেলা, ২) নিকট সম্পৰ্কবোৰলৈ নিচাৰ ফলত অহা জটিলতা, ৩) নিচাৰ বাবে স্বাস্থ্যজনিত বা আন ভিন্ন সমস্যা হোৱাৰ পিছতো নিচা ত্যাগ কৰিব নোৱাৰা অৱস্থা, ৪) দৈনন্দিন কাম-কাজত লক্ষণীয় ৰূপত আহি পৰা শক্তিহীন বা দুৰ্বল অৱস্থা, ৫) লক্ষণীয় শাৰিৰীক পৰিৱৰ্তন, যেনে-বৃহৎ পৰিমাণত ওজন হ্ৰাস, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অৱহেলা, ৬) নিচাসক্তিক লৈ কোনোবাই কিবা ক’লেই আত্মপক্ষক লৈ তীব্ৰ প্ৰতিক্ৰিয়াশীল হোৱা, ৭) নিচাগ্ৰস্ত অৱস্থাত হোৱা ভিন্ন দুৰ্ঘটনা, আনকি আত্মহত্যা কৰাৰ মাত্ৰাধিক প্ৰৱণতা আদি৷

এই লক্ষণসমূহ নিচা কৰা কাৰোবাৰ ক্ষেত্ৰত দেখা গ’লে সেই ব্যক্তিজন নিচাসক্ত হৈ পৰিছে আৰু সুস্থ জীৱন যাপনৰ বাবে তেওঁ নিচামুক্ত হোৱা চিকিৎসাৰ প্ৰয়োজন বুলি নিশ্চিত হ’ব পাৰি। এক কথাত ক’বলৈ গ’লে-সাময়িক এক সকাহ বা আমোদৰ পৰা গৈ যেতিয়া নিচা এজন ব্যক্তিৰ বাবে স্বাস্থ্যজনিতৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো দিশতেই অনিষ্টকৰ হৈ উঠে তেতিয়াই সেই ব্যক্তিজন নিচাৰ কৱলৰ পৰা মুক্ত হোৱা জৰুৰী হৈ পৰে। নিচাগ্ৰস্ততা নিজে এক ৰোগ লগতেই আন বহু ৰোগৰো কাৰক। আনকি ড্ৰাগছ আদি লোৱাৰ ফলত হেপাটাইটিছৰ পৰা এইচআইভি এইডছ পৰ্যন্ত প্ৰাণঘাতী ৰোগো হোৱা দেখা যায়।

লগতে পঢ়ক ‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

এতিয়া কথা হ’ল— এই নিচাসক্তিৰ পৰা এজন ব্যক্তি কিদৰে মুক্ত হ’ব পাৰিব? অৱশ্যই, পূৰ্বে উল্লেখ কৰাৰ দৰে তেওঁক প্ৰথম আৰু প্ৰধানতঃ মানসিক ৰোগৰ চিকিৎসাৰ, অৰ্থাৎ মনোৰোগ বিশেষজ্ঞৰ উপযুক্ত তথা পৰ্যাপ্ত চিকিৎসাৰ প্ৰয়োজন হয়। আৰু এই চিকিৎসা প্ৰক্ৰিয়াত ৰোগীজনক দৰৱ-পাতিৰ সমান্তৰালকৈ মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শদানৰ ব্যৱস্থা (কাউন্সেলিঙ)ও কৰা হয়। এই দুয়ো প্ৰকাৰে চিকিৎসা কৰিলেহে এজন নিচাসক্ত ব্যক্তিৰ নিচাৰ অভ্যাস ত্যাগ কৰাব পৰা সম্ভৱ। নিচাযুক্ত পদাৰ্থ বা দ্ৰব্যসমূহ ৰোগীৰ দেহৰ পৰা নিষ্কাশণ কৰাও এই চিকিৎসা ব্যৱস্থাৰ এক অংশ।

সাধাৰণতেই বেছিভাগ ক্ষেত্ৰতেই এনে ৰোগীয়ে চিকিৎসা ল’বলৈ অনিচ্ছা বা অনাগ্ৰহ প্ৰকাশ কৰা দেখা যায়। তেনে পৰিস্থিতিত তেওঁৰ পৰিয়াল-পৰিজনে চিকিৎসাৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰোৱাৰ লগতেই পৰৱৰ্তী সময়ত যাতে সেই চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়-এইখিনিলৈকে লক্ষ্য ৰখাতো জৰুৰী হৈ পৰে। এনে এজন ৰোগীয়ে এবাৰ নিচাগ্ৰস্ততাৰ পৰা মুক্ত হৈ স্বাভাৱিক জীৱন যাপন কৰিবলৈও আৰম্ভ কৰাৰ পিছতো পুনৰাই একেই নিচাগ্ৰস্ততালৈ ঢাল খোৱাতোও কোনো আচৰিত কথা নহয়। এই দিশৰ পৰাও নিচা কৰা মানুহ এজন নিজকে নিয়ন্ত্ৰণ কৰিব পৰাকৈ মনোৰোগ বিশেষজ্ঞই ব্যৱহাৰিক চিকিৎসাও কৰে। আপুনি নিজেই কিম্বা আপোনাৰ কোনো আত্মীয়-স্বজন বা বন্ধু যদিহে এই ৰোগত আক্ৰান্ত হৈছে-তেন্তে যিমান সোনকালে সম্ভৱ (অত্যধিক ক্ষতি হোৱাৰ আগতেই) তেওঁ‌ক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰা উচিত।

লিখক- এম ডি, (মনোৰোগ বিশেষজ্ঞ, মেডিচিটি হাতীগাওঁ‌ , ফোন- ৮০১১২৭২৭২২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: addictedaddictionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.