অসম লাইভ২৪ঃ কলিজা আইতাই চিৰবিদায় মাগিলেও আইতাৰ চৰ্চা বৰ্তমানো শেষ হোৱা নাই৷ সামাজিক মাধ্যমত বহুতেই শ্বেয়াৰ কৰি আছে আইতাৰ বহু পুৰণি ভিডিঅ’৷ আইতাৰ মৰমসনা কথাবোৰ সকলোৱেই সোঁৱৰিছে৷

উল্লেখ্য যে আইতাৰ শ্ৰাদ্ধৰ কথাও বহুতেই সামাজিক মাধ্যমত জানিবলৈ আগ্ৰহী হৈ আছিল৷ শেহতীয়াকৈ বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই আইতাৰ শ্ৰাদ্ধৰ কথা জনাই মুকলি কৰিছে চিঠি৷ দেওবাৰ আৰু মঙলবাৰে অনুষ্ঠিত হ’ব লগা কলিজা আইতাৰ শ্ৰদ্ধাঞ্জলি, আদ্যশ্ৰাদ্ধ আৰু মৎস্য স্পৰ্শৰ অনুষ্ঠানত উপস্থিতি আৰু সহযোগিতাৰ বাবে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই সামাজিক মাধ্যমযোগে আমন্ত্ৰণ জনাইছে অসমবাসীকেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















