অসম লাইভ২৪ঃ ৰামচন্দ্ৰৰ অযোধ্যাত চুলতানৰ জয়। ৱাৰ্ড নিৰ্বাচনত জয়লাভ কৰিছে এজন মুছলমান প্ৰাৰ্থীয়ে। নাম চুলতান আনচাৰী। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অযোধ্যা ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। হিন্দুপ্ৰধান ৱাৰ্ডত চুলতানৰ জয়ত এতিয়া সকলো আচৰিত। আনকি সেই ৱাৰ্ডত চুলতানৰ জয়ত আটাইতকৈ সুখী হৈছে হিন্দু সমাজৰ লোকসকলেই। শনিবাৰে পৌৰসভা নিৰ্বাচনৰ নিৰ্বাচনী ৰিজাল্ট ঘোষণা হৈছে। অযোধ্যাত মেয়ৰ ভোটত বিজেপি দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। অযোধ্যাৰ মুঠ ৬০ টা ৱাৰ্ডৰ মাজত বিজেপিয়ে জয়লাভ কৰিছে ২৭ টা ৱাৰ্ডত। এছ পিয়ে জয়লাভ কৰিছে ১৭ টা ৱাৰ্ডত। আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ১০ টা ৱাৰ্ডত। তাৰ মাজতেই অন্যতম ৱাৰ্ড হৈছে ৰাম অভিৰাম ৱাৰ্ড। সেই ৱাৰ্ডতেই নিৰ্মাণ হৈ আছে ৰামমন্দিৰ। ৰামমন্দিৰ নিৰ্মাণ হৈ থকা সেই ৱাৰ্ডৰ সংখ্যাগৰিষ্ঠ ভোটাৰেই হিন্দু। আৰু সেই ৱাৰ্ডত জয়লাভ কৰিলে মুছলমান যুৱক চুলতান আনছাৰীয়ে।
হিন্দু এলেকাত মুছলমান ৱাৰ্ড মেম্বাৰ জয়ী হোৱাক লৈ সকলোৱেই চুলতানক প্ৰশ্ন কৰিছিল এই জয় কেনেকৈ সম্ভৱ? এই সন্দৰ্ভত চুলতানে কয়, ‘এই বিজয়েই প্ৰমাণ কৰে অযোধ্যাত হিন্দু-মুছলমানে শান্তিপূৰ্ণ সহাৱস্থান কৰে। মোৰ বিজয় এই কথাৰ জ্বলন্ত উদাহৰণ।’ ৰাম অভিৰাম ৱাৰ্ডত মুছলমানৰ জনসংখ্যা তেনেই তাকৰ। ৱাৰ্ডটোত হিন্দু ভোটাৰৰ সংখ্যা ৩,৮৪৪ টা। আৰু মুছলমান ভোটাৰৰ সংখ্যা মাত্ৰ ৪৪০ জন। বিজয়ী চুলতানে তাত লাভ কৰিছে ৪২ শতাংশ ভোট। চুলতানে লাভ কৰিছে ৯৯৬ টা ভোট। দ্বিতীয় স্থানত আছে নিৰ্দলীয় প্ৰাৰ্থী নগেন্দ্ৰ মাঝি। তেওঁ লাভ কৰিছে ৪৪২ টা ভোট। বিজেপি প্ৰাৰ্থী আছে তৃতীয় স্থানত।
চুলতানে এই সন্দৰ্ভত কয়, ‘মই জন্মৰে পৰাই ৰাম অভিৰাম ৱাৰ্ডতেই আছো। যিমান দূৰ মনত পৰে মোৰ পূৰ্বপুৰুষো ২০০ বছৰ ধৰি এই স্থানত আছে। ভোট যুদ্ধত নামিবলৈ মই পোনতে ইচ্ছুক নাছিলো। কিন্তু মোৰ হিন্দু বন্ধুসকলৰ অনুপ্ৰেৰণাতেই মই ভোটযুদ্ধত নামিলো। তেওঁলোকৰ সমৰ্থনতেই মই জয়ীও হ’লো। মোৰ এই যুদ্ধৰ তেওঁলোকৰহে প্ৰকৃত সেনানী।’
সেই ৱাৰ্ডৰেই এজন সাধাৰণ বাসিন্দাই সংবাদ মাধ্যমৰ আগত কয়, ‘মানুহে বাহিৰৰ পৰা অযোধ্যাক দেখিলে ভাৱে যে ইয়াত মুছলমানৰ প্ৰৱেশেই চাগে নিষেধ। কিন্তু প্ৰকৃততে এয়া সম্পূৰ্ণ ভুল ধাৰণা। ইয়াত আমি হিন্দু আৰু মুছলমান ভাই ভনীসকল মিলিজুলিয়েই থাকো। অযোধ্যাক সমগ্ৰ পৃথিৱীয়েই ৰামমন্দিৰৰ বাবে চিনি পায়। কিন্তু বহুতেই হয়তো নাজানে যে এয়া মুছলমানসকলৰো পবিত্ৰ ভূমি। সেই ঐতিহ্য সেই ভাতৃত্ববোধ ধৰি ৰখাত আমাৰ একতাইহে সহায় কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ