অসম লাইভ২৪ঃ পল্লৱীৰ জীৱনলৈ আশীৰ্বাদ হৈ আহিল এটা মুছলমান পৰিয়াল। মুছলমান পৰিয়ালটোয়ে সলনি কৰিলে পল্লৱীৰ জীৱন। কেনেদৰে মুছলমান পৰিয়ালটোয়ে পল্লৱীৰ জীৱনলৈ আনিলে পৰিৱৰ্তন? পল্লৱীৰ বয়স তেতিয়া আছিল মাত্ৰ ৫বছৰ। পল্লৱীয়ে সৰুতে মাকৰ লগত ইঘৰ সিঘৰ ঘুৰি ফুৰিছিল। তেনে অৱস্থাতে এদিন পল্লৱীক লগ পাইছিল
মালিকুছিৰ তাৰিফা বেগমে আৰু মইনুল হক নামৰ দম্পতিয়ে।
কণমানি পল্লৱীক দেখি তাইলৈ মৰম জাগিছিল দুয়োৰে। আৰু সেই কণমানি বয়সতে এনেদৰে পল্লৱীয়ে আশ্ৰয়ৰ বাবে ইঘৰ সিঘৰ ঘুৰি ফুৰা কথাটোয়ে মনত কষ্ট দিছিল দুয়োৰে। সেয়ে তাৰিফা বেগমে আৰু মইনুল হকে ললে এটা সিদ্ধান্ত। পল্লৱীক নিজৰ ঘৰত আশ্ৰয় প্ৰদান কৰিব তাৰিফা-মইনুলে। নিজ সন্তানৰ লগতে তুলি তালি ডাঙৰ দীঘল কৰিব পল্লৱীক। পল্লৱী হৈ পৰিল হাফিজা বেগম।
এতিয়া পল্লৱী হৈ পৰিছে তাৰিফা বেগমে আৰু মইনুল হকৰ পৰিয়ালৰ এটি অন্যতম সদস্য। প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীলৈ পঢা শুনা কৰাই পল্লৱীক ডাঙৰ দীঘল কৰিলে পৰিয়ালটোয়ে।আজি পল্লৱীৰ বাবে একান্তই আপোন হৈ পৰিল এই পৰিয়ালটো। হিন্দু আৰু ইছলাম দুয়ো ধৰ্মৰ নিয়ম মানে পল্লৱীয়ে। পল্লৱীয়ে পবিত্ৰ ৰোজা মাহত ৰাখে সম্পূৰ্ণ ৰোজা। নিতৌ পঢ়ে নামাজ। ভগৱানৰ ওচৰত জ্বলায় চাকি।
কোনো বাধা নাই পল্লৱীৰ বাবে। যথেষ্ট একাগ্ৰতাৰে পঢ়া শুনা কৰা পল্লৱী আজি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মুছলমান পৰিয়ালটোৰ এই মহানুভৱতাক এতিয়া সকলোয়ে প্ৰশংসাৰে উপচাই পেলাইছে। যিসময়ত দেশত হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ একাংশই অহৰহ চেষ্টা কৰি থাকে । তেঁওলোকে চোৱা উচিত এই প্ৰতিবেদন। এনেদৰে সমাজত হিন্দু -মুছলমান ধৰ্মৰ লোকে পৰস্পৰে পৰস্পৰক সহায় কৰি আহিছে। কেতিয়াব যদি মুছলমান পৰিয়ালে হিন্দু পৰিয়ালক সহায় কৰে, কতিয়াব আকৌ মুছলমান লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে হিন্দু পৰিয়ালো । এয়াই প্ৰকৃত অসমৰ ছবি । যত সকলোয়ে মিলি শান্তিৰে বসবাস কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















