অসম লাইভ ২৪ঃ ‘শংকৰদেৱ গুৰু হয়নে নহয় মই নাজানো। অসমীয়া জাতিৰ গুৰু কোন? কোনেও নাজানে। ময়ো নাজানো। নতুন নতুন গুৰু ওলায়ে থাকে দেখোন। মই এটা কথাই জানো, মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মানুহ। মই কেৱল প্ৰকৃতিক বিশ্বাস কৰো।’ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে শ্ৰীমন্ত শংকৰদেৱক লৈ কৰা মন্তব্যক লৈ মুখ খুলিছে জুবিন গাৰ্গেও।
শ্ৰীমন্ত শংকৰদেৱক সাঁতোৰবিদ, মল্লযোদ্ধা অৰ্থাৎ এজন ভাল ক্ৰীড়াবিদ বুলি কোৱা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সচেতন মহল। আনহাতে শ্ৰীমন্ত শংকৰদেৱ ধৰ্ম নিৰপেক্ষ নাছিল তেওঁ এজন বিজ্ঞানীহে বুলি কোৱা মন্তব্যক লৈ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গড়মূৰ থানাত একাংশই গোচৰো ৰুজু কৰিছে। তেনে সময়তে জুবিন গাৰ্গে কৰা মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
ইপিনে অসমীয়াৰ সংজ্ঞাক লৈয়ো প্ৰশ্ন উত্থাপন কৰি জুবিন গাৰ্গে কয়, ‘অসমীয়াৰ সংজ্ঞানো কি? অসম সাহিত্য সভাই নিজেই ইংৰাজীত নিজৰ পৰিচয় ভুলকৈ লিখে। ‘স’-য়ে ‘X’ বুজাই নেকি? ‘X’-টো শুধৰাই সাহিত্যসভাই বাকী কথা কওক। গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ বিষ্ণুৰাভাই তাহানিতেই কৈ গৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ