অসম লাইভ২৪ঃ আছিল খ্ৰীষ্টিয়ান। বৰ্তমান তেওঁ মুছলমান। হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা ভিভিয়ান ডিছেনাই ইছলাম গ্ৰহন কৰি তেওঁ নথৈ আনন্দিত বুলি এক সাক্ষাৎকাৰত প্ৰকাশ কৰাৰ পাছতেই ভিভিয়ান এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।
অভিনেতা ভিভিয়ানৰ মাতৃ হিন্দু আছিল, আনফালে পিতৃ আছিল পৰ্তুগীজ খ্ৰীষ্টান। পিতৃৰ ধৰ্মই জন্মৰে পৰা মানি আহিছিল ভিভিয়ানে। ‘কছম চে’ ধাৰাবাহিকৰ জৰিয়তে হিন্দী চিনেমাত কেৰিয়াৰ আৰম্ভ হৈছিল ভিভিয়ানৰ। তাৰপিছতেই প্যাৰ কি ইয়ে এক কাহানি, মধুবালা, এক ইছক এক জুনুন, শক্তি অস্তিত্ব কে এহচাছ কি, চিৰিয়েলৰ মাধ্যমেৰে সকলোৰে চিনাকি নাম হৈ পৰিল ভিভিয়ান।
উল্লেখ্য যে, ২০১৩ চনত ভিভিয়ান ‘প্যায়াৰ কি ইয়ে এক কাহানি’ ধাৰাবাহিকৰ সহ-অভিনেত্ৰী ভাহবিজ দোৰাবজি ক বিবাহ কৰোৱাই। ২০১৬ চনত দুয়োৰে বিচ্ছেদ হয়। ২০২২ চনত পুনৰ ইজিপ্তৰ সাংবাদিক নৌৰান আলিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ভিভিয়ান। অভিনেতাজনে বিবাহৰ পূৰ্বেই ইছলাম গ্ৰহণ কৰিছিল। ২০১৯ চনত ইছলাম গ্ৰহণ কৰিছিল ভিভিয়ানে। ভিভিয়ানে ইছলাম গ্ৰহণ কৰাৰ পাছতেই দিনে পাঁচবাৰকৈ নামাজ পঢ়ে। অভিনেতাজনে এই সন্দৰ্ভত কয় যে এয়া তেওঁৰ অতিকৈ ব্যক্তিগত বিষয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ