ৰণবীৰ সিঙৰ NUDE ফটোশ্বুটে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে বলিউদৰ তাৰকাগৰাকীৰ বিৰুদ্ধে এই সংক্ৰান্তীয় গোচৰৰো ৰুজু কৰা হৈছে৷
ফ’টোশ্বুটটৰ সময়ত অভিনেতাগৰাকীয়ে নিজেও চাগে কল্পনাই কৰিব পৰা নাছিল যে তেওঁৰ এই কাণ্ডই সমগ্ৰ দেশতে ইমান বেছি বিতৰ্কৰ সৃষ্টি কৰিব!
কিন্তু এতিয়া প্রশ্ন হ’ল, ক’ত শ্বুট কৰা হৈছিল? কোনে শ্বুট কৰিছিল? কেতিয়া কৰা হ’ল আৰু কিমান দিনত সম্পূৰ্ণ হ’ল?
লগতে পঢ়ক আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!
এই ফটোশ্বুটৰ বাবে ৰণবীৰ সিং বিদেশলৈ গৈছিল নেকি? কোনজন ফটোগ্ৰাফাৰে তেওঁৰ এই ফ’টোবোৰ ক্লিক কৰিছিল? যদি আপোনাৰ মনতো এই সকলোবোৰ প্ৰশ্ন উদয় হৈছে তেনে আজি আপোনালোকক এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ এই প্ৰতিবেদতে পাব।
ৰণবীৰ সিঙৰ নগ্নফ’টোশ্বুট কৰা ফ’টোগ্ৰাফাৰগৰাকী কোন জানেনে? সেই ফটোগ্ৰাফাৰগৰাকী হ’ল আশীষ শ্বাহ৷ ফ’টোগ্ৰাফাৰ আশীষ শ্বাহে ৰণবীৰৰ নগ্ন ফ’টোসমূহ ক্লিক কৰিছিল।
১০ ইটাইমছে কথোপকথনত আশীষ শ্বাহে এই ফটোশ্বুটৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁ কয় যে ৰণবীৰৰ এই শ্বুটটো কৰিবলৈ তেওঁক প্ৰায় ৩ ঘণ্টা সময় লাগিছিল।
লগতে পঢ়ক লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?
যেতিয়া তেওঁক সোধা হৈছিল যে ইমান আলোচনা হৈ থকা ছবিখন শ্বুট কৰাটো কাৰ ধাৰণা আছিল? ইয়াৰ উত্তৰত তেওঁ কয় যে এয়া মোৰ আৰু ৰণবীৰ সিঙৰ দুয়োৰে সিদ্ধান্ত। এটা ডিমাণ্ডিং শ্বুট আছিল কাৰণ তেওঁ এটা নিৰ্দিষ্ট শৰীৰৰ আকৃতিত থাকিব লাগিছিল আৰু মই তেওঁক বেলেগ ভংগীমাত দেখুৱাব বিচাৰিছিলো।
এই ফটোশ্বুটটো ক’ত আছিল? ফটোগ্ৰাফাৰ আশীষ শ্বাহে জনোৱা মতে, এই শ্বুটিং বিদেশত নহয় মুম্বাইৰ বান্দ্ৰাৰ মেহবুব ষ্টুডিঅ’তহে কৰা হৈছিল।
লগতে পঢ়ক অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!
বাৰ্তালাপত তেওঁ লগতে কয় যে এই ফটোশ্বুটক ৰণবীৰে অতি স্বাভাৱিকভাৱে সহযোগিতা কৰিছিল, ইয়াৰ বাবে তেওঁৰ কোনো সংকোচ বা লাজ কৰা নাছিল।
আশীষ শ্বাহে কয় যে ৰণবীৰে তাত অৰ্থাৎ ফ’টোশ্বুট কৰা ঠাইত এই ফ’টোবোৰ চাব পৰা নাছিল। কাৰণ তেওঁৰ এই ফ’টোবোৰ ফিল্মৰ কেমেৰাৰ দ্বাৰা লৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ