অসম লাইভ২৪ঃ
মাত্ৰ ৬০ হেজাৰ টকাত হাৰিয়ানাত প্ৰেমিকাক বিক্ৰী। আৰক্ষীৰ জালত অপহৰণকাৰী নাৰী সৰবহকাৰী প্ৰেমিক ওছমান আলী৷ এই জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত৷ প্ৰায় ডেৰ মাহ পূৰ্বে ফকিৰগঞ্জ এলেকাৰ বালাটাৰী গাঁৱৰ এগৰাকী ২২ বছৰীয়া যুৱতীক পাৰ্শ্ববৰ্তী ডিঙডিঙা গাঁৱৰ ওছমান আলী নামৰ ধৃত যুৱকে প্ৰেমৰ অভিনয়েৰে পলুৱাই নিছিল যুৱতীগৰাকীক৷ তাৰপাছতেই ধৃত ওছমানে যুৱতীগৰাকীক হাৰিয়ানালৈ নি বিক্ৰি কৰি দিয়ে৷
ঘটনাক লৈ ৩ জানুৱাৰী তাৰিখে পৰিয়ালৰ লোকে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰ৷ আৰক্ষীয়ে অনুসন্ধানৰ কৰি বিগত ২৩ জানুৱাৰীত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ওছমান আলীক কৰায়ত্ব কৰে। আৰক্ষীয়ে ওছমান আলীক জেৰা চলোৱাত যুৱতী গৰাকীক বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি নি বিক্ৰী কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়ে। ফলত আৰক্ষীয়ে অপহৰণকাৰী যুৱক ওছমান আলীক লৈ হাৰিয়ানাত অভিযান চলাই যুৱতী গৰাকীক উদ্ধাৰ কৰে।
আৰক্ষীয়ে অপহৃত যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰিছে ধৃত ওছমান আলীক। ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীক পৰিয়ালৰ হাতত চমজাই দিয়াৰ লগতে দেওবাৰে অপহৰণকাৰী ওছমান আলীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। মাত্ৰ ৬০ হেজাৰ টকাৰ বিনিময়ত যুৱতীগৰাকীক বিক্ৰি কৰা বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিছে ধৃত ওচমানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ