অসম লাইভ২৪ঃ বয়স ইতিমধ্যেই ৩৫ হৈছেগৈ। আৰু কিমান দিনলৈ ৰোহিত শৰ্মাই ক্ৰিকেটৰ জগতত থাকিব সেয়া এতিয়া বহুতৰেই মনত ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে। ইফালে ৰোহিতে অৱসৰ ল’লেই নতুন অধিনায়ক হিচাপে কাক ল’ব বৰ্ডে সেয়াও বহুতৰে মনত প্ৰশ্ন। এই বিষয়টোক লৈ মন্তব্য কৰিছে সৌৰভ গাংগুলিয়েও। নিজৰ পছন্দৰ অধিনায়কৰ নামো প্ৰকাশ কৰিছে সৌৰভে। ৰোহিতৰ পাছতেই নেতৃত্ব হাৰ্দিক পাণ্ডিয়াই লোৱাটো বিচাৰে সৌৰভ গাংগুলীলেও।
আনুষ্ঠানিকভাৱে অধিনায়ক নহ’লেও সাম্প্ৰতিক সময়ত টি-২০ মেছৰ দায়িত্ব হাৰ্দিকে নিজেই লৈছে। তেওঁৰ নেতৃত্ব দেখিয়েই সৌৰভেও কৈছে ৰোহিতৰ যোগ্য উত্তৰসূৰি হাৰ্দিকেই। এক সাক্ষাৎকাৰত সৌৰভে কৈছে, ‘আইপিএলেই ক্ৰিকেটাৰসকলে নিজক প্ৰমাণ কৰাৰ উৎকৃষ্ট ঠাই। আমি হাৰ্দিকৰ নেতৃত্ব আইপিএলতেই দেখিছো। বৰ্তমান টি-২০ টো নেতৃত্ব দি আছে হাৰ্দিকে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ