অসম লাইভ ২৪ঃ উচ্চতম ন্যায়ালায়ত অন্ত পৰিছিল অযোধ্যা বিবাদৰ। কিন্তু পুনৰ বিতর্কৰ উকমুকনি। কিছুদিন পূর্বে নেপালৰ প্ৰধানমন্ত্ৰী কেপি শর্মা অ’লিয়ে নেপালৰ বীৰগঞ্জত ৰামৰ জন্মস্থান বুলি দাবী কৰি উত্তৰ প্ৰদেশৰ অযোধ্যাক অস্বীকাৰ কৰিছিল। এই বিতর্কিত মন্তব্যৰ পাছত পুনৰ মুখ খুলিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন হৈ যোৱাৰ পাছত দেওবাৰে পুনৰ ৰাম মন্দিৰৰ বিতর্কৰ সূত্ৰপাত ঘটালে কেপি শর্মা অ’লিয়ে। চীনৰ মায়াপাশত বন্দী প্ৰধানমন্ত্ৰী অ’লিয়ে এইবাৰ নেপালত ৰাম মন্দিৰ সজা হ’ব বুলি ঘোষণা কৰে। নেপালৰ মাদিত ভগৱান ৰামৰ জন্ম হোৱা বুলি দাবী কৰি অ’লিয়ে সেই স্থানত ৰাম মন্দিৰ নির্মাণৰ সিদ্ধান্ত লৈছে। স্থানীয় প্ৰতিনিধিক মন্দিৰ নির্মাণৰ পৰিকল্পনা কৰিবলৈকো নির্দেশ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















