অসম লাইভ২৪ঃ
বিবাহিত পুৰুষসকলে কিচমিচ খালে শৰীৰৰ কেইবাটাও লাভালাভ হয়৷ কিচমিচৰ সৈতে মৌ মিহলি কৰি খালে স্বাস্থ্যৰ বহুকেইটা সমস্যাই দূৰ হয়৷ বৰ্তমান প্ৰায়
সংখ্যক পুৰুষৰেই শুক্ৰাণুৰ সমস্যা আছে৷ কিছমিছ আৰু মৌ নিয়মীয়াকৈ খালেই এই সমস্যা বহুপৰিমানে দূৰ হয়৷
কিচমিচত মৌ মিহলাই খোৱাৰ আৰু বহুতো লাভালাভ আছে। এনেদৰে মৌ মিহলি কিচমিচ খালে যৌন শক্তি বৃদ্ধি হয়। ইয়াৰ উপৰিও আৰু মৌ আৰু কিচমিচৰ কেইবাটাও লাভালাভ আছে৷ এই দুই উপাদানে টেষ্টোষ্টেৰন বঢ়োৱাত সহায় কৰে৷ কোৱা হয় যে ই এক এনেকুৱা হৰমন যিয়ে পুৰুষসকলৰ যৌন সমস্যা দূৰ কৰাত আৰু বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে৷ সেয়েহে ই বিবাহিত পুৰুষৰ বাবে অতি লাভজনক।
কিচমিচত মৌ মিহলাই খালে বিবাহিত পুৰুষৰ শুক্ৰাণু (Sperm)দুৰ্বল হোৱাৰ সমস্যা দূৰ হয়৷ কিচমিচে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। দৰাচলতে, মৌ আৰু কিচমিচত এনে বহুতো গুণ থাকে, যি শুক্ৰাণুৰ মানদণ্ডও উন্নত কৰে।
কৰ্কটৰ বিৰুদ্ধে যুঁজ দিব পৰা উপদানো থাকে মৌ আৰু কিচমিচত। কৰ্কটৰোধী উপাদানবোৰে শৰীৰৰ যিকোনো অংগত কৰ্কট কোষ বৃদ্ধি হোৱাক প্ৰতিহত কৰিবলৈ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ