অসম লাইভ ২৪ কাইলৈ অৰ্থাৎ ১ ডিচেম্বৰত বহু প্ৰত্যাশিত গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৮৯ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।
বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ সৈতে হ’ব তুমূল প্ৰতিযোগিতা।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৯ খন জিলাৰ বাবে ৭৮৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব নিৰ্বাচনত। ইয়াৰ ভিতৰত ৭০ গৰাকী মহিলা প্ৰাৰ্থীৰ লগতে ৩৩৯ গৰাকী হৈছে নিৰ্দলীয় প্ৰাৰ্থী।
আনহাতে, ৮৯ টা সমষ্টিৰ ভিতৰত ১৪ টা সমষ্টি হৈছে জনজাতীয় লোকৰ বাবে সংৰক্ষিত।
ইফালে, ২,৩৯,৭৬,৬৭০ গৰাকী ভোটাৰৰ ভিতৰত ১,২৪,৩৩,৩৬২ গৰাকী হৈছে পুৰুষ ভোটাৰ, একেদৰে ১,১৫,৪২,৮১১ গৰাকী হৈছে মহিলা ভোটাৰ, আনহাতে ৪৯৭ গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















