প’পষ্টাৰ তথা ‘ৱাকা ৱাকা’ৰ বিখ্যাত গায়িকা আৰু স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকৰ মাজত বিচ্ছেদ ঘটিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই দাবী কৰিছে৷
প্ৰকাশিত খবৰ অনুসৰি পেছাদাৰী স্পেনিছ ফুটবলাৰ পিক আন এগৰাকী মহিলাৰ সৈতে প্ৰতাৰণা কৰা বাতৰি প্ৰকাশ পোৱাৰ পিছতে দুই সন্তানৰ পিতৃ-মাতৃ হালে বিচ্ছেদ কৰিছে৷
অৱশ্যে এয়া উৰাবাতৰি নে সত্য সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ইপিনে এই বাতৰিৰ সন্দৰ্ভত প’পষ্টাৰগৰাকীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই৷
লগতে পঢ়ক একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!
বাৰ্চিলোনাৰ ডিফেণ্ডাৰগৰাকীৰ অনিয়ন্ত্ৰিত পাৰ্টি কৰাটোৱেই তেওঁলোকৰ বিচ্ছেদৰ আঁৰৰ আন এটা কাৰণ বুলিও কোৱা হৈছে।
এল পিৰিঅ’ডিকোত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জেৰাৰ্ড পিক গায়িকা ছাকিৰাৰ সৈতে থকা ঘৰৰ পৰা আঁতৰি আহি বাৰ্চিলোনাত অকলে বাস কৰি আহিছে।
পেছাদাৰী ফুটবলাৰগৰাকীয়ে বাৰ্চিলোনাৰ সতীৰ্থ ৰিকি পুইগ আৰু অন্যান্য বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰাও দেখা গৈছে। পিক আৰু তেওঁৰ বন্ধুসকলক আন মহিলাৰ সৈতে পুৱা ২ বা ৩ বজালৈকে বাহিৰত থকা দেখা গৈছে।
লগতে পঢ়ক এটি ৩,০০০ বছৰীয়া পুৰণি মন্দিৰ! মন্দিৰ খননত ওলাইছে আচৰিত তথ্য
ইফালে গায়কগৰাকীৰ শেহতীয়া হিট গীত টে ফেলিচিটোৰ বাবেই বিচ্ছেদৰ বাতৰিয়ে অধিক চৰ্চা লাভ কৰিছে। ৰ’লিং ষ্টোনত প্ৰকাশিত এক বাতৰি অনুসৰি, ৰাউ আলেজান্দ্ৰ’ৰ সৈতে কলম্বিয়াৰ ছুপাৰষ্টাৰগৰাকীৰ শেহতীয়া ট্ৰেকটো বিচ্ছেদৰে ইংগিত প্ৰদান কৰিছে৷
প্ৰতিবেদনখনৰ মতে গীতটোৱে ইংগিত দিয়ে যে দম্পতীহালৰ সকলো ঠিকে চলি থকা নাই৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ছাকিৰাই তেওঁৰ দীৰ্ঘদিনীয়া সংগী পিকৰ কোনো ফ’টো সামাজিক মাধ্যমত পোষ্ট কৰা নাই। প’পষ্টাৰগৰাকীয়ে বিগত সময়ছোৱাত সঘনাই তেওঁলোকৰ দুয়োৰে ফ’টো সামাজিক মাধ্যমত শ্বেয়ৰ কৰি আহিছিল।
লগতে পঢ়ক কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?
২০১০ চনৰ ফিফা বিশ্বকাপৰ সময়ত ছাকিৰা আৰু পিকৰ মাজত প্ৰথম সাক্ষাৎ ঘটিছিল৷ সেই সাক্ষাৎৰ পিছতে দুয়ো অতি শীঘ্ৰেই প্ৰেমৰ সম্পৰ্কত সোমাই পৰে। দম্পতীহালৰ দুটা সন্তান আছে।
বৰ্তমান কন্ঠশিল্পীগৰাকীয়ে পৰৱৰ্তী এলবামৰ কাম কৰি আছে। ইয়াৰ সমান্তৰালভাৱে নিক জ’নাছ আৰু লিজা কোছিৰ সৈতে ডান্সিং উইথ মাইচেল্ফ নামৰ ডান্স ৰিয়েলিটি শ্ব’তো তেওঁ বিচাৰক হিচাপেও কাম কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ