অসম লাইভ ২৪: আজি নাৰী দিৱস, নাৰী দিৱস উপলক্ষে এক বিশেষ কবিতা…
তুমি অনন্যা
তুমি মাতৃ
তুমি ভগ্নী
তুমি পত্নী
তুমি সখা
তুমি অনন্যা, তোমাৰ ৰূপ ভিন্ন।
তোমাৰ শক্তি
তোমাৰ সাহস
তোমাৰ বিশ্বাস
কৰ্ম পৰিকল্পনাৰ গতি
ন ন আৱিষ্কাৰ
তোমাক কৰো শ শ প্ৰণাম
তোমাৰ ৰূপত দেখো
নাৰী শক্তিৰ জ্যোতি সঞ্চাৰ।
আই তুমি ভগৱতীৰ ৰূপত
হোৱা বিৰাজমান।
ৰূপ গুণৰ শেষ নাই
হোৱা যে সকলো ৰূপতে
সৰ্ব জ্ঞানী, সৰ্ব শক্তিমান।
লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালিৰ
স্বৰূপধাৰী
হোৱা হে নাৰী তুমি
সৰ্ব শক্তিমান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ