অসম লাইভ ২৪ঃ নগৰবেৰাৰ পাশ্বৱৰ্তী শিমলাবাৰীত পুনৰ সংঘটিত হ’ব সভ্য সমাজক লজ্জানত কৰাৰ ঘটনা৷ নিজ পিতৃৰ কামনাৰ বলি হ’বলগীয়া হ’ল এগৰাকী নাবালিকা কন্যা৷ গোৱালপাৰাৰ বদলামাৰীৰ আমিৰ আলীয়ে সংঘটিত কৰে এই জঘন্য কাণ্ড৷ আমিৰ আলীৰ আছে দুগৰাকীকৈ পত্নী, ৬টা সন্তান৷ শিমলাবাৰীত থাকে আমিৰৰ দ্বিতীয় পত্নী৷
মঙলবাৰে দ্বিতীয় পত্নীৰ ঘৰলৈ আহিছিল আমিৰ আলী৷ কিন্তু নিশা ভয়-ভাবুকিৰে নিজ কন্যাক নিজৰ কামনা চৰিতাৰ্থ পূৰণৰ লক্ষ্য কৰি লয় আমিৰে৷ কিন্তু দিন বেয়া আছিল আমিৰৰ৷ ৰাইজে হাতে-লোটে ধৰে পাষণ্ড আমিৰক উত্তম-মধ্যম শোধায়৷ তাৰ পিছত চেণ্ডেলৰ মালা পিন্ধাই আৰক্ষীক গতাই দিয়ে৷ দুগৰাকী পত্নী ৬টাকৈ সন্তান থকাৰ পাছতো নিজৰ কন্যাৰ সৈতে সংঘটিত কৰা এনে জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল৷ আমিৰ আলীক উচিত শাস্তিৰ দাবীত ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ