আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস৷ আজিৰ পৰা ৭৬ টা বছৰৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতৰে গ্ৰেট ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰিছিল৷
ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষ্যে প্ৰতিবছৰেই লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰি বন্দুকৰ গৰ্জনেৰে জাতীয় পতাকাক প্ৰণাম তথা অভিবাদন জনায়৷ এইবাৰো বন্দুকৰ গুলী ফুটাই দেশৰ স্বাভিমানৰ প্ৰতীক জাতীয় পতাকা বন্দুকৰ গুলী ফুটাই ৰাজকীয়ভাৱে অভিবাদন জনোৱা হয়৷
কিন্তু এইবাৰ অৰ্থাৎ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষ্যে লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলনৰ সময়ত প্ৰথমবাৰ বাবে স্বদেশত নিৰ্মিত বন্দুকৰ গৰ্জনেৰে জাতীয় পতাকাক অভিবাদন জনোৱা হয়৷ উল্লেখ্য যে যোৱা ৭৫ টা বছৰে লালকিল্লাত ব্ৰিটিছ নিৰ্মিত বন্দুকৰ গৰ্জনেৰে জাতীয় পতাকা অভিবাদন জনোৱা হৈছিল৷
লগতে পঢ়ক ৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা
এইবাৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে দেশজুৰি ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰা হৈছে৷ ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গানক সাকাৰ কৰি লালকিল্লাত উৰি থকা ত্ৰিৰংগা পতাকাৰ সন্মুখত প্ৰথমবাৰৰ বাবে গৰ্জন কৰিলে ভাৰত নিৰ্মিত বন্দুকে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণতো এই কথা উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়, আমি সদায় শুনিব বিচৰা মাতটো শুনিলো, ৭৫ বছৰৰ পাছত৷ ৭৫ বছৰৰ পাছত ভাৰতত নিৰ্মিত বন্দুকৰ জৰিয়তে আমাৰ ত্ৰিৰংগা পতাকাখনে লালকিল্লাত আনুষ্ঠানিকভাৱে অভিবাদন লাভ কৰিছে।
আনুষ্ঠানিক পতাকা অভিবাদন জনোৱাৰ সময়ত ব্যৱহাৰ কৰা দেশত নিৰ্মিত হাউইটজাৰ বন্দুকটো প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই।
লগতে পঢ়ক অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান বাস্তৱায়িত কৰাৰ বাবে সশস্ত্ৰ বাহিনীৰ জোৱানসকলকো অভিনন্দন জনায়। তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানে মোৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন যিদৰে বাস্তৱায়িত কৰিছে, তাৰ বাবে মই জোৱানসকলক হৃদয়ৰ পৰা অভিনন্দন জনাব বিচাৰিছো।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদেশৰ পৰা আৰু ৩০০ প্ৰতিৰক্ষা সঁজুলি আমদানি কৰা নহ’ব। প্ৰধানমন্ত্ৰী মোদীয়েও এই সিদ্ধান্তক শলাগ লয়। তেওঁ কয় যে মই দেখিছো যে তেওঁলোকৰ বিশ্বাসত আত্মনিৰ্ভৰশীল ভাৰতৰ বীজ সিঁচিছে, যি আগন্তুক দিনত সমৃদ্ধিলৈ বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















