অসম লাইভ২৪ঃ বিগত প্ৰায় দুমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। ঘটনাত হতাহত হোৱা লোকৰ সংখ্যা প্ৰায় শতাধিক। গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। অশান্ত জৰ্জৰ মণিপুৰত জনতাৰ খবৰ ল’বলৈ বৃহস্পতিবাৰে উপস্থিত হৈছে ৰাহুল গান্ধী। মণিপুৰত উপস্থিত হোৱাৰ পাছতেই পদে পদে তীব্ৰ বাধাৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতাগৰাকী। বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হৈ সাধাৰণ মানুহৰ অৱস্থাৰ বুজ লৈছে ৰাহুলে।
ৰাহুলে মণিপুৰৰ পৰা এটা বিশেষ ভিডিঅ’ পোষ্ট কৰিছে। টুইটাৰত শ্বেয়াৰ কৰা পোষ্টটোত দেখা গৈছে যে আৰক্ষীয়ে মুক্তভাৱেই আগ্নেয়াস্ত্ৰ হাতত লৈ প্ৰতিবাদী জনতাক দমন কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি মোদী শাসনাধীন চৰকাৰক প্ৰশ্ন কৰিছে ৰাহুলে। ৰাহুলে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা হৈছে তেওঁৰ বাহনে যাত্ৰা কৰাৰ সময়ত চৌপাশে জনসমূদ্ৰ। বিশেষকৈ মহিলাসকল ওলাই আহিছে। উদ্দেশ্য এটাই ৰাহুলক এবাৰ লগ কৰা। ৰাহুলক লগ কৰিবলৈ অহা মহিলাসকলক বেৰিকেড লগাই বাধা দিছে আৰক্ষীয়ে। বাৰে বাৰে মহিলাসকলে আৰক্ষীক অনুৰোধ জনাইছে যদিও ৰাহুলৰ সৈতে তেওঁলোকক দেখা কৰিবলৈ দিয়া নাই আৰক্ষীয়ে।
ৰাহুলৰ বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী প্ৰৌঢ়াই ৰাহুলক লগ কৰিবলৈ আহি ৰাস্তাতেই বহি পৰিছে। কিন্তু তেওঁক তাত বহিবলৈ বাধা প্ৰদান কৰি আৰক্ষীয়ে চুচুৰাই লৈ গৈছে। কেৱল সেয়াই নহয়, মুকলিকৈ ব্লেংক ফায়াৰ কৰি জনতাক বাধা দিছে আৰক্ষীয়ে। ৰাহুলে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘মণিপুৰৰ ভাই ভনীসকলৰ কথা মই শুনিবলৈ আহিছিলো। ইয়াৰ সকলো সম্প্ৰদায়ৰ মানুহ অত্যন্ত স্নেহশীল। সকলোৱে মোক আদৰণি জনাইছে। কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে চৰকাৰে আমাৰ আগবাঢ়িবলৈ দিয়া নাই। মণিপুৰত এতিয়া শান্তিৰ প্ৰয়োজন। এই মুহূৰ্তত শান্তিপূৰ্ণ পৰিবেশ এটাকহে প্ৰাধান্য দিয়া উচিত।’
ৰাহুলক এই যাত্ৰাত কিয় বাধা দিয়া হৈছিল সেই সম্পৰ্কে মণিপুৰৰ বিষ্ণুপুৰৰ এছ পি হেইছনাম বলৰাম সিংহই কয়, ‘বৰ্তমান পৰিস্থিতিৰ কথা মনত ৰাখিয়েই তেওঁৰ বাহন ৰখাই দিয়া হৈছে। হেলিকপ্টাৰেৰে চূড়াচন্দ্ৰপুৰলৈ লৈ যোৱা হয় ৰাহুলক। হাইৱেত গ্ৰেনেড বিস্ফোৰণৰ আশংকা কৰিয়েই আমি তেওঁক অহা যোৱাত বাধা দিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















