• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিভাৰ চিৰ’ছিচ ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি

লিভাৰ চিৰ’ছিচ ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি

4 years ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

27 minutes ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

52 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

1 hour ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

12 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

12 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

13 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

13 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

14 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

14 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

15 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

15 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

লিভাৰ চিৰ’ছিচ ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি

editor by editor
June 3, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
লিভাৰ চিৰ’ছিচ ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি
0
SHARES
922
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ অমৃতাংশু বৰকাকতিঃ চিৰ’ছিচ-লিভাৰ বা যকৃতৰ ৰোগগ্ৰস্ততাৰ এনে এক স্তৰ, যাৰ চিকিৎসা সম্ভৱপৰ যদিও এবাৰ চিৰ’ছিচত আক্ৰান্ত হোৱা মানে সেই আক্ৰান্ত ব্যক্তিজনৰ যকৃতটো দুনাই পূৰ্বৰ অৱস্থালৈ ঘূৰি নাহে। লিভাৰ বা যকৃত, মানৱদেহৰ এনে এক অংগ যাৰ কোষবোৰৰ স্বকীয়ভাৱে পুনৰ-সংস্কৰণ ঘটি থাকে। পিছে যকৃতৰ এই স্বাভাৱিক প্ৰক্ৰিয়াৰো এক সীমাবদ্ধতা আছে। কেতিয়াবা সুৰাপান অথবা কেতিয়াবা আন কিছু কাৰকে এই জটিলতাৰ সৃষ্টি কৰে। বৰ্তমান সময়ত সাধাৰাণতে খুব সহজভাৱে আক্ৰান্ত হোৱা যকৃতৰ ৰোগবিধ হৈছে যকৃতৰ আকাৰ বৃদ্ধি হোৱা ৰোগ বা ফেটী লিভাৰ ডিজিজ।

এই ফেটী লিভাৰৰ তিনিটি পৰ্যায়ৰ পৰৱৰ্তী পৰ্যায়তেই লিভাৰ বা যকৃতৰ ফাইব্ৰ’ছিচ আৰু ইয়াৰ পিছত চিৰ’ছিচ হয়গৈ। চিৰ’ছিচ অৰ্থাৎ যকৃতত স্থায়ীভাৱে লগা ঘাঁ‌ বা ক্ষতি-যাৰ পুনৰুদ্ধাৰ সম্ভৱ নহয়। আৰু মাথোঁ অসম বা উত্তৰ-পূৰ্বাঞ্চল বুলিয়েই নহয়, সমগ্ৰ বিশ্বব্যাপী জনসংখ্যাৰ এক বৃহৎ অংশ চিৰ’ছিচতো আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ই খুব এক আশাব্যঞ্জক ছবি নহয়। যদিওবা চিৰ’ছিচেই লিভাৰৰ অন্তিম পৰ্যায়ৰ ৰোগাৱস্থা নহয়, চিৰ’ছিচৰ পিছৰ পৰ্যায়ত যকৃতৰ কেন্সাৰ অথবা যকৃত বিকল পৰ্যন্ত হোৱাও খুব স্বাভাৱিক কথা। চিৰ’ছিচ আক্ৰান্ত হোৱাৰ পিছতো চিৰ’ছিচৰ দুই প্ৰকাৰ অনুসৰি এজন ব্যক্তিৰ জীৱনকালৰ সীমা নিৰ্ভৰ কৰে। এক দৃষ্টিত চাবলৈ গ’লে, চিৰ’ছিচ আক্ৰান্ত হোৱা মানে-আপুনি এক ঘাতক ৰোগ দেহত কঢ়িয়াই লৈ ফুৰাৰ দৰে। চিৰ’ছিচক লৈ এই কথাবোৰ যদিওবা নিতান্তই নিৰাশাজনক, পিছে উপযুক্ত চিকিৎসাৰ লগতেই উপযুক্ত খাদ্য অৰ্থাৎ যকৃতৰ সেই ক্ষয়িষ্ণু অৱস্থাৰ বাবে উপযোগী সুষম অথবা পৰিপুষ্টিকৰ খাদ্যাভাসে এজন চিৰ’ছিচ ৰোগীকো দীৰ্ঘকালৰ বাবে চিৰ’ছিচৰ সৈতে সহাৱস্থান কৰিও জীয়াই থকাত সহায় কৰিব পাৰে। আজি এই বিষয়তেই অৰ্থাৎ চিৰ’ছিচ আক্ৰান্ত ৰোগী এজনে কি ধৰণৰ খাদ্য খাব লাগে, কি খাদ্য খালে তেওঁ প্ৰয়োজনীয় পৰিপুষ্টি লাভ কৰিব, কি খাদ্য এৰাই চলিব লাগে-এই বিষয়সমূহ সম্পৰ্কে কিছু কথা জনাবলৈ লৈছো।

লগতে পঢ়ক বুধ, শনি, সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ গতি সলনি, কোন ৰাশিৰ ধন-সম্পত্তি বাঢ়িব?

চিৰ’ছিচৰ ক্ষেত্ৰত খুব সহজে ৰোগী এজন অপুষ্টিৰ চিকাৰ হোৱা দেখা যায়। চূড়ান্ত এক পৰ্যায় নোপোৱা পৰ্যন্ত চিৰ’ছিচৰ সাধাৰণতে তেনে কোনো তীব্ৰ বা চকুত পৰাবিধৰ লক্ষণ দেখা নেযায়। চিৰ’ছিচৰ দুই স্তৰ— ‘‘কম্পেনচেটেড বা এচিম্পটমেটিক’’ (লক্ষণবিহীন) আৰু ‘‘ডিকম্পেনছেটেড বা চিম্পটমেটিক’’ (লক্ষণযুক্ত) — এই দুয়ো স্তৰতেই কম-বেছি পৰিমাণে অপুষ্টিৰ মাত্ৰা থাকেই। পিছে এক স্তৰৰ পিছত কিছু ৰোগীৰ ক্ষেত্ৰত হোৱা হেপাটিক এনকেফেল’পেথী (যকৃতৰ বিকাৰৰ ফলস্বৰূপে হোৱা মগজুৰ বিসংগতি), খাদ্যৰ প্ৰতি অনীহা, পেটৰ মাংসপেশীত সৃষ্টি হোৱা অক্ষমতাৰ বাবে হোৱা বদহজম, পেটত পানী জমা হোৱা, অনবৰতেই পেট ভৰি থকাৰ অনুভৱ, অৰুচি, বমি, সঘনাই পেটৰ পৰা পানী উলিওৱাৰ প্ৰক্ৰিয়াৰ লগতে অসমতুল হজমৰ প্ৰক্ৰিয়া, পৰিপাক প্ৰক্ৰিয়াৰ পৰা তেজে দেহৰ বাবে জৰুৰী প্ৰয়োজনীয় পুষ্টি শোষণ কৰিব নোৱাৰা অৱস্থা-আৰু এইবোৰৰ ফলত যকৃতৰ মূখ্য বাহক প’ৰ্টেল সীৰাত পৰা অত্যধিক চাপ (প’ৰ্টেল হাইপাৰটেনচন)ৰ ফলত অন্ত্ৰৰ পাতলীয়া আৱৰণখনলৈ আহি পৰা পৰিৱৰ্তন ইত্যাদিৰ বাবেই দেহত ক্ৰমান্বয়ে প্ৰ’টিনৰ মাত্ৰা বেছিকৈ কমি যাবলৈ ধৰে৷ পিত্তথলীত থকা খাদ্যৰ পৰিপাক আৰু পৰিশোধন প্ৰক্ৰিয়াত সহায়ক, দূষিত পদাৰ্থ নিষ্কাশক বিলিয়েৰী লৱণবিধৰো অভাৱ ঘটে৷ চিৰ’ছিচৰ লগতেই মূলতঃ সুৰাপানৰ বাবে আৰম্ভ হোৱা প্ৰাৰম্ভিক পৰ্যায়ৰ অগ্নাশয় (পেনক্ৰিয়াছ)ৰ পাচক ৰসৰ উৎপাদনক্ষমতা কমি যোৱা ইত্যাদি বিভিন্নধৰণৰ আনুষাংগিক কাৰণৰ ফলস্বৰূপে স্বাভাৱিকতেই ৰোগীজনে নিয়মিতৰূপে খোৱা খাদ্য খাব নোৱাৰা হয়। চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰিহে খাদ্য গ্ৰহণ কৰিব লাগে।

এইদৰে চিৰ’ছিচৰ বাবে হোৱা অপুষ্টিও চিৰ’ছিচ ৰোগীৰ ওপৰত আন এক বব নোৱাৰা বোজাৰ দৰে হৈ পৰে। এই অপুষ্টিৰ ফলস্বৰূপে দেহৰ চৰ্বীযুক্ত কোষ আৰু মাৎসপেশীৰ কোষ পৰ্যন্ত ক্ৰমশঃ ক্ষয় যাবলৈ ধৰে। দেহৰ এই দুয়োবিধ কোষৰ ক্ষয়ে শৰীৰত জটিল সময়ত খৰছ হ’ব পৰাকৈ সঞ্চিত হৈ থকা শক্তিখিনিও নিঃশেষ কৰি পেলায়। গতিকেই অতি সহজেই ৰোগীজন অপুষ্টিত ভূগিবলৈ আৰম্ভ কৰে। অপুষ্টিৰ ক্ৰমবৰ্ধমান ৰূপেই যকৃত বিকল হোৱাৰ ক্ষেত্ৰতো প্ৰভূত পৰিমাণে অৰিহণা যোগায়। এনে জটিল অৱস্থাত ৰোগীৰ এই শাৰীৰিক অৱস্থাৰ উন্নীতকৰণৰ বাবে চিকিৎসাৰ সমান্তৰালকৈ খাদ্যভাষতো পৰিৱৰ্তন আনিলে ৰোগীজন সহজেই সুস্থতাৰ দিশে গতি কৰিব পাৰিব। এতিয়া আহো চিৰ’ছিচ ৰোগী এজনে কি খাব, কি পৰিমাণে খাব আৰু কি নেখাব সেই বিষয়লৈ।

এজন চিৰ’ছিচ ৰোগীৰ খাদ্যতালিকাত কি কি থাকিব তাৰ এক সম্যক ধাৰণা তলত দিয়া হৈছে—

১) সাধাৰণভাৱে ৰন্ধা ঘৰুৱা খাদ্য, য’ত নিমখৰ পৰিমাণ কম হয়।

২) খাদ্য উচ্চ মাত্ৰাৰ খাদ্যশক্তি (কেল’ৰী) আৰু উচ্চ মাত্ৰাৰ প্ৰ’টিনযুক্ত হ’ব লাগিব।

৩) দিনটোত সাধাৰণভাৱে যিমান পানী খাই, সিমানেই খাব পাৰে। পানী বেছিকৈ খালেই পেটত পানী জমা নহয়।

লগতে পঢ়ক প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

উদাহৰণস্বৰূপে ধৰা হওক, এজন ৬৮ কিলোগ্ৰাম ওজনৰ ব্যক্তিয়ে দৈনিক উপৰুক্ত ধৰণৰ খাদ্যৰ খাদ্যশক্তি (কেল’ৰী) ২,৪০০ ৰপৰা ২,৭০০ ভিতৰত পৰিমিত কৰিব লাগিব আৰু একেদৰেই ৬৮ ৰপৰা ১০২ গ্ৰাম প্ৰ’টিনযুক্ত খাদ্যও গ্ৰহণ কৰিব লাগিব। চিৰ’ছিচ ৰোগীৰ বাবে উচ্চ মাত্ৰাত প্ৰ’টিন থকা খাদ্য খোৱাতো অতিকেও জৰুৰী। প্ৰতিবাৰেই গ্ৰহণ কৰোতে সেই খাদ্যত অলপ হ’লেও প্ৰ’টিন অন্তৰ্ভুক্ত কৰিলে চিৰ’ছিচ ৰোগীৰ ক্ষেত্ৰত হোৱা মাংসপেশীৰ ক্ষয়ত বাধা দিব পাৰি। এনে ৰোগীয়ে যকৃতৰ বাবে পৰিপাক কৰাত জটিলতাৰ সৃষ্টি কৰা যিকোনো ধৰণৰ খাদ্য বৰ্জন কৰা উচিত। ভালদৰে নিসিজোৱা বা আধাসিজা অথবা কেঁচা যিকোনোধৰণৰ খাদ্যই এৰাই চলা জৰুৰী। চিৰ’ছিচ ৰোগীয়ে খাদ্যগ্ৰহণক তিনি মূখ্য প্ৰকাৰৰ আহাৰ অৰ্থাৎ ‘‘পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ’’ — এই তিনিভাগত বিভক্ত কৰি ল’ব লাগে। ইয়াৰ লগতেই পুৱা আৰু দুপৰীয়াৰ আহাৰৰৰ মাজৰ পাতলীয়া খাদ্য, দুপৰীয়াৰ পৰা নিশাৰ আহাৰৰ মাজৰ পাতলীয়া খাদ্য আৰু প্ৰয়োজন সাপেক্ষে নিশাৰ আহাৰৰ পিছত পলমকৈ গ্ৰহণ কৰা পাতলীয়া আহাৰ— এনেবোৰ ভাগত বিভক্ত কৰি এক নিৰ্দ্দিষ্ট ৰুটিন হিচাপে মানি চলিব লাগে। ফল-মূল আৰু শাক-পাচলি যিমান মন যায় খাব পাৰি-মাত্ৰ খাদ্যশক্তিৰ মাত্ৰালৈ ধ্যান ৰাখিব লাগে। অপুষ্টিৰ লগতে সংগতি ৰাখি চিৰ’ছিচ ৰোগী এজনৰ দেহত সূক্ষ্ম পৰিপোষক তত্বৰ অভাৱ ঘটাৰ লগতেই অতি স্বাভাৱিকতেই ভিটামিন ডি ৰো অভাৱ ঘটা দেখা যায়। এনে ৰোগীৰ বাবে চিকিৎসকে ভিটামিন ডি যুক্ত দৰৱ গ্ৰহণ কৰিবলৈ দিয়ে।

আমি সচৰাচৰ খোৱা বা গ্ৰহণ কৰা কি কি খাদ্য বা পানীয় এজন চিৰ’ছচ ৰোগীয়ে খাব পাৰে আৰু কি কি খাদ্য বা পানীয় খাব নোৱাৰে, সেই বিষয়ে এখন তালিকা তলত দিয়া হৈছে যাতে চিৰ’ছিচ ৰোগী এজনৰ খাদ্য গ্ৰহণত সহায়ক হয়।

ক) কি কি খাব পাৰে—

১) ফল-মূ যেনে— আপেল, কমলা, জামুকজাতীয় ফল, নাচপতি, প্লাম ইত্যাদি।

২) শাক-পাচলি— ফুলকবি, ব্ৰ’ক’লি, বিলাহী, মটৰ, আলু।

৩) প্ৰ’টিনযুক্ত খাদ্য— কণী, দুগ্ধজাত সামগ্ৰী, মাংসৰ চৰ্বীবিহীন অংশ (যেনে-মূৰ্গীৰ বুকুৰ অংশ) আৰু চৰাই আদিৰ চৰ্বীহীন মাংস।

৪) মাহজাতীয় খাদ্য— যিকোনো ধৰণৰ উৰহী বা মটৰ, লেচেৰাজাতীয় খাদ্য, দাইল,বুট।

৫) বাদামজাতীয় খাদ্য— কাজু, আখৰুট, এলমণ্ড, পিস্তাবাদাম আদি।

৬) সম্পূৰ্ণ খাদ্যশস্য— অ’টমিল, ৰঙচুৱা চাউল আদি।

৭) পানীয়— পানী, চাহ আৰু কফি।

লগতে পঢ়ক চৰকাৰী কাৰ্যালয়ত ওলমালে লাডেনৰ ফ’টো, নিলম্বিত হ’ল চৰকাৰী বিষয়া

খ) কি কি খাব নোৱাৰে-

১) ফাষ্ট ফুড বা জাংক ফুড, অনায়াসে বা কম আয়াসতে অতি সহজেই খাব পৰা যিকোনো খাদ্য আৰু পেকেটত থকা যিকোনো মুখৰোচক খাদ্য।

২) ভজা-পুৰা খাদ্য, বনস্পতি জাতীয় চৰ্বীযুক্ত পদাৰ্থ ইত্যাদি।

৩) যিকোনো ধৰণৰ অধিক মাত্ৰাত নিমখযুক্ত বা চ’ডিয়াম থকা খাদ্য, যেনে চিপচ্, প’পকৰ্ণ ইত্যাদি।

৪) পেকেটত শীতলীকৰণ কৰি ৰখা পূৰ্বে প্ৰস্তুত কৰা যিকোনো ধৰণৰ মাংসজাতীয় খাদ্য।

৫) অধিক মাত্ৰাত চ’ডিয়াম থকা আন খাদ্য, যেনে— বিভিন্ন ধৰণৰ মুখৰোচক চচ, চ’য়াচচ আদি।

৬) পূৰ্বে উল্লেখ কৰাৰ দৰে আধাসিজা বা সম্পূৰ্ণকৈ নিসিজোৱা অথবা কেঁ‌চা কণী, মাংস, মাছ ইত্যাদি।

৭) যিকোনো ধৰণৰ নিচাযুক্ত বা এলক’’হলযুক্ত পানীয়।

ওপৰত উল্লেখ কৰা ডায়েট বা খাদ্যাভাস মানি চলাৰ সমান্তৰালকৈ চিকিৎসকৰ প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰি থাকিলে চিৰ’ছিচ ৰোগী এজনো দীৰ্ঘকালৰ বাবে অত্যধিক জটিলতাবিহীন এক সমতুল জীৱন যাপনত সহায়ক হ’ব পাৰে।

লেখক— এগৰাকী (এম ডি(মেডিচিন)ডি এম(হেপাট’লজী), চিকিৎসকৰ, ফোন- ৯৯১০৭৭০৪৩৪

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamliver cirrhosis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

April 17, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

April 17, 2026
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
Next Post
প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?

প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?

ষ্টাৰকীড হৈও বলীউডত যৌন ইংগিতৰ পৰা ৰেহাই নেপালে অনন্যা পাণ্ডেই!

ষ্টাৰকীড হৈও বলীউডত যৌন ইংগিতৰ পৰা ৰেহাই নেপালে অনন্যা পাণ্ডেই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.