• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

3 years ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

20 minutes ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

2 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

3 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

3 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

15 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

16 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

16 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

17 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

19 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

editor by editor
June 3, 2023
in চিনেমা, জীৱনশৈলী, বাণিজ্য, ভাৰত
0
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাফল্য-ব্যৰ্থতাৰ মাজেৰেই জীৱন আগুৱাই। তাৰকাসকলৰ জীৱনো ইয়াৰ পৰা পৃথক নহয়। বিগত কেইবাবছৰৰ অন্তত শ্বাহৰুখৰ চিনেমা মুকলি হোৱাৰ পাছতেই বিশ্বতেই আকৌ চলিছে শ্বাহৰুখৰ চৰ্চা। চলিত বছৰত শ্বাহৰুখ খানৰ জীৱনলৈ যদি সাফল্য আহিছে তাৰবিপৰীতে কোনোবাখিনিত ব্যৰ্থও হৈছে শ্বাহৰুখ। এফালে তেওঁৰ অভিনীত পাঠান বক্স অফিচত ব্লকবাষ্টাৰ হৈছে। এইবাৰেই আকৌ মুক্তি পাব শ্বাহৰুখৰ ছবি ‘জোৱান’এ। ইফালে খেলতো তেওঁৰ দল কলকাতা নাইট ৰাইডাৰ্ছে বিজয় সাব্যস্ত কৰিব নোৱাৰিলেও আগুৱাই যাবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতে শ্বাহৰুখৰ উপাৰ্জনৰ ৰেখচিত্ৰ উৰ্দ্ধগামী হৈছে। এটা সমীক্ষাই দাবী কৰামতে বলীউডক বাদশ্বাহ শ্বাহৰুখৰ বৰ্তমান সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটিৰো অধিক। কেনেকৈ ইমান সম্পত্তিৰ গৰাকী হ’ল শ্বাহৰুখ।

প্ৰসংগ চিনেমা
ইণ্ডাষ্ট্ৰীত তিনি দশকৰো অধিক সময় ধৰি শ্বাহৰুখ আছে। আৰম্ভনিৰে পৰাই তেওঁৰ অভিনীত চিনেমাই বিশেষ সফলতা লাভ কৰি আহিছে। সফলতাৰ ওপৰত ভিত্তি কৰিয়েই শ্বাহৰুখৰ পাৰিশ্ৰমিক বাঢ়িছে। ১৯৯২ চনত শ্বাহৰুখৰ প্ৰথম ছবি ‘দিৱানা’ই মুক্তি লাভ কৰিছিল। সেই একেই বছৰতেই মুক্তি পাইছিল ‘ৰাজু বন গয়া জেণ্টলমেন’ নামৰ ছবিখনে। এই ছবিৰ বাবে বাদশ্বাহে কিমান পাৰিশ্ৰমিক লৈছিল সেই কথা শুনিলে আপুনিও বিস্মিত হৈ পৰিব। ‘ৰাজু বন গয়া জেণ্টলমেন’ ছবিত অভিনয় কৰাৰ বাবদ শ্বাহৰুখে লাভ কৰিছিল ২৫ হাজাৰ টকা। ইয়াৰ পাছতেই শ্বাহৰুখৰ আটাইতকৈ ব্লকবাষ্টাৰ ছবি আছিল ‘দিলৱালে দুলহনিয়া লে জায়েঙ্গে’। সূত্ৰৰ খবৰ অনুসৰি এই ছবিৰ বাবে শ্বাহৰুখে পাৰিশ্ৰমিক লৈছিল ৩০ লাখ টকা। শ্বাহৰুখৰ সাম্প্ৰতিক ছবি ‘পাঠান’ৰ লাভাংশৰ নিৰিখক লৈ প্ৰযোজক যশৰাজ ফিল্মছৰ সৈতে বিশেষ চুক্তি হৈছিল শ্বাহৰুখৰ। এই ছবিৰ বাবে বাদশ্বাহ শ্বাহৰুখে পাৰিশ্ৰমিক লৈছিল ২০০ কোটি টকা।

ব্যৱসায়তো বাদশ্বাহ সফল
সফল অভিনেতা হোৱাৰ ওপৰিও শ্বাহৰুখ এজন দক্ষ ব্যৱসায়ী। অভিনেতাজনৰ নিজস্ব প্ৰযোজনা সংস্থা আৰু ভিএফএক্স কোম্পানীও আছে। এই কোম্পানীটোৰ নাম হৈছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট। ২০২২ চনৰ এক সমীক্ষাত প্ৰকাশ পোৱামতে এই সংস্থাৰ বৰ্তমান বজাৰ মূল্য ১০০ৰ পৰা ৫০০ কোটি টকাৰ ভিতৰত। ইয়াৰোপৰি এটা জনপ্ৰিয় ষ্টুডেণ্ট অনলাইন প্ৰশিক্ষণ এপটো বিনিয়োগ কৰিছে শ্বাহৰুখে। এটা এমিউজমেণ্ট পাৰ্কৰো তেওঁ অংশীদাৰ। এইসমূহৰ ওপৰিও আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ দলটোৰো মালিক শ্বাহৰুখ। অভিনেতাজন দক্ষিণ আফ্ৰিকাৰ টি টুৱেণ্টি লীগৰ অন্তৰ্গত ‘কেট টাউন নাইট ৰাইডাৰ্ছ’ৰো মালিক। বছৰি টি টোৱেণ্টি লীগৰ পৰাই বহু ধন লাভ কৰে শ্বাহৰুখে। ইয়াতেই শেষ নহয়। বিভিন্ন অনুষ্ঠানত বিশেষকৈ বিবাহৰ অনুষ্ঠান আদিত অনুষ্ঠান কৰি শ্বাহৰুখে বহু ধন আয় কৰে। এটা অনুষ্ঠানত অংশ লওতেই শ্বাহৰুখে লয় প্ৰায় ৩ কোটিৰ পাৰিশ্ৰমিক।

বিজ্ঞাপনৰ পৰা আয়
কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই শ্বাহৰুখে লাভ কৰি আহিছে জনপ্ৰিয় বহু বিজ্ঞাপন। বছৰত প্ৰায় ১০ পৰা ১২ টা বিজ্ঞাপন কোম্পানীৰ সৈতে চুক্তিবদ্ধ হয়। প্ৰতিটো বিজ্ঞাপনৰ বাবদ বাদশ্বাহে পাৰিশ্ৰমিক লয় ৫ ৰ পৰা ১০ কোটি টকা।

বিভিন্ন শ্ব’ত জাজৰ আসনো শুৱনি কৰে শ্বাহৰুখে

শ্বাহৰুখৰ ৰসবোধ সম্পৰ্কে বহুতেই জানে। অভিনেতাজনে সৰু পৰ্দাৰ বিভিন্ন শ্ব’ত প্ৰায়েই অংশগ্ৰহণ কৰে। জনপ্ৰিয় গেম শ্ব’ ‘কৌন বনেগা কৌড়ৰপৰি’ৰ তৃতীয়টো ছিজনত সঞ্চালকৰ আসনত আছিল শ্বাহৰুখ। ইয়াৰোপৰি ‘কিয়া আপ পাঁচ সে তেজ হে’, ‘জোৰ কা ঝাটকা’ আদি ৰিয়েলিটি শ্ব’তো শ্বাহৰুখে কাম কৰিছে। এইসমূহত অংশগ্ৰহণ কৰোতে এটা এপিছডতেই শ্বাহৰুখে প্ৰায় ২.৫ কোটিকৈ ধন লয়।

সামাজিক মাধ্যমৰ পৰাও ধন আয় কৰে শ্বাহৰুখে

সময়ৰ সৈতে বিজ্ঞাপনৰ জগতত টিভিতকৈ সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বাঢ়িছে। শ্বাহৰুখে সামাজিক মাধ্যম ব্যৱহাৰতো পিছপৰি থকা নাই। বিভিন্ন ব্ৰেণ্ডৰ বাবে তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ চলায়। ইনষ্টাগ্ৰাম আৰু টুইটাৰত শ্বাহৰুখৰ আছে ঈৰ্ষণীয় অনুসৰণকাৰী। সূত্ৰৰ দাবী যে, শ্বাহৰুখে কোনো ব্ৰেণ্ডৰ হৈ এটা পোষ্ট শ্বেয়াৰ কৰাৰ বাবদ প্ৰায় ৮০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ধন লয়।

‘মন্নত’য়েই নহয় আৰু ক’ত ক’ত ঘৰ আছে শ্বাহৰুখৰ?

কোনো পৰ্যটক মুম্বাইলৈ আহোতে মন্নত নোচোৱাকৈ হয়তো উভতি নাযায়। ২০২৩ চনৰ এক সমীক্ষামতে বান্দ্ৰাত থকা প্ৰসাদোপম ঘৰৰ বৰ্তমান বজাৰমূল্য ২০০ কোটি টকা। মহাৰাষ্ট্ৰৰ আলিবাগতো আছে শ্বাহৰুখৰ আন এক ঘৰ। সেই ঘৰটোৰ দাম প্ৰায় ১৫ ৰ পৰা ২০ কোটি। দেশৰ বাহিৰতো একাধিক স্থানত ঘৰ আছে শ্বাহৰুখৰ। ডুবাইৰ পাম জুমেইৰাত শ্বাহৰুখৰ নিজা ঘৰ আছে। ভাৰতীয় মুদ্ৰাত সেই ঘৰৰ দাম প্ৰায় ১০০ কোটি টকা। ইয়াৰোপৰি লণ্ডনত শ্বাহৰুখৰ এখন ঘৰ আছে। ভাৰতীয় মুদ্ৰাত সেই ঘৰৰ দাম প্ৰায় ১৮৫ কোটি টকা।

বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ জীৱন ধাৰণ প্ৰণালীও অত্যন্ত ৰাজকীয়। এটা সূত্ৰই দাবী কৰামতে শ্বাহৰুখৰ গাড়ীসমূহৰ মুঠ দাম প্ৰায় ৩১ কোটি টকা। কি গাড়ী নাই শ্বাহৰুখৰ হাতত! শ্বাহৰুখৰ গাড়ীৰ কালেকছনত আছে বিএমডব্লিও, অডি, মাৰ্ছিডিছ, লেণ্ড ক্ৰুজাৰ, বেণ্টলী, ৰেঞ্জ ৰ’ভাৰ। ইয়াৰোপৰি পাঠানৰ সফলতাৰ পিছত অভিনেতাজনে নিজৰ বাবে এখন ৰোলছ ৰয়েলছ কালিনান ব্লেক বেজ ক্ৰয় কৰিছে। এই গাড়ীৰ বৰ্তমান বজাৰ মূল্য হৈছে প্ৰায় ১০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
Next Post
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

পত্নীক সুধিছিল, 'সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.