১৯৪৭ চনৰ ১৫ আগষ্টত ইম্পেৰিয়েল ব্ৰিটিছৰাজৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা দিন হিচাপে স্মৰণ কৰাৰ লগতে স্বাধীনতা দিৱস পালন আৰু উদযাপন কৰি আহিছে। কিন্তু আপুনি জানেনে ১৫ আগষ্টত স্বাধীনতা লাভ কৰা বিশ্বৰ একমাত্ৰ দেশ কেৱল ভাৰতেই নহয়।
১৫ আগষ্টত ভাৰতৰ লগতে স্বাধীনতা লাভ কৰা বিশ্বত আৰু পাঁচখন ৰাষ্ট্ৰ আছে৷ ১৫ আগষ্টত স্বাধীনতা লাভ কৰা আন পাঁচখন দেশ হৈছে ক্ৰমে দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া, দ্য ৰিপাব্লিক অৱ কংগো, বাহৰেইন, আৰু লিচেনষ্টেইন৷
উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া
দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানী ঔপনিৱেশিক শাসনৰ অন্ত পেলাই কোৰিয়ান উপদ্বীপে ১৯৪৫ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে৷ সেয়ে ১৫ আগষ্ট দিনটোক কোৰিয়া জাতীয় মুক্তি দিৱসৰূপে পালন কৰা হয়৷ অৱশ্যে ১৯৪৫ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলেও ১৯৪৮ চনতহে কোৰিয়ান জাতীয় চৰকাৰ গঠন কৰা হয়৷ কোৰিয়ান জাতীয় চৰকাৰ গঠনৰ পিছতে ১৫ আগষ্টৰ দিনটোক Gwangbokjeol অৰ্থাৎ পোহৰৰ পুনৰুদ্ধাৰৰ দিন বুলিও ঘোষণা কৰা হয়। অৱশ্যে স্বাধীনতা দিৱসৰ লগতে উত্তৰ আৰু দক্ষিণ কোৰিয়া দুয়োখন দেশেই ‘জাপানৰ ওপৰত বিজয় দিৱস’ৰ স্মৃতিত ‘কোৰিয়াৰ ৰাষ্ট্ৰীয় মুক্তি দিৱস’, একমাত্ৰ সাধাৰণ জাতীয় বন্ধৰ দিন’ পালন কৰে।
লগতে পঢ়ক আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন
ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো
১৫ আগষ্টত কংগো গণতান্ত্ৰিক ৰিপাব্লিকে স্বাধীনতা লাভ কৰে।১৯৬০ চনৰ আজিৰ দিনটোতে ৮০ বছৰ ধৰি পৰাধীন হৈ থকাৰ পিছত দেশখন ফ্ৰান্সৰ পৰা সম্পূৰ্ণ স্বাধীন হয়। এই দিনটোক ‘কংগোৰ ৰাষ্ট্ৰীয় দিৱস’ বুলিও কোৱা হয়।
বাহৰেইন
বাহৰেইনৰ জনসংখ্যাৰ ওপৰত ৰাষ্ট্ৰসংঘই কৰা এক সমীক্ষাৰ পিছত ১৯৭১ চনৰ ১৫ আগষ্টত বাহৰেইনে ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ পৰা স্বাধীনতা ঘোষণা কৰে। ইয়াৰ পিছত দেশখনে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব চুক্তিত স্বাক্ষৰ কৰে, যাৰ ফলত পূৰ্বৰ চুক্তিৰ অন্ত পৰে।
কিন্তু ১৯৬০ চনৰ আৰম্ভণিতে ব্ৰিটিছসকলে ছুৱেজৰ পূব দিশত নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে ১৪ আগষ্টতেই বাহৰেইনে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা প্ৰকৃত তাৰিখ যদিও দেশখনে সেই তাৰিখটো উদযাপন বা চিহ্নিত কৰা নাই।
লিচেনষ্টেইন
বিশ্বৰ ষষ্ঠ ক্ষুদ্ৰতম দেশ লিচেনষ্টাইনে ১৫ আগষ্টত জাৰ্মানীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাৰ স্বাধীনতা উদযাপন কৰে। মাত্ৰ ৬২ মাইল ব্যাসাৰ্দ্ধ আৰু ৩৮,৭৪৯ জমসংখ্যা বিশিষ্ট ইউৰোপৰ চতুৰ্থতম ক্ষুদ্ৰ ৰাষ্ট্ৰখনে ১৯৪০ চনৰ পৰা ১৫ আগষ্টটো ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰি আহিছে। অৱশ্যে ১৯৯০ চনতহে ইয়াক চৰকাৰী ৰাষ্ট্ৰীয় দিৱস হিচাপে প্ৰতিষ্ঠা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ