অসম লাইভ ২৪ঃ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পিছত, সোমবাৰে প্ৰকাশ হোৱা এক্সিট প’লে কঢ়িয়াইছে বিজেপিৰ বাবে ভাল খবৰ। এক্সিট প’লত দেখুওৱা অনুসৰি বিজেপি দলেই হিমাচলত পুনৰ চৰকাৰ গঠন কৰিব। এক্সিট প’লৰ ফলাফলত পৰিৱৰ্তন হ’ব নে নহয় ৮ ডিচেম্বৰত ভোট গণনাৰ পিছত জানিব পৰা হ’ব।
হিমাচল প্ৰদেশত ১২ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ৬৮ খন বিধানসভা আসনত ভোটদানৰ হাৰ আছিল ৭৬ শতাংশ। ২০১৭ চনৰ হিমাচল বিধানসভা নিৰ্বাচনত, ভাৰতীয় জনতা পাৰ্টীয়ে মুঠ ৬৮ খন আসনৰ ভিতৰত ৪৪ খন আসন লাভ কৰিছিল। ২০১৭ চনৰ নিৰ্বাচনত বিজেপিক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ২১ খন আসন আৰু চিপিআই(এম)য়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, দুজন নিৰ্দলীয় প্ৰাৰ্থীও জয়ী হৈছিল।
হিমাচলয়েই হৈছে এনে এখন ৰাজ্য, য’ত ৪২ বছৰ ধৰি মানুহে মাত্ৰ দুটা দলৰ ওপৰত বিশ্বাস ৰাখিছে, এটা হৈছে বিজেপি আৰু আনটো কংগ্ৰেছ দল। কিন্তু ২০২২ বৰ্ষৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়েও তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
কোন হ’ব পাৰে হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী?
হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়টোক লৈও উৎসুক হৈ আছে দেশৰ জনতা। ইতিমধ্যে চৰ্চাত আছে ৭ গৰাকীকৈ নেতা। পোনতেই যদি চোৱা যায়, জয়ৰাম ঠাকুৰৰ পক্ষত আছে প্ৰায় ৩৫ শতাংশ লোক। কংগ্ৰেছৰ প্ৰতিভা সিঙৰ পক্ষত আছে প্ৰায় ১৮ শতাংশ লোক। অনুৰাগ ঠাকুৰৰ পক্ষত আছে ১২ শতাংশ লোক। মুকেশ অগ্নিহোত্ৰীৰ পক্ষত আছে ৯ শতাংশ লোক। সুখবিন্দৰ সিঙ সুখৰ পক্ষত আছে ৮ শতাংশ লোক। আশা কুমাৰীৰ পক্ষত আছে ৫ শতাংশ লোক আৰু হৰ্ষবৰ্ধন চৌহানৰ পক্ষত আছে ৮ শতাংশ লোক।
হিমাচলত কাৰ চৰকাৰ হ’ব বুলি এক্সিট প’লে কি কয়?
হিমাচল প্ৰদেশত, বিজেপিয়ে ৩৫ ৰ পৰা ৪০ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে। কংগ্ৰেছে ২০ ৰ পৰা ২৫ খন আসন লাভ কৰিব পাৰে। একে সময়তে, আম আদমী পাৰ্টীয়ে 0 ৰ পৰা ৩ খন আসন লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও, 0 ৰ পৰা ৫ খন আসন আন নিৰ্দলীয়ৰ হাতলৈ যাব পাৰে বুলি এক্সিট প’লৰ অন্তত দাবী কৰা হৈছে।
হিমাচলৰ এই ১৫ খন আসনত সকলোৰেই চকু কিয়?
হিমাচলৰ ৬৮ খন আসনৰ ভিতৰত, কেইখন মান আসনক লৈ বিশেষ চৰ্চা। এই চৰ্চিত ১৫ খন আসনৰ ভিতৰত আছে উনা, ড্ৰাং, মাণ্ডি, নালাগড়, সুহৌল, চিমলা(গ্ৰাম্য), ধৰ্মশালা, হামিৰপুৰ, ডেৰা, ডালহৌচি, কচুম্প্তি, হাৰোলি, নাদৌন আৰু চিৰাজ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ