অসম লাইভ২৪ঃ হৃদয়বিদাৰক! বিয়াৰ পিছদিনাই দৰাৰ মৃত্যু৷ ৰাম মজুমদাৰৰ বিবাহ হৈছিল বৃহস্পতিবাৰে৷ দেওবাৰে অভ্যৰ্থনা অনুষ্ঠানৰ পৰিকল্পনা আছিল৷ শুকুৰবাৰে নিশা দৰাৰ হাৰ্টএটেক৷ পত্নী চুমু মণ্ডলক এৰি থৈ গ’ল ৰাম মজুমদাৰে৷
ঘটনা অনুসৰি বৰপেটাৰোড খৈৰাবাৰীৰ চৰণ মজুমদাৰ পুত্ৰ ৰাম মজুমদাৰে বৃহস্পতিবাৰে বিজনীৰ বিষ্ণুপুৰৰ উলুবাৰী গাঁওৰ চুমু মণ্ডলৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল৷
কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস সুখৰ সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি লৈ গ’ল দৰা ৰাম মজুমদাৰক। শুক্ৰবাৰে নিশা শুই থকা অৱস্থাত উশাহ নিশাহ লোৱাত কষ্ট পোৱাত হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
দেওবাৰে বিবাহ উপলক্ষে আয়োজন কৰা হৈছিল অভ্যৰ্থনাৰ বাবে সকলো যা যোগাৰ। কিন্তু সেয়া আৰু হৈ নুঠিল৷ অভ্যৰ্থনাৰ পৰিবৰ্তে জ্বলি উঠিল চিতা৷ উক্ত ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলত এক শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















