অসম লাইভ২৪ঃ কেতিয়াবা নিজৰ পুৰণা ছবিৰ সংলাপ আওৰাইছে, কেতিয়াবা তেওঁৰ কণ্ঠত শুনা গৈছে গীতৰ কলি৷ শ্বাহৰুখ খান এইবাৰ সম্পূৰ্ণ পৃথকৰূপত আহি আছে৷ সোমবাৰে মুক্তি পালে শ্বাহৰুখৰ নতুন ছবিৰ ট্ৰেইলাৰ৷ ২মিনিট ১২ ছেকেণ্ডৰ ট্ৰেইলাৰ দেখা মাত্ৰকেই বহুতেই চৰ্চা কৰিছে, ‘বলীউডত এতিয়া শ্বাহৰুখ যুগ চলি আছে৷’ ১৯৯৭ চনৰ পৰা ২৬ বছৰীয়া যাত্ৰাত শ্বাহৰুখ ক’তোৱেই থমকিবলগা হোৱা নাই৷ বলীউডৰ চিনেমাৰ বেয়া দিন চলা বুলি চৰ্চা চলোতেই পাঠানে সকলো ৰেকৰ্ড ভাঙি উপাৰ্জন কৰিলে কেইবাশ কোটি টকা৷
চাৰি বছৰ বিৰতিৰ পাছত চলিত বছৰৰ জানুৱাৰী মাহত মুক্তি পাইছিল শ্বাহৰুখ অভিনীত ‘পাঠানে’৷ বিশ্বজুৰি প্ৰশংসা অৰ্জন কৰাই নহয় বক্স অফিচতো খলকনি তুলিছিল শ্বাহৰুখৰ পাঠানে৷ পাঠানৰ প্ৰায় ৬মাহ পাছত শ্বাহৰুখে এইবাৰ দ্বিতীয় ছবি ‘জাৱান’ মুক্তি দিবলৈ আগবাঢ়িছে৷ সোমবাৰে শ্বাহৰুখৰ অনুৰাগীসকলৰ সেই দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল৷ দক্ষিণৰ পৰিচালক এটলিৰ পৰিচালনা আৰু শ্বাহৰুখৰ পত্নী গৌৰী খানৰ প্ৰযোজনাত নিৰ্মাণ হৈছে ছবিখন৷ ৭ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জাৱানে৷ মুক্তিৰ পূৰ্বেই ছবি তাৰকাসকলৰ পাৰিশ্ৰমিকক লৈয়ো আৰম্ভ হৈছে চৰ্চা৷ বলীউডৰ সূত্ৰই জনোৱা অনুসৰি এই ছবিত অভিনয় কৰি কোনেৱে যদি কোটিত আয় কৰিছে কোনোৱে আকৌ লাখত আয় কৰিছে৷
বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ‘জাৱান’ ছবিত অভিনয় কৰি ৪০ কোটি টকা পাৰিশ্ৰমিক পাইছে শ্বাহৰুখে৷ ছবিখনত অন্যান্য তাৰকাৰ তুলনাত সৰ্বাধিক বেছি ধন লৈছে শ্বাহৰুখে৷ ছবিখনত দক্ষিণী চিনেমাজগতৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতাৰাইয়ো অভিনয় কৰিছে৷ জাৱান ছবিত অভিনয় কৰাৰ বাবে নয়নতাৰাই লৈছে প্ৰায় ৪কোটি টকা৷ নয়নতাৰাৰ ওপৰিও জাৱান ছবিত অভিনয় কৰিছে বিজয় সেতুপতি৷ আমিৰ খান অভিনীত ‘লাল সিং ছাড্ডাৰ’ জৰিয়তে বিজয়ে বলীউডত প্ৰৱেশ কৰিছিল৷
শ্বাহৰুখৰ সৈতে জাৱানত অভিনয় কৰি বিজয়ে পাৰিশ্ৰমিকত লৈছে ৫কোটি টকা৷ ছবিখনৰ ট্ৰেইলাৰত কিন্তু বিজয়ক বিশেষভাৱে দেখুওৱা হোৱা নাই৷ ইফালে জাৱানত দেখা যাব দীপিকা পাডুকনকো৷ ৰঙা শাৰীত দেখা যাব দীপিকাৰ এটা সৰু ৰুল৷ ছবিখনত দীপিকা মুখ্য চৰিত্ৰত নাই বুলি প্ৰকাশ কৰিছে প্ৰযোজকে৷ এটা কেমিঅ’ ৰোলতহে দেখা যাব দীপিকাক৷ মুখ্য চৰিত্ৰৰ ওপৰিও ছবিখনত থকা অন্য চৰিত্ৰসমূহো বিশেষভাৱে লেখত ল’বলগীয়া৷ সুনীল গ্ৰোভাৰকো এই ছবিত দেখা যাব৷ জাৱানত অভিনয় কৰিবৰ বাবে ৭৫ লাখ টকা পাৰিশ্ৰমিক লৈছে সুনীল গ্ৰোভাৰে৷ জাৱান ছবিত অভিনয় কৰিছে দক্ষিণৰ আন এগৰাকী অভিনেত্ৰী প্ৰিয়ামণিয়ে৷ এই ছবিত অভিনয় কৰি প্ৰিয়ামণিয়ে আয় কৰিছে ১কোটি টকা৷
বলীউড সূত্ৰৰ খবৰ অনুসৰি এই ছবিত অভিনয় কৰিছে দক্ষিণৰ অভিনেতা যোগী বাবুয়ে৷ যোগী বাবুৱেও এই ছবিত অভিনয় কৰাৰ বাবদ ২৫লাখ টকা পাৰিশ্ৰমিক লৈছে৷ ভাইৰেল খবৰ অনুসৰি জাৱান ছবিত অভিনয় কৰিছে সঞ্জয় দত্তইয়ো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ