অসম লাইভ২৪ঃ হোৱাটছএপ ব্যৱহাৰ নকৰা লোকৰ সংখ্যা হয়তো এতিয়া তেনেই নগণ্য। হোৱাটছএপ একাউণ্টত আপোনাৰ নম্বৰটো সকলোৱেই দেখা পোৱাকৈ থাকে। আপুনি যিটো নম্বৰত হোৱাটছএপ একাউণ্টটো লগ ইন কৰে সেই নম্বৰটো আপোনাৰ কনটেক্ট লিষ্টত থকা সকলোৱেই দেখা পায়। বহুসময়ত বিভিন্ন গ্ৰুপত নম্বৰটো এড কৰাৰ ফলত ফোনকলো আহিবলৈ ধৰে। সেয়ে হোৱাটছএপে দিছে এক সুবিধা। হোৱাটছএপ একাউণ্ট খোলাৰ পাছতেই আপোনাৰ কনটেক্ট নম্বৰটো হাইড কৰি থব পাৰিব।
হোৱাটছএপ একাউণ্ট লগ ইন কৰোতে মোবাইল নম্বৰটো দিয়া হয়। একাউণ্টটো খোলাৰ পাছত নম্বৰটো হাইড কৰিবলৈ যিটো নম্বৰত একাউণ্ট খুলিছে সেই নম্বৰৰ চিমখন খুলি থ’ব। সেইখন চিম ফোন কৰাত ব্যৱহাৰ নকৰিলেই কোনোধৰণৰ সমস্যা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ