সোঁহাতত গোলাপ বা আঙঠি লৈ বাওঁ আঁঠুটো বেঁকা কৰি প্ৰিয়গৰাকীলৈ হাত আগবঢ়াই প্ৰেমৰ বা বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হয়৷ সেয়া চিনেমা হওক বা বাস্তৱিক, প্ৰেমৰ প্ৰস্তাৱৰ এই প্ৰতিচ্ছবি সকলোতে একেই।
কিন্তু সময় সলনি হৈছে। প্ৰেম প্ৰকাশৰ শৈলী বা বিবাহৰ প্ৰস্তাৱ দিয়াৰ ধৰণটো অলপ সলনি হৈছে। বহুতে হয়তো নাজানে যে আঁঠু লৈ প্ৰেম আগবঢ়োৱাৰ প্ৰথা পশ্চিমীয়া সংস্কৃতিৰ এটা অংশ। ইয়াৰ আঁৰত আছে প্ৰাচীন ইতিহাস।
মধ্যযুগত সৌজন্যতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। বহু ধৰ্মীয় অনুষ্ঠানত আঁঠু লৈ বহি থকাৰ প্ৰথা আছিল। এই ৰীতি-নীতি জনপ্ৰিয় আছিল, কেতিয়াবা বশৱৰ্তী বা কেতিয়াবা সন্মান প্ৰদৰ্শনত। মধ্যযুগত যোদ্ধাসকলৰ এটা কৰ্তব্য আছিল সন্মান প্ৰদৰ্শন কৰা।
লগতে পঢ়ক অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও
এনেদৰে পত্নী আৰু অভিজাত নাৰীৰ সন্মুখত আঁঠু লৈ নিজৰ শ্ৰদ্ধা আৰু মৰম প্ৰকাশ কৰিছিল। এই ভংগীমাই আঁঠু লৈ জীৱনক ভালপোৱা লোকসকলৰ বিশ্বাস বজাই ৰখাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰা হয়।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কিয় সদায় বাওঁ আঁঠুত প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বেলিকা আগবঢ়োৱা হয়? এই সন্দৰ্ভত বিভিন্ন মতামত আছে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নে ইয়াৰ যুক্তিসংগত কাৰণ প্ৰকাশ পাইছে।
গৱেষণাৰ পৰা দেখা গৈছে যে বেছিভাগ মানুহ সোঁহতীয়া। যিজন ব্যক্তি অধিক সক্ৰিয় আৰু ভৰি শিথিল হৈ থাকে তেওঁৰ ক্ষেত্ৰত যিকোনো কামৰ সময়ত তেওঁৰ বিপৰীত দিশটো সক্ৰিয় হৈ পৰে।
লগতে পঢ়ক বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ
প্ৰেম প্ৰকাশ কৰাৰ সময়ত গোলাপ বা আন যিকোনো বিশেষ উপহাৰ সোঁহাতত ধৰি ৰখা হয়। ফলত হাতৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰি থাকোতে বাওঁ ভৰিখন বেঁকা হৈ পৰে।
ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে বাওঁ আঁঠুত বহি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। ইচ্ছা কৰিলে আপোনজনৰ সন্মুখত সোঁ আঁঠুত বহি নিজৰ প্ৰেমৰ কথা ক’ব পাৰে। সেই ক্ষেত্ৰত সোঁহাতেৰে উপহাৰ দিয়াতকৈ বাওঁহাতেৰে উপহাৰ দিয়াটো বহুত বেছি আৰামদায়ক হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















