অসম লাইভ ২৪ঃ নতুন বাসগৃহ নির্মাণ কৰিছে তেওঁ। গৃহপ্ৰৱেশৰ অনুষ্ঠানত বহুতকে আমন্ত্ৰণ কৰিছে। তেওঁৰ নতুন ঘৰত প্ৰৱেশ কৰিয়েই কিন্তু আচৰিত হৈ উঠিছে সকলো। ৩ বছৰ পূর্বেই মৃত্যু হোৱা ঘৰৰ গৃহিণী স্বয়ং বহি আছে। দুৱাৰমুখৰ পৰাই সকলোৱে তেওঁক দেখা পাইছে। গুলপীয়া ৰঙৰ চিল্কৰ শাৰী পৰিহিত, খোপাত ফুলৰ মালা আৰু সামান্য গহনা পিন্ধি হাঁহিমুখেৰে বহি আছে তেওঁ। এয়া কেনেকৈ সম্ভৱ? কাৰণ সকলোৱে জানে ৩ বছৰ পূর্বে এক গাড়ী দুর্ঘটনাত মহিলাগৰাকীৰ মৃত্যু হৈছিল। এই ঘটনাটো সংঘটিত হৈছে কর্ণাটকৰ কোপ্পাল জিলাত। পেচাত এগৰাকী শিল্পী শ্ৰীনিবাস গুপ্তা। টকা-পইচাৰ অভাৱ নাই। কিছুদিন পূর্বেই পত্নী মাধৱীৰ ইচ্ছানুসৰি মাটি কিনি নতুন বাসগৃহ নির্মাণৰ কাম আৰম্ভ কৰিছিল তেওঁ। বাসগৃহ কেনেকৈ নির্মাণ কৰিব, ক’ত কোনটো কোঠা হ’ব, সকলোবোৰ পত্নী মাধৱীৰ পৰিকল্পনা আছিল। মাধৱীৰ সপোনৰ বাসগৃহ নির্মাণ আৰম্ভ হৈছিল আৰু ঠিক সেই সময়তে এক গাড়ী দুর্ঘটনাত অকাল মৃত্যু হৈ মাধৱীৰ। পত্নীৰ বিয়োগত ভাগি পৰিছিল স্বামী শ্ৰীনিবাস। তথাপিও পত্নীৰ সপোনৰ বাসগৃহ নির্মাণৰ কাম বন্ধ কৰা নাছিল। বৰঞ্চ পত্নীৰ ইচ্ছানুসৰিয়ে বাসগৃহ নির্মাণ কৰি গৈছিল। ইয়াৰ মাজতে আৰু এটা কাম কৰে শ্ৰীনিবাসে। পত্নীৰ সপোনৰ বাসগৃহত তেওঁৰ অনুপস্থিতিত গৃহপ্ৰৱেশ হ’ব, সেয়া স্বামীয়ে মানি ল’ব পৰা নাছিল। যাৰ বাবে সেই বাসগৃহত পত্নী সকলো সময়তে বিৰাজমান হৈ থাকে, তাৰ এক ব্যৱস্থা কৰিলে শ্ৰীনিবাসে। বাংগালুৰুৰ এগৰাকী শিল্পীক দায়িত্ব দিলে পত্নী মাধৱীৰ এটা মূর্ত্তি নির্মাণ কৰিবলৈ। চিলিকন দি পত্নীৰ এটা মূর্ত্তি নির্মাণৰ কাম আৰম্ভ কৰা হ’ল। এফালে বাসগৃহৰ নির্মাণ চলি থাকিল, আনফালে নির্মাণ হ’ল পত্নী মাধৱীৰ মূর্ত্তি। মাধৱীক পূর্ণ ৰূপ দিয়াত শিল্পীগৰাকীৰ সময় লাগিল এবছৰ। অৱশেষত গৃহপ্ৰৱেশৰ দিনা সেই মূর্ত্তি সকলোৰে সন্মুখলৈ অনা হ’ল। এটা চোফাত এটা তৃপ্তিৰ হাঁহি লৈ বহি থাকিল মাধৱী। মাধৱীক দেখি কোনেও ক’ব নোৱাৰিলে যে সেয়া প্ৰকৃততে মাধৱী নহয়, সেয়া মাধৱীৰ মূর্ত্তি বুলি। মূর্ত্তিৰ কাষত বহি স্বামীয়ে তুলিলে বহুকেইখন ফটো। পতি-পত্নীৰ মাজৰ এই অনন্য ভালপোৱাৰ খবৰ এতিয়া সমগ্ৰ দেশত বিয়পি পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ