• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

4 years ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

49 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

2 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

3 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

4 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

5 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

5 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

6 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

6 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

7 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

7 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

8 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

editor by editor
August 15, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ অঞ্জন শইকীয়াঃ প্ৰায় সকলো লোকেই, নিজ জীৱনকালত কম-বেছি পৰিমাণে পেটৰ বিভিন্ন ৰোগ বা সমস্যাত ভোগে। এনে সমস্যাৰ তালিকাখনো বেছ দীঘলীয়া। তাৰে মাজৰ এবিধ সমস্যা হৈছে-বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা চিকিৎসা বিজ্ঞানৰ ভাষাত— ইনফ্লেমেট’ৰী বাৱেল ডিজিজ(IBD)।

আজি এই লেখাত এইবিধ ৰোগৰ বিষয়েই কিছু কথা জনাবলৈ লৈছো। এই ৰোগবিধ আচলতে দুবিধ ভিন্ন ৰোগ বা সমস্যাৰ এই বহিঃপ্ৰকাশিত এক ৰূপ। এই ৰোগত অন্ত্ৰ বা বৃহদান্ত্ৰ মূলতঃ স্ফিত হয় বা ফুলে আৰু বিষ হয়। ইয়াৰ ফলস্বৰূপে শৰীৰত অন্যান্য বিভিন্ন ৰোগ বা ৰোগৰ উপসৰ্গই দেখা দিয়ে। এই ৰোগৰ ফলত পৰিপাক প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হয়। আলচাৰেটিভ ক’লাইটিছ আৰু ক্ৰ’নছ ডিজিজ- এই দুয়োবিধ ৰোগেই আইবিডি বা অন্ত্ৰৰ প্ৰদাহৰ  দুই প্ৰকাৰ, অৰ্থাৎ আইবিডিত আক্ৰান্ত হ’লে এই দুবিধ শাৰীৰিক অৱস্থাৰ সৃষ্টি হয়। এক কথাত ক’বলৈ গ’লে এইবিধ ৰোগ দীৰ্ঘস্থায়ী বা সমগ্ৰ জীৱনকালজুৰি থাকিব পৰা এবিধ ৰোগ। দৰৱে ইয়াক প্ৰশমিত কৰি ৰাখিব পাৰে বা কিছুকালৰ বাবে এই ৰোগত আক্ৰান্ত ব্যক্তিজন সম্পূৰ্ণকৈ ৰোগমুক্তও হৈ থাকিব পাৰে। পিছে এই ৰোগবিধ পুনৰাই আৰম্ভ হোৱাৰ সম্ভাৱনাই প্ৰবল। তথাপি হতাশ হ’বৰ কাৰণ নাই, কাৰণ বৰ্তমান এই ৰোগক নিৰ্মূল কৰিব পৰাকৈ অত্যাধুনিক চিকিৎসা-ব্যৱস্থাও ওলাইছে। প্ৰথমেই আলচাৰেটিভ ক’লাইটিছ আৰু ক্ৰ’নছ্ ডিজিজৰ বিষয়ে কিছু আভাস দিবলৈ লৈছো—

১. আলচাৰেটিভ ক’লাইটিছ(বৃহদান্ত্ৰত লগা ঘাঁ‌ আৰু প্ৰদাহ):- যেতিয়া এজন ব্যক্তি আলচাৰেটিভ (ঘাঁ‌ লগা) কলাইটিছত ভোগে তেতিয়া সেই ব্যক্তিজনৰ মলাশয় আৰু গুহ্যদ্বাৰৰ পাতলীয়া বাহ্যিক তৰপটো ফুলাৰ লগতে তাত ঘাঁ‌ লাগে।

২. ক্ৰ’নছ ডিজিজ:- আইবিডি বা বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগৰ এইবিধ প্ৰকাৰত আক্ৰান্ত ব্যক্তিজনৰ পাচক নলীকাৰ গভীৰ অংশবোৰৰ তৰপসমূহ ফুলিবলৈ ধৰে। ক্ৰ’নছ ডিজিজ অধিক জটিল আৰু গুৰুতৰ ৰোগ।

আইবিডি বা বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগৰ লক্ষণসমূহ মূলতঃ ইয়াৰ ফলত কিমান বেছি প্ৰদাহ হৈছে আৰু ক’ত দেখা দিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকেই লক্ষণসমূহো মৃদুৰ পৰা অত্যধিক পৰ্যায়ৰ হ’ব পাৰে। ইয়াৰ মূল লক্ষণসমূহ হৈছে—

 

লগতে পঢ়ক ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

(ক) ডায়েৰীয়া (পেটচলা বা পেটৰ অসুখ), (খ) ভাগৰুৱা অনুভৱ কৰা, (গ) পেটৰ বিষ, (ঘ) শৌচত তেজ পৰা বা গুহ্যদ্বাৰেদি হোৱা ৰক্তক্ষৰণ, (ঙ) খাদ্যৰ প্ৰতি ৰুচি কমি অহা বা আভোক লগা আৰু (চ) অনিচ্ছাকৃতভাৱে ওজন হ্ৰাস পোৱা ইত্যাদি। এই লক্ষণসমূহ সাধাৰণতে আই বি ডি ৰ দুয়োবিধ প্ৰকাৰতেই দেখা যায়।

এই ৰোগৰ কাৰণ বুলিবলৈ গ’লে পূৰ্বতে যদিওবা খাদ্যাভাষ আৰু মানসিক চাপকে মূল কাৰণ বুলি গণ্য কৰা হৈছিলে পিছে বৰ্তমান সময়ত ইয়াৰ কাৰণ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাত অহা খেলিমেলি বা বিশৃংখলতা বুলিহে মনা যায়। যদিওবা মানসিক চাপ বা উদ্বিগ্নতাৰ এক সম্পৰ্ক এই ৰোগৰ সৈতে আছে। পিছে মূল কাৰণ হৈছে— যেতিয়া কোনো এজন ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই দেহত প্ৰবেশ কৰা কোনো বেক্টেৰীয়া বা ভাইৰাচক ৰুধিবলৈ যুঁ‌জে, তেতিয়া একপ্ৰকাৰ অস্বাভাৱিক প্ৰতিৰোধকাৰীতাই পাচক নলীকাৰ কোষসমূহক আক্ৰমণ কৰিবলৈ ধৰে। ইয়াৰ ফলস্বৰূপে ব্যক্তিজন আইবিডিত আক্ৰান্ত হয়।

তদুপৰি বংশানুক্ৰমিক কাৰণতো বহুসংখ্যক লোক এই ৰোগৰ চিকাৰ হোৱা দেখা যায়। অৰ্থাৎ জন্মসূত্ৰে পৰিয়ালৰ কোনো নিকট-আত্মীয়ৰ এই ৰোগ থাকিলে তেওঁ‌ৰ এই ৰোগত ভোগাৰ সম্ভাৱনা প্ৰবল। আইবিডিত আক্ৰান্ত হোৱা ব্যক্তিসকল সাধাৰণতে ৩ বছৰ বয়সৰ আগতেই আক্ৰান্ত হয় যদিও কিছু ব্যক্তিৰ ক্ষেত্ৰত এই ৰোগ ৫০-৬০ বছৰ বয়স পৰ্যন্ত নোহোৱাকৈ থাকে। ধূম্ৰপান আৰু মদ্যপান আন দুটি মূখ্য কাৰণ এই ৰোগৰ। আন লোকৰ তুলনাত ধূম্ৰপায়ী বা সুৰাপায়ী ব্যক্তি এজন সহজেই এই ৰোগত আক্ৰান্ত হয়।

এতিয়া আহিছো এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত অহা জটিলতা আৰু এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত হ’ব পৰা আন কিছুমান ৰোগৰ কথালৈ। তেনে কেইবিধমান ৰোগৰ বিষয়ে তলত উল্লেখ কৰিছো—

১. ক’লন কেন্সাৰ বা মলাশয়ৰ কৰ্কটৰোগ:- আলচাৰেটিভ ক’লাইটিছ বা ক্ৰ’নছ ডিজিজত দীৰ্ঘকাল ভোগাৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ মলাশয় আটাইতকৈ বেছিকৈ প্ৰভাৱান্বিত বা ক্ষতিগ্ৰস্ত হয় আৰু ইয়াৰ ফলতেই মলাশয়ৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই। সাধাৰণতে এজন ব্যক্তি আইবিডিত আক্ৰান্ত হোৱাৰ ৮ ৰপৰা ১০ বছৰৰ পিছতহে কৰ্কটৰোগত আক্ৰান্ত হোৱা দেখা যায়।

২. প্ৰাইমেৰী স্কেল’ৰ’জিঙ ক’লাঞ্জাইটিছ:- আইবিডিৰ বাবে হোৱা প্ৰদাহ বা স্ফিতিৰ ফলত বাইল ডাক্ট বা পিত্তনলীডালত ঘাঁ‌ লাগিবলৈ আৰম্ভ কৰে আৰু ক্ৰমশঃ এই নলীডাল ঠেক হৈ পৰিবলৈ ধৰে। যাৰফলত পৰৱৰ্তী সময়ত লিভাৰ বা যকৃত নষ্ট হ’বলৈ ধৰে।

 

লগতে পঢ়ক মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

৩. তেজ গোট মৰা:- আইবিডিত আক্ৰান্ত হৈ থকাৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ সীৰা আৰু ধমনীত তেজৰ গোট মৰা চোকোৰা জমা হ’বলৈ ধৰে যিয়ে অন্য কিছু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪. বাৱেল অবষ্ট্ৰাকচন বা অন্ত্ৰত অহা বাধা:- আইবিডিৰ এক প্ৰকাৰ ক্ৰ’নছ ডিজিজত ভূগি থকাৰ ফলত অন্ত্ৰৰ বেৰখনৰ গাঢ়তাত প্ৰভাৱ পৰে। আৰু সময় বঢ়াৰ লগে লগে অন্ত্ৰৰ অংশসমূহ আৰু গাঢ় হৈ ঠেক হৈ পৰে যাৰফলত পাচক পদাৰ্থসমূহৰ গতি বাধাপ্ৰাপ্ত হয় আৰু দেহত জটিলতাৰ সৃষ্টি হয়। ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে অন্ত্ৰৰ অংশবিশেষৰ অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ’ব পাৰে।

৫. প্ৰাইমেৰী স্কেল’ৰ’জিঙ ক’লাঞ্জাইটিছ:- আইবিডিৰ বাবে হোৱা প্ৰদাহ বা স্ফিতিৰ ফলত বাইল ডাক্ট বা পিত্তনলীডালত ঘাঁ‌ লাগিবলৈ আৰম্ভ কৰে আৰু ক্ৰমশঃ এই নলীডাল ঠেক হৈ পৰিবলৈ ধৰে। যাৰফলত পৰৱৰ্তী সময়ত লিভাৰ বা যকৃত নষ্ট হ’বলৈ ধৰে।

৬. অপুষ্টি:- ডায়েৰীয়া, পেটৰ বিষ আদিত ভূগি থকাৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ স্বাভাৱিক খোৱা-বোৱা প্ৰভাৱান্বিত হয়। ইয়াৰ ফলত শৰীৰে খাদ্যৰ পৰা পাবলগীয়া পৰ্যাপ্ত পুষ্টি নেপাই আৰু শৰীৰ দুৰ্বল হ’বলৈ ধৰে। লগতেই তেজত হিম’গ্ল’বিন আৰু ভিটামিন বি-১২ ৰো অভাৱ ঘটিবলৈ ধৰে।

৭. ট’ক্সিক মেগাক’লন:- এইবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ খুব বেছি নহয় যদিও, এইবিধ ৰোগ জটিল আৰু প্ৰাণঘাতী পৰ্যন্ত হ’ব পাৰে। দীৰ্ঘকাল আইবিডিত ভোগাৰ ফলত মলাশয়ৰ ভিতৰখনো বৃহদান্ত্ৰৰ দৰে ফুলিবলৈ ধৰে যাৰফলত মলাশয়ৰ কাম-কাজ বাধাপ্ৰাপ্ত হয়। খাদ্য আৰু গেছ জমা হৈ ই ফাঁ‌টি পৰিবও পাৰে। লগতে চেপছিছ অৰ্থাৎ সংক্ৰমণৰ ফলত অংগটো একপ্ৰকাৰ পঁ‌চিবলৈ আৰম্ভ কৰে। যাৰফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে।

এতিয়া আহিছো আইবিডিৰ চিকিৎসাৰ দিশলৈ— আইবিডি বা বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে ইয়াৰ প্ৰদাহ বা স্ফিতি কম কৰা, যিয়েই বাকী লক্ষণসমূহ বৃদ্ধি কৰাৰ মূল কাৰক হৈ পৰে। স্ফিতি বা প্ৰদাহ কমাৰ সমান্তৰালকৈ এই ৰোগৰ লক্ষণ আৰু প্ৰাবল্য দীৰ্ঘকালৰ বাবে কমি থাকে। যদিহে আপুনি পৰ্যাপ্ত চিকিৎসা গ্ৰহণৰ পিছতো উপৰুক্ত লক্ষণসমূহত ভুগি থাকে, তেন্তে পলম নকৰি নিৰ্দিষ্ট বিভাগৰ চিকিৎসকৰৰ কাষ চাপক আৰু শীঘ্ৰেই চিকিৎসা আৰম্ভ কৰক। এই ৰোগ কিছু দীৰ্ঘস্থায়ী ৰোগ হ’লেও উপযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াক সমুলঞ্চে নিৰাময় কৰিব পৰাৰ উদাহৰণো বহুতো আছে। গতিকে কিছু সচেতনতা আৰু সতৰ্কতাৰ লগতে সঠিক চিকিৎসাই আপোনাকো এই ৰোগৰ পৰা মুক্ত হোৱাত সহায় কৰিব পাৰে।

 

লেখক- এমবিবিএছ, এমডি, পিএইচডি, এফআইচিপি, ডিডি এছইপি(USA), গুৱাহাটী মেট্ৰ’ হস্পিটেল, ফোনঃ- ৮৬৩৮০৬৯৭৩৪

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsIBDinflammatory bowel disease
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
Next Post
অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা  ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.