অসম লাইভ২৪ঃ বাজেট দাখিলৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেইবাটাও মন্তব্য।
প্ৰথমবাৰৰ বাবে অসমৰ ২ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ কথা বাজেটত উল্লেখ থকাৰ কথা প্ৰকাশ।
আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাক এহাজাৰ টকাকৈ দিয়া হ’ব বুলিও ক’লে মুখ্যমন্ত্ৰীয়ে।
অৰুণোদয় আচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত বাজেটত।
প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰতৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসমত সকলো ধৰণৰ চিকিৎসা পাব।
এই বাজেটখন অৰ্থনৈতিক বিকাশৰ লগতে প্ৰেৰণাদায়ক বাজেট বুলিও প্ৰকাশ।
বাল্যবিবাহ ৰোধৰ বাবে চৰকাৰৰ ২০০ কোটি টকাৰ আৱণ্টন।
হিতাধিকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘আমাৰটো কামেই হিতাধিকাৰী সৃষ্টি কৰা।’
‘আমি চৰকাৰলৈ আহিছোৱে হিতাধিকাৰী সৃষ্টি কৰিবৰ বাবে।’
‘সৰ্বসাধাৰণ হিতাধিকাৰী নহৈ, মন্ত্ৰী বিধায়ক হিতাধিকাৰী হ’ব নেকি?’
মধ্যপ্ৰদেশৰ দৰে ৰাজ্যই অসমৰ অৰুনোদয় আৰু কৃতি ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান আঁচনিৰ আৰ্হিত কাম কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ