ভাৰতে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে পাকিস্তান, চৌদি আৰব আৰু তুৰস্কৰ মাজত হোৱা মক্কা চুক্তি বা প্ৰতিৰক্ষা চুক্তিৰ গুৰুত্বসহকাৰে মূল্যায়ন কৰি আছে। অৱশ্যে একাংশ প্ৰতিৰক্ষা বিশেষজ্ঞই এই চুক্তিক ভাৰতৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি বুলি অভিহিত কৰিছে। মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে
পাকিস্তান, চৌদি আৰব আৰু তুৰস্কৰ মাজত ৭ আগষ্টত স্বাক্ষৰিত মক্কা যুটীয়া প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “যিমান দূৰলৈকে এই চুক্তিৰ কথা আছে, আমি ইয়াৰ প্ৰভাৱ আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক শান্তি আৰু স্থিতিশীলতা দুয়োটাৰে বাবে মূল্যায়ন কৰি আছো। ভাৰত নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে যি পদক্ষেপ প্ৰয়োজনীয় হ’ব, সেই পদক্ষেপ গ্ৰহণ কৰিব।”
আনহাতে প্ৰতিৰক্ষা বিষয়ৰ একাংশ বিশেষজ্ঞই কয় যে তিনিখন মুছলমান ৰাষ্ট্ৰৰ মাজত এই প্ৰতিৰক্ষা চুক্তিয়ে ভাৰতৰ বাবে এক বৃহৎ ভাবুকি কঢ়িয়াই আনিব পাৰে। প্ৰতিৰক্ষা বিশেষজ্ঞা জি ডি বাক্সীয়ে তেওঁৰ উদ্বেগৰ সমৰ্থনত কেইবাটাও যুক্তি আগবঢ়াইছে। যুক্তিকেইটা হৈছে-‘চৌদি আৰৱৰ হাতত টকা আছে, তুৰস্কৰ হাতত নাটোত সৰ্বাধিক সেনা আৰু ড্ৰোন আছে, পাকিস্তান একমাত্ৰ মুছলমান পাৰমাণৱিক শক্তি।’ ‘অপাৰেচন সিন্দূৰত তুৰস্কইও পাকিস্তানক কমেও ১০০০ ড্ৰোন আৰু ইয়াৰ অপাৰেটৰ যোগান ধৰিছিল।’ ‘পাকিস্তান আৰু তুৰ্কিয়ে ইৰাণৰ বিৰুদ্ধে চৌদি আৰৱক প্ৰায়েই সহায় কৰিব নোৱাৰিব’। ‘কিন্তু, তেওঁলোকে নিশ্চিতভাৱে ভাৰত আৰু ইজৰাইলৰ বিৰুদ্ধে জপিয়াই পৰাৰ চেষ্টা কৰিব।’ ‘চৌদি আৰৱৰ হাতত আমেৰিকাৰ যুঁজাৰু বিমান আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আছে, যিবোৰ যুদ্ধৰ সময়ত পাকিস্তানক গতাই দিব পাৰে।’ এনে পৰিস্থিতিত তেওঁ ইৰাণৰ সৈতে বন্ধুত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইৰাণে ভাৰতক সস্তীয়া তেল আৰু গেছ আৰু মধ্য এছিয়া আৰু আফগানিস্তানলৈ যোৱাৰ পথ প্ৰদান কৰে। তেওঁ চাবাহাৰ বন্দৰৰ উদাহৰণ দাঙি ধৰে। ‘ইছলামত ছিয়া আৰু চুন্নীৰ মাজত বিৰাট বিভাজন’। জি ডি বাক্সীৰ মতে ইছলামত ছিয়া আৰু চুন্নীৰ মাজত বিশাল বিভাজন বৃহৎ। ‘পাকিস্তান (চুন্নী) আমাৰ প্ৰথম শত্ৰু, গতিকে ইৰাণ (ছিয়া) ৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বহু কাৰণ আছে।’ ‘ইজৰাইলেও চুন্নী মিত্ৰজোঁটে ইয়াৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে সেয়া বুজিব লাগে।’ ‘ ইজৰাইলেও এই অঞ্চলত ভাৰতৰ স্বাৰ্থৰ বিষয়ে বুজা উচিত।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















