অসম লাইভ২৪ঃ দিল্লীৰ তুঘলক ৰোডত থকা চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ ৰাহুল গান্ধীক সোমবাৰে নিৰ্দেশ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। ৰাহুলে এই জাননী লাভ কৰিয়েই জনালে যে তেওঁ সেই আৱাসগৃহ অচিৰেই খালী কৰি দিব। জাননী লাভ কৰাৰ পিছতেই ৰাহুলে লোকসভা হাউছিং বৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ৰাহুলে পত্ৰত লিখিছে, ‘জনগণৰ ইচ্ছাতেই চাৰিবাৰকৈ সাংসদ হৈছো, এখিনি সুমধুৰ সময় কটাইছো। এই আৱাসগৃহৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। চৰকাৰে দিয়া নিৰ্দেশনা মই মানি লৈছো। নিৰ্দিষ্ট সময়ৰ ভিতৰতেই মই আৱাসগৃহ খালী কৰিম।’
সোমবাৰে লোকসভাৰ হাউছিং বৰ্ডে এমাহৰ ভিতৰত চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিছিল। ২০০৪ চনৰ পৰাই ৰাহুল লোকসভাৰ সাংসদ হিচাপে আছে। নিয়ম অনুসৰি ২০০৪ চনৰ পৰাই ৰাহুল বিশেষ আৱাসগৃহটোত আছিল। ২০০৫ চনৰ পৰা বৰ্তমানলৈ অৰ্থাৎ প্ৰায় ১৮ বছৰ ধৰি সেই আৱাসগৃহত আছে ৰাহুল। কিন্তু সংসদীয় বিধি অনুসৰি সাংসদ পদ হেৰুৱালে আৱাসগৃহও ত্যাগ কৰিব লাগে। আৰু এজন প্ৰাক্তন সাংসদক আৱাসগৃহ খালী কৰিবৰ বাবে প্ৰায় ১ মাহ সময় দিয়া হয়। ৰাহুলেও সেই নিয়ম মানিয়েই আৱাসগৃহ খালী কৰিব। কিন্তু আৱাসগৃহ খালী কৰাৰ পিছত ৰাহুলৰ নতুন ঠিকনা কি হ’ব সেয়া বৰ্তমানলৈ ৰাহুলে প্ৰকাশ কৰা নাই যদিও মাতৃ ছোনিয়া গান্ধীৰ সৈতে ৰাহুল থাকিব বুলি ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ