অসম লাইভ২৪ঃ নেশ্ব্যনেল পেমেণ্ট কৰ্পৰেছন অৱ ইণ্ডিয়াই (NPCI) পেমেণ্ট সন্দৰ্ভত দিছে গুৰুত্বপূৰ্ণ তথ্য। UPI পেমেণ্ট কৰিবলৈ গ্ৰাহকে কোনোধৰণৰ মাচুল আদায় দিব নালাগে। NPCIয়ে জনোৱা অনুসৰি UPIযোগে পেমেণ্ট কৰাটো পূৰ্বৰ দৰেই সম্পূৰ্ণ ফ্ৰী হ’ব? UPIৰ জৰিয়তে প্ৰতি মাহত দেশৰ প্ৰায় ৪ বিলিয়নতকৈয়ো অধিক লোকে লেনদেন কৰে। প্ৰত্যেকটো UPI পেমেণ্টত মাছুল দিব লাগিব বুলি পুৱাৰে পৰাই সকলোৱে চৰ্চা চলাই থকাৰ সময়তে পূৰ্বৰ নিৰ্দেশনাক লৈ NPCI য়ে দিছে স্পষ্টীকৰণ।
পূৰ্বৰ দৰেই থাকিব লেনদেন!
চৰকাৰৰ তৰফৰ পৰা দিয়া স্পষ্টীকৰণত উল্লেখ থকা অনুযায়ী UPIৰ জৰিয়তে হোৱা লেনদেনত কোনোধৰণৰ মাছুল আদায় দিব নালাগে। ২০০০ টকালৈকে লেনদেনত বৰ্তমান কোনোধৰণৰ মাছুল আদায় দিব নালাগে। কোনো এটা বেংক একাউণ্টৰ পৰা অন্য কোনো বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰোতে মাছুল আদায় দিব নালাগে। শেহতীয়াকৈ দিয়া বিজ্ঞাপ্তিত উল্লেখ থকামতে প্ৰি পেড ৱালেটৰ জৰিয়তে লেনদেন কৰিলেহে UPI পেমেণ্টত মাছুল আদায় দিব লাগিব। এই সালসলনিত সাধাৰণ লোকৰ কোনো অসুবিধা নহয়।
উল্লেখ্য যে, বুধবাৰে পুৱাৰে পৰাই এই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা। Google Pay, Paytm, Phone Payৰ জৰিয়তে ২০০০ তকৈ অধিক পেমেণ্ট কৰিলে মাছুল কটা হ’ব। ইয়াৰোপৰি ১ এপ্ৰিলৰ পৰা প্ৰতিজন UPI ব্যৱহাৰকাৰী গ্ৰাহকৰ পৰা ১.১ শতাংশ মাছুল লোৱা হ’ব বুলিও চৰ্চা চলিছিল। কিন্তু এয়া ভুৱা প্ৰচাৰ বুলি প্ৰকাশ কৰিছে NPCIয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ