মানৱ সভ্যতা সদায়ে নতুন তথ্যৰ সম্ভেদ বিচাৰি আগবাঢ়ি গৈ আছে। আজিও এনে কিছুমান ঘটনা সন্মুখলৈ আহে, যিয়ে হাজাৰ হাজাৰ বছৰ আগতে মানৱ সভ্যতাই কেনেদৰে সৰ্বশ্ৰেষ্ঠ বাসগৃহ নিৰ্মাণ কৰিছিল সেই বিষয়ে ভাবিবলৈ বাধ্য কৰে।
ঠিক তেনেদৰে আকৌ এবাৰ ৩,০০০ বছৰ পুৰণি এটা মন্দিৰ খনন কৰাৰ ফলত প্ৰত্নতাত্ত্বিকসকল আচৰিত হৈ পৰিছে।
পেৰুত অৱস্থিত এই মন্দিৰটো কেইবছৰমান আগতে সন্দেহজনক হৈ পৰিছিল। খনন কৰি থকাৰ সময়ত যোৱা মে’ মাহত এটা সুৰংগ সদৃশ পথ আৱিষ্কাৰ কৰা হৈছিল।
লগতে পঢ়ক কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ববিদ জন ৰিকৰ মতে, ইয়াত এনে বিশেষত্ব আছে যিয়ে দেখুৱাই যে মন্দিৰৰ তলৰ এই ঘূৰণীয়া পথবোৰ মন্দিৰটোৰ আগতে নিৰ্মাণ কৰা হৈছিল।
বিশেষ প্ৰতিবেদন অনুসৰি পুৰাতত্ত্ববিদসকলে পেৰুৱিয়ান এণ্ডিজত ৩,০০০ বছৰ পুৰণি মন্দিৰৰ তলত ভূগৰ্ভস্থ পথৰ এটা নেটৱৰ্ক বিচাৰি পাইছে।
চাভিন দে হুয়ানটাৰ নামৰ এই মন্দিৰটো উত্তৰ-মধ্য এণ্ডিজত অৱস্থিত। এই অঞ্চলটো এসময়ত ইয়াত বাস কৰা লোকসকলৰ বাবে এটা ধৰ্মীয় আৰু প্ৰশাসনিক কেন্দ্ৰ আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ