অসম লাইভ ২৪ঃ সোমবাৰে সমাপ্ত পৰিল গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আগন্তুক বৃহস্পতিবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল। নিৰ্বাচনী ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ সৈতে সময় কটোৱাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। দীৰ্ঘদিন ধৰি গুজৰাট নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী। শেহতীয়াভাৱে কিছু আজৰি হোৱাত গুজৰাটৰ গান্ধীনগৰত মাতৃক দেখা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ৫২ চেকণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে মাতৃ হীৰাবেন মোদীয়ে পুত্ৰ নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে।
মাতৃক লগ কৰিবলৈ যোৱাৰ সময়ত মোদীয়ে পৰিধান কৰিছিল সেউজীয়া পাঞ্জাৱী আৰু কমলা ৰঙী এখন শ্বল। মাতৃৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত দেখা গৈছে সুখৰ হাঁহি। কিন্তু নেটিজেনে মাতৃৰ সৈতে ল’গ কৰাৰ সময়ত মোদীয়ে পৰিধান কৰা কাপোৰক লৈ চৰ্চা কৰিছে। একাংশই প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃক লগ কৰিবলৈ যাওঁতে ডিঙিত লোৱা শ্বলখনৰ দামক লৈয়ো চৰ্চা কৰিছে। বহুতেই তেওঁ ডিঙিত লৈ থকা শ্বলখনৰ দাম প্ৰায় ১ লাখ ৪০ হাজাৰ বুলিও প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে বিগত ২৭ বছৰ ধৰি গুজৰাট বিজেপিৰ দখলত আছেষ এইবাৰো ক্ষমতা বিজেপিৰ হাতলৈকে যাব বুলি দাবী কৰিছে বিজেপিৰ প্ৰায়সমূহ নেতা কৰ্মীয়েই। এই নিৰ্বাচনী প্ৰচাৰত ওতপ্ৰোতভাৱে জড়িত হৈ আছে প্ৰধানন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়সমূহ হাইপ্ৰফাইল নেতা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। আগন্তুক ৮ ডিচেম্বৰত মোদীৰ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা হ’ব। আনহাতে প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই বিভিন্ন কামৰ মাজে মাজে নৰেন্দ্ৰ মোদীয়ে মাতৃক সাক্ষাৎ কৰি আহিছে। জন্মদিন, লোকসভা নিৰ্বাচনকে ধৰি তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিনসমূহত মাতৃৰ সৈতে সময় অতিবাহিত কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ