অসম লাইভ২৪ঃ অশিক্ষিত ৰাজনীতিবিদ কেৱল আমাৰ অসমতেই আছে চাগৈ বুলি আমাৰ বহুতৰেই মনত ধাৰণা। দেশৰ পটভূমিলৈ চালেও একেই কথা। ভাৰতীয় ৰাজনীতিবিদসকলৰ অধিকাংশৰে আনুষ্ঠানিক শিক্ষা নিচেই কম বুলি প্ৰায়সময়তেই চৰ্চা হয়।
সামাজিক মাধ্যমতো মিম চলে, শিক্ষানুষ্ঠানত আটাইতকৈ বেয়া ফলাফল দেখুওৱাসকলেই ৰাজনীতিৰ পথাৰত ভৰি দিয়ে। এই মিমসমূহক সম্পূৰ্ণৰূপে উপেক্ষাও কৰিব নোৱাৰি। কাৰণ আমাৰ দেশত সেই সকলৰ লোকেই শাসনৰ গাদীত অতিজৰে পৰা বহি আহিছে, যাৰ শিক্ষাগত অৰ্হতা তেনেই কম। কোনোমতে মেট্ৰিকৰ দেওনা পাৰ হোৱা বহু নেতা-ৰাজনীতিবিদেই দেশৰ শাসনভাৰ চলাই আছে। কিন্তু শুনিলে আচৰিত হ’ব যে এয়া কেৱল ভাৰততেই নহয়। বিশ্বৰ আগশাৰীৰ দেশতো এই পৰম্পৰা চলি আহিছে।
কেৱল ভাৰতৰ একাংশ ৰাজনীতিবিদেই অশিক্ষিত এনে নহয়। বিশ্বত এতিয়াও এনে বহু দেশ আছে, য’ত নেতা-মন্ত্ৰীসকল শিক্ষাৰ দিশৰ পৰা তেনেই দুৰ্বল। তাৰেই এটি উদাহৰণ হ’ল, ব্ৰিটিছ সাংসদসকল। বৃটিছ সাংসদসকলৰ মাজত শেহতীয়াকৈ এক পৰীক্ষা অনুষ্ঠিত কৰিছিল এটা বিশেষ সংস্থাই। পৰীক্ষাটোত দিয়া হৈছিল ষষ্ঠ শ্ৰেণীৰ প্ৰশ্ন। এই পৰীক্ষাৰ গণিত আৰু ইংৰাজী বিষয়ৰ ফলাফলে প্ৰমাণ কৰিলে বৃটিছ সাংসদৰ শিক্ষাগত অৰ্হতাৰ কথা।
দৰাচলতে অপ্ৰয়োজনীয় পৰীক্ষাসমূহ বাতিল কৰিবলৈ লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰভৱনত আয়োজন কৰা হৈছিল এক বিশেষ পৰীক্ষা। সাংসদ সকলৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল ‘ম’ৰ দেন এ স্ক’ৰ’ নামৰ এটা প্ৰচাৰ গোটে। ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই দেশৰ শিক্ষা বাছনি সমিতিৰ অধ্যক্ষ ৰবিন ৱাকাৰো। কিন্তু পৰীক্ষাৰ অন্তত ওলোৱা ফলাফলে সকলোকে আচৰিত কৰি তোলে। কিয়নো পৰীক্ষাত গণিত আৰু ইংৰাজী বিষয়ত অনুতীৰ্ণ হয় আধাতকৈ অধিক সাংসদ। সমান্তৰালভাৱে ব্যাকৰণ, বানান আৰু যতি চিহ্নৰ ব্যৱহাৰতো অৰ্ধেক সাংসদৰ অৱস্থা তথৈবচ।
পৰীক্ষাত গণিত বিষয়ত ৭১ শতাংশ সাংসদে আৰু ইংৰাজী বিষয়ত ৭২ শতাংশ সাংসদ উত্তীৰ্ণ হ’লেও অধিক সংখ্যক সাংসদে কোনোমতেহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। এই পৰীক্ষাৰ অভিজ্ঞতা সম্পৰ্কে সাংসদ এমা হাৰ্ডিয়ে কয়, ‘এই ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাটো অতি প্ৰয়োজনীয়। যাতে আমি সেই ল’ৰা-ছোৱালীবোৰৰ অৱস্থা বুজিব পাৰো যে তেওঁলোকৰ ওপৰত কিমান চাপ থাকে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















