সদৌ অসম ছাত্ৰ সন্থা চমুকৈ ‘আছু’ৰ অসমৰ জাতীয় জীৱনত থকা প্ৰভাৱৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।বিভিন্ন সময়ত আছুক লৈ যিদৰে বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে, সেইদৰে সংগঠনটোৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্নৰো উদ্ৰেক নোহোৱাকৈ থকা নাই। ১৯৭৯ চনৰ পৰা আছুৰ নেতৃত্বত অসমত ছবছৰীয়া আন্দোলন চলিছিল। এই আন্দোলনত অসমৰ আটাইবোৰ দল-সংগঠন আৰু জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ অন্তত স্বাক্ষৰিত হৈছিল অসম চুক্তি। ১৯৮৫ চনৰ ১৫ আগষ্টৰ পুৱতি নিশা স্বাক্ষৰিত হোৱা অসম চুক্তি আজিলৈকে ৰূপায়িত নহ’ল। চুক্তি ৰূপায়ণৰ বাবে আছুৱে আন এটা আন্দোলন কৰিবলগীয়া হৈছে।
অসম চুক্তি ৰূপায়ণেই অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ একমাত্ৰ পথ বুলি আছুৱে দাবী কৰে। অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোক অগপ আৰু কংগ্ৰেছে দুটা ভিন্ন দৃষ্টিকোণেৰে চাই আহিছে। অগপৰ ১০ বছৰীয়া শাসনত অসম চুক্তি ৰূপায়িত নহ’ল। অৱশ্যে এতিয়া আমি এটা কথা স্বীকাৰ কৰো, চুক্তিৰ মূল বিষয় অবৈধ বিদেশী বহিষ্কৰণত অগপ ব্যৰ্থ হ’লেও আঞ্চলিক দলটোৰ ১০ বছৰীয়া শাসনত আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, নুমুলিগড় শোধনাগাৰ অসমে পাবলৈ সক্ষম হৈছিল। ইয়াৰ বাহিৰে কেন্দ্ৰৰ দেৱগৌড়া আৰু অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ সদিচ্ছাৰ বাবে অসমে ৯০:১০ অনুপাতত কেন্দ্ৰীয় পুঁজি লাভ কৰিছিল।
ৰাজীৱ গান্ধীয়ে অসম চুক্তি সম্পাদনত প্ৰধান ভূমিকা লৈছিল। সেই হিচাপে অসমৰ কংগ্ৰেছ চৰকাৰে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰিলে। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰৰ পাছত অসমত কুৰি বছৰ কংগ্ৰেছ ক্ষমতাত আছিল। এই কুৰি বছৰৰ পাঁচ বছৰ হিতেশ্বৰ শইকীয়া আৰু ১৫ বছৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো অসম চুক্তিৰ আধাৰত সমাধানৰ বাবে কোনো পদক্ষেপ কিয় নল’লে? তৰুণ গগৈ চৰকাৰৰ দিনত চুক্তি ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতিত আছুৱে ত্ৰিপাক্ষিক বৈঠকতো অংশ লৈছিল।
২০১৬ চনত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ সময়ত অসম চুক্তি ৰূপায়ণ আৰু বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ বিষয়টো বিজেপিয়ে নতুনকৈ তুলি ধৰিছিল। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনক লৈ অসমত মেৰুকৰণৰ সৃষ্টি কৰা হৈছিল। কংগ্ৰেছে মুছলিম প্ৰব্ৰজনক উৎসাহিত কৰাৰ অভিযোগ তুলি অসমক বাংলাদেশৰ লগত চামিলকৰণৰ চেষ্টা চলাৰ অভিযোগ বিজেপিৰ তৰফৰ পৰা উত্থাপন কৰিছিল। বিজেপিয়ে নিজকে লাচিত হিচাপে প্ৰক্ষেপ কৰি শৰাইঘাটৰ শেষ ৰণত মোগল অৰ্থাৎ কংগ্ৰেছক পৰাস্ত কৰিবলৈ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছিল। ৰাজ্যত এক আবেগিক পৰিৱেশ সৃষ্টি কৰি তোলা হৈছিল। অসমীয়াৰ দুখত, অবৈধ বাংলাদেশীৰ আগ্ৰাসনত জাতি প্ৰেমত হিমন্ত বিশ্ব শৰ্মা ইমান বেছি আবেগিক হৈ পৰিছিল যে নিৰ্বাচনী সমাৱেশত শৰ্মা উচুপি উঠিছিল।
একেটা সমস্যাক বিজেপিয়ে নতুন ধৰণে অসমৰ ৰাইজৰ সন্মুখত উত্থাপন কৰি ক্ষমতা দখলৰ বাট সহজ কৰি লৈছিল। দিল্লী-দিছপুৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনৰ ক্ষমতাৰ অংশীদাৰ হৈ আছে অগপ। আমি সকলোৱে লক্ষ্য কৰিছো যে দুয়োখন চৰকাৰৰ অংশীদাৰ হোৱাৰ পাছতো অগপই অসম চুক্তি ৰূপায়ণৰ কোনো দাবী আনুষ্ঠানিকভাৱে উত্থাপন কৰা নাই। বৰ্তমান অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্যনিৰ্বাহ কৰি আছে। চুক্তি ৰূপায়ণৰ বাবে ইয়াতকৈ দ্বিতীয়জন উপযুক্ত লোক সোণোৱাল মন্ত্ৰীসভাত নাই। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, উপদেষ্টা হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰা সোণোৱালৰ মুখতে তেতিয়া অসম চুক্তি ৰূপায়ণৰ দাবী উত্থাপিত হৈছিল। সোণোৱালে চুক্তি ৰূপায়ণ নকৰাৰ বাবে অগপ, কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰিছিল। এতিয়া সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী। ইয়াৰ পাছত অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাৰ অৰ্থ হ’ল- হয় সোণোৱালৰ আগ্ৰহ নাই, নতুবা চুক্তিখন যথাৰ্থতে ৰূপায়ণ অসম্ভৱ। অসম চুক্তি সোণোৱালে ৰূপায়ণ কৰিব নোৱৰাৰ পাছত এটা সিদ্ধান্তলৈ আহিব পাৰি যে বিজেপিয়ে বা সোণোৱালে ইয়াৰ বাবে প্ৰফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈক সমালোচনা কৰাৰ অধিকাৰ হেৰুৱাইছে।
‘কা’ আন্দোলনৰ পিঠিত উঠি আছুৱে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছিল। এই ছেপ্টেম্বৰৰ পৰাই নতুন দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। আছুৱে নতুন ৰাজনৈতিক দল গঠনৰ জৰিয়তে অসমত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তৰ কথা কৈছে।
অসম চুক্তি ৰূপায়ণেই মূল উদ্দেশ্য আৰু অসমৰ ৰাইজ আমাৰ হাইকমাণ্ড বুলি কৈ অতুল বৰাই ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ পৰা ভোট বিচাৰিছিল। বিজেপিক উদ্দেশ্য কৰি অগপ সভাপতি বৰাই ঘোষণা কৰিছিল যে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দাদাগিৰি অগপই মানি নলয়। এইদৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অতুল বৰাই ঘোষণা কৰি থকাৰ সময়ত কেশৱ মহন্তই নতুন দিল্লীত বিজেপিৰ লগত বুজাবুজি কৰিবলৈ বোন্দাপৰ দি আছিল। অসমৰ ৰাইজেই হাইকমাণ্ড বুলি কোৱা অগপই এতিয়া ‘কা’ বিৰোধ কৰিও বিজেপিক সমৰ্থন কৰিছে। ঠিক জুবিন গাৰ্গৰ দৰে। মুখ্যমন্ত্ৰী সোণোৱাল তথা বিজেপিৰ বিৰোধ নকৰে অথচ ‘কা’ বিৰোধ কৰে। এই ক্ষেত্ৰত অতুল বৰা আৰু জুবিন গাৰ্গৰ স্থিতি একেই!
যিয়েই নহওক অগপৰ পাছত আছুৰ গৰ্ভৰ পৰা দ্বিতীয়টো আঞ্চলিক দলৰ জন্ম হ’বলৈ আগবাঢ়িছে। আছুৰ ছজনকৈ সভাপতি-সাধাৰণ সম্পাদক অগপ আৰু বিজেপিৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু বিধায়ক হৈ আছে। এওঁলোকে অসমৰ মানুহৰ আবেগ-অনুভূতিক সন্মান জনাব নোৱাৰিলে। এতিয়া একেই আছুৰ গৰ্ভত জন্মগ্ৰহণ কৰিবলৈ লোৱা নতুন আঞ্চলিক দলটোক লৈ কাৰোবাৰ মনত উৎসাহ জন্মিব পাৰে! এয়া স্বাভাৱিক। সামগ্ৰিকভাৱে অসমীয়া মানুহৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা এই দলটোৰো শ্ল’গান হৈ বিজেপিৰ গাত ভেজা দি অগপৰ দৰে নেতা-মন্ত্ৰী হোৱাৰ কচৰৎ নচলিব বুলি কোন সতেৰে মানি ল’ম বাৰু!
অসম চুক্তিক সম্পূৰ্ণভাৱে নস্যাৎ কৰাৰ পাছতো অতুল বৰা, কেশৱ মহন্ত বিজেপিৰ লগত আছে। বিজেপিয়ে নিবিচৰা সত্ত্বেও অতুল বৰা আৰু কেশৱ মহন্তই সিদ্ধান্ত লৈছে যে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন পৰ্যন্ত অগপই বিজেপিৰ স’তে মিত্ৰতা ছেদ নকৰে। এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত অগপই কিয় ল’বলগীয়া হ’ল? অগপ নেতাসকলৰ যে কোনো ধৰণৰ আত্মবিশ্বাস নাই, সেইটো ইয়ে প্ৰমাণ কৰে। বিজেপিৰ দয়াৰ ওপৰত নিৰ্ভৰশীল হৈ ৰাজনীতি কৰাৰ যি পৰম্পৰা অগপই আৰম্ভ কৰিলে, ইয়াৰ দ্বাৰা আঞ্চলিক দলটোৰ চৰিত্ৰ সলনি হ’ল।
আছুৱে গঠন কৰিবলগীয়া নতুন আঞ্চলিক দলটোৰ ক্ষেত্ৰত এটা কথাত গুৰুত্ব দিব লাগিব, সেয়া হ’ল কেৱল ১৪-১৫টা বিধানসভা সমষ্টিত নিজৰ অস্তিত্ব ধৰি ৰখাৰ সলনি বি টি এ ডি, কাৰ্বি আংলং, ডিমা হাছাও, বৰাক উপত্যকাতো জাতি জনগোষ্ঠী সমূহৰ অধিকাৰৰ নিচান উৰুৱাবলৈ চেষ্টা কৰক। আঞ্চলিকতাবাদ বা জাতীয়তাবাদ মানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইটামান সমষ্টি আৰু অতুল বৰা, কেশৱ মহন্তৰ ৰাজনৈতিক স্বাৰ্থক নুবুজায়। জাতীয়তাবাদ মানে অসমৰ সৰু-বৰ আটাইবোৰ জাতি জনগোষ্ঠীৰ আশা-আকাংক্ষা, স্বাভিমানক প্ৰতিফলিত কৰাৰ লগতে সকলোৱে সন্মান আৰু আদৰ পাব লাগিব। আছু স্বয়ম্ভূ অভিভাৱক হোৱাৰ সলনি সকলো জাতি-জনগোষ্ঠীক সন্মান আৰু মৰ্যাদা দি তেওঁলোকৰ মনৰ কথাবোৰ ক’বলৈ বিচাৰিলে ৰাজ্যখনত জাতি-জনগোষ্ঠীসমূহৰ নিজাকৈ যিবোৰ ছাত্ৰ সংগঠনৰ জন্ম হৈছে, সেইবোৰৰো গুৰুত্ব হ্ৰাস পাব। এই দিশটোৰ প্ৰতি আছুৱে গুৰুত্ব দিয়ক। প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা শংকৰ প্ৰসাদ ৰায়লৈকে আছুৱে যিবোৰ ভুল কৰিলে, সেইবোৰৰ যাতে পুনৰাবৃত্তি নহয়! আছু মানে অসমীয়া মধ্যবিত্ত আৰু বৰ্ণহিন্দু অসমীয়াৰ সংগঠন নহয়। এই ধাৰণা কেউপিনে বিয়পাই দিয়ক। তেতিয়াহে নতুন দলটোৱে অসমৰ আটাইবোৰ জাতি-জনগোষ্ঠীক সামৰি লোৱাত সফল হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















