অসম লাইভ২৪ঃ পিতৃৰ শেষকৃতৰ সময়ত ট্ৰাকৰ পিছে পিছে দৌৰিছিল এটা কিশোৰ। দৃশ্য দেখি চকু সেমেকি উঠিছিল বহুজনৰ৷ কিশোৰজনে সেইদিনাই বুজি উঠিছিল জীৱন ভৱামতে সহজ নহয়৷ পিতৃৰ তেজে তুমুৰালি হৈ থকা শৰীৰটো চকুৰ সন্মুখতেই দেখিছিল৷ ঘটনাটো ১৯৯১ চনৰ মে মাহৰ৷ আৰু পিতৃৰ মৃতদেহ লৈ যোৱা ট্ৰাকৰ পিছে পিছে দৌৰি যোৱা কিশোৰজনেই ৰাহুল গান্ধী৷
৩২ বছৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শেষকৃত্যৰ সময়ত ৰাহুলৰ সেই কথা সোৱৰিলে ভগ্নী প্ৰিয়ংকাই৷ প্ৰিয়ংকাই ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰাৰ পাছতেই দিয়া ভাষণত বহু কথাই কয়৷ ৰাজীৱ গান্ধীৰ হত্যাৰ পৰা আৰম্ভ কৰি কাশ্মীৰি পণ্ডিত সকলোকেই অপমান কৰাৰ কথাও ব্যাখ্যা কৰে প্ৰিয়ংকাই৷ বিজেপি দলক টাৰ্গেট কৰি নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই৷
ভাষণৰ আৰম্ভনিতেই প্ৰিয়ংকাই পিতৃক সোঁৱৰি কয়, ‘১৯৯১ চনৰ মে’ মাহৰ ঘটনা৷ ত্ৰিমূৰ্তি ভৱনৰ পৰা দেউতাৰ শেষযাত্ৰা আৰম্ভ হৈছিল৷ দেউতাৰ শৱদেহটো জাতীয় পতাকাৰে ঢাকি আৰ্মীৰ এখন ট্ৰাকত উঠোৱা হৈছিল৷ পিছে পিছে মা, মই ৰাহুল এখন গাড়ীত উঠিছিলো৷ গাড়ীখন কিছুদুৰ আগুৱাই যোৱাৰ পাছতেই ৰাহুলে গাড়ী ৰখাই নামিবলৈ জেদ কৰে৷ মায়ে তাক নামিবলৈ বাধা দিছিল৷ সুৰক্ষাৰ কথাটো জড়িত হৈ থকাৰ বাবেই মায়ে তাক বাধা দিছিল৷ কিন্তু সি মাৰ কথা নুশুনিলে৷ গাড়ীৰ পৰা নামি গ’ল৷ দেউতাৰ মৃতদেহ লৈ যোৱা ট্ৰাকৰ পিছে পিছে সি খোজকাঢ়িয়েই যাত্ৰা কৰে৷ তেনেদৰে খোজেৰে গৈয়েই দেউতাক অন্তিম সৎকাৰৰ যাৱতীয় সকলো কাম কৰে৷ সেই শ্বহীদকেই এতিয়া বিজেপি দলে উপলুঙা কৰি মন্তব্য দিয়ে৷ সংসদত শ্বহীদৰ পুত্ৰক অপমানো কৰি বিজেপি দলৰ নেতাই মন্তব্য কৰে৷ ৰাহুলৰ বাপেকৰ চিন নাই৷ এইসমূহৰ মাজেৰে মোৰ মাকো অপমান কৰে শাসক দলে৷’
প্ৰিয়ংকাই দিয়া এই মন্তব্য এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল৷ প্ৰিয়ংকাই মুকলিকৈ ভাষণত কয় যে, সংসদত ৰাহুলক বাৰে বাৰে অপমান কৰা স্বত্ত্বেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কিন্তু কোনো গোচৰ ৰুজু নহয়৷ যিমানেই অপমানসূচক মন্তব্য নিদিয়ক কিয়, তেওঁলোকৰ ওপৰত কোনো গোচৰ ৰুজু নহয়৷ জে’লো যাব নালাগে৷ কোনোৱে প্ৰশ্নও নকৰে, তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে?
উল্লেখ্য যে, ভাষণত পৰিয়ালতন্ত্ৰৰ কথাও উল্লেখ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই৷ তেওঁ এই সন্দৰ্ভত কয়, ‘বিজেপিয়ে বাৰে বাৰে প্ৰশ্ৱ তুলিছে, এই পৰিয়ালটোৱে কিয় নেহৰুৰ উপাধি নিলিখে? কাশ্মীৰি পণ্ডিতক এই পৰিয়ালটোৱে অপমানেই কৰি আছে৷’ এই কথাৰ প্ৰত্ত্যুত্তৰত প্ৰিয়ংকাই কয়, ‘পৰিয়ালৰ বাবেই এদিন ৰামচন্দ্ৰই বনবাস খাটিছিল৷ পাৰিবাৰিক সন্মান ৰক্ষাৰ স্বাৰ্থত পাণ্ডৱেও বনবাস খাটিছিল৷ পাণ্ডৱহঁতো তেন্তে পৰিয়ালকেন্দ্ৰিকেই আছিল৷ ভাৰতীয় গণতন্ত্ৰৰ কথা আমাক নক’ব৷ গণতন্ত্ৰ আমাৰ পৰিয়ালৰ তেজত আছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ