অসম লাইভ ২৪ঃ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে ৰাজ্যৰ জ্যেষ্ঠ তথা জনপ্ৰিয় সাংবাদিক অতনু ভূঞাই৷ ৰাজ্যৰ টেলিভিছন ইতিহাসত নৱ সংযোজন NB Newsক এক নতুন গতি প্ৰদান কৰিব বুলি আশাবাদী সকলো৷
অসম লাইভ ২৪ৰ নৱতম সংযোজন ছেটেলাইট চেনেল NB NEWS৷ বৰ্তমান পৰীক্ষামূলক সম্প্ৰচাৰ হৈ থকা NB NEWS য়ে নতুন প্ৰতিশ্ৰুতি, নতুন আশা লৈ দৰ্শকৰ কাষ চাপিছে৷ NB NEWSৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈছে সংবাদ মাধ্যমৰ অন্যতম মহাৰথী অতনু ভূঞাই৷ অসমৰ সাংবাদিকতাৰ জগতত নতুন নতুন ধাৰাৰ সৃষ্টিৰে যুগ সৃষ্টি কৰা সাংবাদিক অতনু ভূঞাই সোমবাৰে আনুষ্ঠানিকভাৱে চেনেলটোৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ভূঞাক ফুলাম গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনায় NB NEWSৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে৷
মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অতনু ভূঞাই কয়, ‘অসমত এতিয়া কেইবাটাও ছেটেলাইট চেনেল আছে৷ এই চেনেলসমূহৰ মাজত নিজা পৰিচয় দাঙি ধৰিবলৈ হ’লে ব্যতিক্ৰমীৰূপে আগবাঢ়িব লাগিব৷’ যুৱ সাংবাদিকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অতনু ভূঞাই লগতে কয়, ‘নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ সৈতে কাম কৰিবলৈ ময়ো আগ্ৰহী৷ তেওঁলোকে উছাহেৰে কামসমূহ আগবঢ়াই নিয়ে৷’
নতুনত্বই যেন অতনু ভূঞাৰ বৈশিষ্ট৷ নতুন নতুন ধাৰা তেওঁ সংযোজন কৰিব খোজে৷ নতুনত্বৰেই, অসমৰ বাতৰি কাকত আৰু টেলিভিছন সাংবাদিকতাত আলোড়ন সৃষ্টি কৰি আহিছে অতনু ভূঞাই৷ পৰম্পৰাগত শৈলীক আঁতৰাই সদায় নতুন দিশৰ সূচনা কৰিবলৈ তেওঁ আগ্ৰহী৷ NB NEWSকো দৰ্শকৰ ওচৰত সম্পূৰ্ণ অভিনৱ আৰু ব্যতিক্ৰমী ৰূপত আগবঢ়াই নিয়াত গুৰুত্ব দিয়ে মুখ্য সম্পাদকগৰাকীয়ে৷ সাংবাদিকতাৰ শেহতীয়া গতিবিধিৰ লগত সামঞ্জস্য ৰাখি অতনু ভূঞাই সৃষ্টি কৰে বিশেষ ধাৰাৰ৷ সেই ধাৰাই ব্যাপকভাৱে প্ৰভাৱিত কৰে অসমৰ সংবাদ মাধ্যম আৰু ৰাইজক৷ NB NEWSয়েও অতনু ভূঞাৰ নেতৃত্বত এক নতুন ধাৰা, নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে আগবাঢ়িব৷ ভূঞাক প্ৰতিষ্ঠানটোৰ পৰিচালন কৰ্তৃপক্ষৰ লগতে সমূহ সাংবাদিক আৰু কৰ্মচাৰীয়ে উষ্ম আদৰণি জনায়৷
২ বছৰ পূৰ্বে জুনৰ এক ৰৌদ্ৰোজ্জ্বল দিনত আৰম্ভ হৈছিল অসম লাইভ ২৪ৰ যাত্ৰা৷ অসমৰ সংবাদজগতত সংযোজিত হৈছিল নতুন নাম অসম লাইভ ২৪৷ জনতাৰ কণ্ঠ হৈ জনতাৰ কাষত থিয় হৈ বিগত দুটা বছৰে অসম লাইভ ২৪ অসমৰ সংবাদজগতৰ এক পৰিচিত নাম ৷ অধ্যক্ষ নৃপেন দাসৰ তত্তাবধানত আগবঢ়া এই ডিজিটেল মাধ্যমে ২১ নৱেম্বৰৰ দিনটোত আৰম্ভ কৰিছে ছেটেলাইট সংস্কৰণ NB News৷ ছেটেলাইট সংস্কৰণ NB News পৰীক্ষামূলকভাৱে আগবাঢ়িছে৷ অসম লাইভ ২৪ ৰ সমান্তৰালকৈ NB News-য়ে অসম তথা উত্তৰ পূবৰ সমূহ বা বাতৰি প্ৰকৃত ৰূপত জনতাৰ কাষলৈ লৈ যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ