ৰক্ষকেই যেন ভক্ষক! অৰ্থাৎ অসম আৰক্ষীৰ বিৰুদ্ধে উঠি অহা আটাইতকৈ ডাঙৰ অভিযোগটোৱেই হৈছে ৰক্ষকেই ভক্ষক৷
অসম আৰক্ষীৰ বিৰুদ্ধে থকা এই চিৰন্তন অভিযোগক পুনৰ সত্যতা প্ৰমাণ কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে এগৰাকী আৰক্ষী বিষয়া৷
ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগত এইবাৰ দৰং জিলাৰ খাৰুপেটীয়াৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ হৈছে৷
লগতে পঢ়ক ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?
অভিযোগ অনুসৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই ভুৱা গোচৰ ৰুজু কৰি এজন শিক্ষক আৰু এজন চিকিৎসকক আটক কৰি দুয়োজনৰ পৰাই ৫ লাখ টকা লৈছিল৷ প্ৰকাশিত খবৰ মতে আৰক্ষী বিষয়াজনে ধূলা থানাত কৰ্মৰত অৱস্থাত এই কাণ্ড সংঘটিত কৰিছিল৷
পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা। উক্ত ঘটনা আৰক্ষী বিষয়া উৎপল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
JJM আঁচনিৰ পাইপ চুৰিৰ এক ভুৱা গোচৰত লোক দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৫ লাখ টকা বিচাৰিছিল উৎপল বৰাই। বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















