কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি চমুকৈ ইউ আই ডি এ আই-এ প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে।
ইউ আই ডি এ আইৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা আৰু এই আধাৰ কাৰ্ডবোৰ বেছিকৈ অপৰাধমূলক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গতিকে চৰকাৰৰ সন্মতি সাপেক্ষে এই সিদ্ধান্ত লোৱা হৈছে।
চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ডৰ সৈতে জড়িত জালিয়াতি ৰোধ কৰাৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডেমোগ্রাফিক মেচিং প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে, নতুন নাম পঞ্জীয়ন কৰিলে বায়’মেট্ৰিক মেচিং এতিয়া বাধ্যতামূলক কৰা হৈছে। ফ’টোও এই সময়ৰ পৰা বাধ্যতামূলক কৰা হৈছে।
লগতে পঢ়ক ‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?
আপুনি কেনেকৈ জানিব যে আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত হয় নে নহয়?
১. ইউ আই ডি এ আইৰ অফিচিয়েল ৱেবছাইটলৈ যাওক (https://resident.uidai.gov.in/offlineaadhaar)৷
২. ইয়াৰ পিছত ‘Aadhaar Verify’ বিকল্প নিৰ্বাচন কৰক।
৩. এইবাৰ আপোনাৰ ১২ অংকৰ আধাৰ নম্বৰ বা ‘ভাৰ্চুৱেল আইডি’ দিয়ক।
লগতে পঢ়ক প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?
৪. নম্বৰটো টাইপ কৰাৰ পিছত স্ক্ৰীণত প্ৰদৰ্শিত ছিকিউৰিটি ক’ডটো দি ৱান টাইম পাছৱৰ্ড বা OTP ৰ অনুৰোধ কৰক।
৫. আপোনাৰ পঞ্জীয়ন কৰা মোবাইল নম্বৰত OTP প্ৰেৰণ কৰা হ’ব। সেই OTTP ৱেবচাইটত দিয়ক।
৬. ইয়াৰ পিছত ৱেবচাইটত এটা নতুন পেজ খোল খাব য’ত লিখা থাকিব আপোনাৰ আধাৰ নম্বৰ বৈধ নে নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ