অসম লাইভ২৪ঃ ‘আমাৰ বংশৰ এটা পৰম্পৰা আছে…’ নিপন গোস্বামী অভিনীত এখন ছবিত তেওঁৰ কণ্ঠত শুনা গৈছিল এই সংলাপ৷ ছবিখনৰ আৰম্ভনিৰ পৰা শেষলৈ নিপন গোস্বামীয়ে কৈছিল এই সংলাপ৷ পৰম্পৰাবোৰ ঠিকমতেই আছে কেৱল পুত্ৰ-বোৱাৰীৰ মূৰৰ ওপৰৰ চাদখনহে নোহোৱা হ’ল৷
শহুৰেকক হেৰুৱাই শোকত ভাঙি পৰা বোৱাৰীয়েক কিংকিনীয়ে উচুপি উচুপি বাৰে বাৰে ক’লে ছাদখন নোহোৱা হোৱাৰ কথা৷ কিংকিনীয়ে তেওঁৰ মন্তব্যত কয়, দেউতা এনেকৈ আমাক এৰি গ’লগৈ৷ আমাৰ ভয় লাগিছে, ‘সিদ্ধাৰ্থ আৰু মই বৰ অকলশৰীয়া হৈ পৰিলো৷ ঘৰৰ মুৰব্বীজনেই নোহোৱা হ’ল৷ আমাৰ প্ৰত্যেক সিদ্ধান্ত দেউতাক সুধি লৈছিলো এতিয়া আমি কাক সুধিম? দেউতা বৰ সোনকালে গ’লগৈ৷’
ইপিনে পুত্ৰ সিদ্ধাৰ্থয়ো পিতৃক হেৰুৱাই মৰ্মাহত হৈ পৰিছে৷ পিতৃক ইমান সোনকালে বিদায় দিব লাগিব বুলি কাহানিও ভাৱিবই পৰা নাছিলো বুলি মন্তব্যত উল্লেখ কৰি সিদ্ধাৰ্থই কয়, ‘দেউতা বৰ সোনকালে গ’লগৈ৷ তেওঁৰ বৰ হেপাঁহ আছিল নিজে পৰিচালনা কৰা ডঃ বেজবৰুৱা-২ খন মুকলি হোৱাৰ দিনটোলৈ৷ দেউতাৰ সেই আশা পূৰণ নহ’ল৷ প্ৰতিমুহূৰ্ততে কাৰোবাক লগ পালেই তেওঁ ছবিখনৰ কথা কৈছিল৷ দেউতা হাস্পতালত থকা সময়খিনিত অসম চৰকাৰৰ মন্ত্ৰীবৰ্গই প্ৰতিসময়তে খবৰ ৰাখিছে৷ তাৰবাবে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো৷ দেউতাক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনাব জানি ভালপাইছো৷ অসম চৰকাৰক দেউতাক দিয়া এই সন্মানৰ বাবেও ধন্যবাদ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ