• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

1 month ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

12 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

12 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

14 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

15 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

16 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

17 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

18 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

19 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

অসমত ক্ৰিকেটৰ নতুন আশাৰ সঞ্চাৰ

editor by editor
August 11, 2026
in অসম, ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

APLত আজি অনুষ্ঠিত হোৱা ২১ সংখ্যক মেচখনে অসমত ক্ৰিকেটৰ বিকাশৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ আনিব বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে বিশ্বমানৰতো বাদেই ভাৰতৰ অন্য ৰাজ্যৰ ক্ৰিকেটৰ তুলনাত অসম এতিয়াও বহু পিছুৱাই আছে। আজি অসম প্ৰীমিয়াৰ লীগৰ চৰাইদেউ ছানৰাইজাৰ্ছ আৰু গুৱাহাটী ৰয়েলছৰ মাজত অনুষ্ঠিত মেচখনতে অসম প্ৰীমিয়াৰ লীগৰ ক্ষুদ্ৰ ইতিহাসৰ ৫ টাকৈ মাইলষ্টন স্পৰ্শ কৰিবলগৈ সক্ষম হয়। মেচখনে APLৰ ইতিহাসৰ প্ৰথমটো শতকীয় ইনিংছ, প্ৰথমবাৰৰ বাবে ২০০ ৰানৰ দলীয় স্কৰ স্পৰ্শ, দ্ৰুততম অৰ্ধশতক, পাৱাৰপ্লেত সৰ্বাধিক ৰান আৰু সৰ্বাধিক ৰান chaseৰ দৰে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

APLৰ ইতিহাসত চৰাইদেউ ছানৰাইৰাৰ্ছৰ উইকেটকীপাৰ বেটাৰ তথা অধিনায়ক সুমিত ঘাড়িগাঁওকাৰৰ নামটো জিলিকি থাকিব। কিয়নো আজি অসম প্ৰীমিয়াৰ লীগৰ প্ৰথমটো শতকৰ গৰাকী হয় সুমিত। সুমিতে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে ৬৪ টা বলত ১০৭ ৰান সংগ্ৰহ কৰে। চৰাইদেউ ছানৰাইৰ্ছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২০৮ ৰান। অসম প্ৰীমিয়াৰ লীগত কোনো দলে ২০০ ৰানৰ মাইলষ্টন স্পৰ্শ কৰা এয়াই আছিল প্ৰথম। ক্ৰিকেটৰ খবৰ ৰখাসকলৰ মতে নিঃসন্দেহে অসম গৌৰৱ ৰিয়ানৰ অনুপস্থিতিত সুমিত ঘাড়িগাঁওকাৰৰ ওপৰতে অনুৰাগীৰ আছিল সেই আশা। অৱশ্যে কিছুদিন আগতে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে যোৰহাট ষ্টেলিয়নছৰ হৈ অসমৰ আন এজন অলৰাউণ্ডাৰ স্বৰূপম পুৰকায়স্থই কোবাইছিল অপৰাজিত ৯৯ ৰানৰ ইনিংছ।

ইপিনে APLৰ ক্ষেত্ৰত তুলনামূলকভাৱে ২০৯ ৰানৰ বৃহৎ লক্ষ্য আগত লৈ ক্ৰিজলৈ অহা গুৱাহাটী ৰয়েলছে বিস্ফোৰক আৰম্ভণিৰে প্ৰথমৰ পৰাই চৰাইদেউ ছানৰাইজাৰ্ছক চাপত ৰাখে। গুৱাহাটী ৰয়েলছে Powerplayৰ ভিৰতৰতে ২ উইকেট হেৰুৱাই ১০০ ৰানৰ সীমা স্পৰ্শ কৰে। APLত এয়া এই পৰ্যন্ত দ্ৰুততম powerplayৰ স্ক’ৰ। গুৱাহাটী ৰয়েলছৰ অপেনাৰ হৈ ৰোহিত সেনে মাৰমুখী বেটিঙেৰে মাত্ৰ ৩৮ বলতেই ১০টা ছিক্সাৰ আৰু ৫টা চাৰিৰ সহায়ত ৯৬ ৰানৰ ইনিংছ খেলে। এসময়ত ৰোহিতে ৩০ টা বলতে চেঞ্চুৰী অৰ্জন কৰাৰো সুৱৰ্ণ সুযোগ আছিল। টীম ইণ্ডিয়াৰ অপেনাৰ সঞ্জু ছেমছনৰ দৰে শৈলীৰে খেলা ৰোহিতে মাত্ৰ ৪ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হলেও APLত যে সুমিত, নিহাৰ ডেকা, দানিছ দাসৰ দৰে খেলুৱৈ অতিক্ৰমী ৰোহিতে নিজকে ষ্টাৰ প্লেয়াৰ হিচাপে নিজ প্ৰতিষ্ঠা কৰিছে তাত কোনো সন্দেহ নাই। ৰোহিত সেনে কালাম ৰাজাৰ বলত অম্লানজ্যোতি দাসৰ হাতত কেচ দি পেভিলিয়নমুখী হোৱাৰ পূৰ্বে ৰোহিতে মাত্ৰ ১৫টা বলতেই অৰ্ধশতক অৰ্জন কৰিছিল। কেৱল আজিৰ ইনিংছটোৱেই নহয় APLত গুৱাহাটী ৰয়েলছৰ এই পৰ্যন্ত দমনীয় প্ৰদৰ্শনৰ ক্ষেত্ৰত গুৰু দায়িত্বও ৰোহিতে বহন কৰি আহিছে। ৰোহিতৰ আজিৰ ইনিংছটো এই পৰ্যন্ত APLৰ দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ড। মেচখনত ৩ উইকেটৰ বিনিয়মত চৰাইদেউ ছানৰাইজাৰ্ছক পৰাস্ত কৰে গুৱাহাটী ৰয়েলছে। ইয়াৰ লগে লগে আবু নেচিমৰ প্ৰশিক্ষণত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা গুৱাহাটী ৰয়েলছে এই পৰ্যন্ত APLৰ সৰ্বাধিক ৰান chaseৰ দৰে ৰেকৰ্ড নিজৰ নামত ৰাখিবলৈ সক্ষম হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APLasom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.