অসম লাইভ২৪ঃ বিৰাট কোহলীৰ গাড়ীৰ চখ কিমান সকলোৱে জানে। গেৰেজত বিভিন্ন দামী গাড়ীৰ কালেকছন আছে বিৰাটৰ। গাড়ীৰ সৈতে বিভিন্ন ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰে বিৰাটে। শেহতীয়াকৈ বিৰাটে দিয়া এক পোষ্টত লিখিছে যে তেওঁৰ গাড়ীৰ সংখ্যা বহু কমিছে। গেৰেজতো গাড়ী নিচেই কম। প্ৰায় সকলোবোৰ গাড়ীয়েই বিক্ৰি কৰি দিয়া বুলি জনাইছে বিৰাটে। কিন্তু কোহলিয়ে কিয় বিক্ৰি কৰিছে গাড়ীসমূহ সেই লৈ বহুতৰে মনত কৌতুহলৰ সৃষ্টি হৈছে।
বিশেষ এটা ভিডিঅ’ত কোহলিয়ে কৈছে, ‘মই বেছিভাগ গাড়ীয়েই চখত কিনিছিলো। খুব কম গাড়ীহে মই চলাইছো। বেছিভাগ এনেই গেৰেজত পৰি থাকে। সেয়ে মনতে ভাৱিলো এনেকৈ গাড়ী গোটাই থৈ কি লাভ আছে? সেয়ে বেছিভাগ গাড়ীয়েই বিক্ৰি কৰি দিলো। এতিয়া কেৱল প্ৰয়োজনীয় গাড়ীকেইখনহে ৰাখিছো।’ইয়াৰ ওপৰিও কোহলিয়ে নিজৰ মানসিক পৰিবৰ্তনৰ কথাও প্ৰকাশ কৰিছে।
কোহলিয়ে নিজৰ ব্যক্তিত্বত অনা সালসলনি সম্পৰ্কেও কয় এনেদৰে, ‘বয়স বাঢ়িলে মানুহে চৌপাশৰ সকলো পাৰিপাৰ্শ্বিক পৰিপক্কতাৰে নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে। মানুহে তেতিয়া শিশুকালৰ আচৰণবোৰ ত্যাগ কৰে। তেতিয়া প্ৰত্যেকটো সিদ্ধান্ততে পৰিপক্কতা আহে। সকলোতে পৰিপক্কতা আহিলেও ক্ৰিকেটৰ প্ৰতি মোৰ ভালপোৱা কিন্তু একেই আছে। নিজকে নতুন নতুন ধৰণে আৱিষ্কাৰ কৰি ভালপাওঁ। সেয়ে কেতিয়াবা মেছসমূহৰ পৰা বিৰতিও লওঁ। নিজকে বুজিবলৈ চেষ্টা কৰো। কেৱল পাৰফৰ্মেন্স দিয়েই মই মোক বিচাৰ কৰিব নোখোজো। মাজে মাজে লোৱা বিৰতিয়ে মোক চাপমুক্ত কৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ