• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

1 minute ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

47 minutes ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

1 hour ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

2 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

3 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

4 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

4 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

5 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

5 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

6 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

6 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

7 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

১ কোটি ভোটাৰৰ নাম কৰ্তনক লৈ কি কলে মন্ত্ৰীজনে?

editor by editor
October 29, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী তালিকাৰ SIRক লৈ বিতৰ্ক আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ্ণাটকত এই প্ৰক্ৰিয়াৰ সমৰ্থনত মন্তব্য কৰিছে ৰাজ্যখনৰ মন্ত্ৰী সতীশ জাৰ্কিহোলিয়ে। তেওঁৰ মতে, কৰ্ণাটকত সঠিক পদ্ধতিৰে SIR সম্পন্ন কৰা হৈছে। কিন্তু আন ৰাজ্যতো একে ধৰণেৰে এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ’লে আপত্তিৰ কোনো কাৰণ নাথাকিলহেঁতেন বুলি মন্তব্য কৰে জাৰ্কিহোলিয়ে।

উল্লেখ্য যে নিৰ্বাচন আয়োগে কৰ্ণাটকত SIR সম্পন্ন কৰাৰ পিছত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিছে। এই তালিকাত মুঠ ৪.৫৫ কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। আনহাতে, পুনৰীক্ষণৰ পূৰ্বে ৰাজ্যখনৰ নিৰ্বাচনী তালিকাত ভোটাৰৰ সংখ্যা আছিল ৫.৫৪ কোটি। অৰ্থাৎ, এই প্ৰক্ৰিয়াৰ পিছত প্ৰায় ৯৯.৩২ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ পৰিছে। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনীতিত নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে।

কৰ্ণাটকত SIRৰ সমৰ্থনত কংগ্ৰেছ মন্ত্ৰী

নিৰ্বাচনী তালিকাৰ পৰা বৃহৎ সংখ্যক ভোটাৰৰ নাম বাদ পৰাক লৈ কংগ্ৰেছৰ মাজত অসন্তুষ্টি প্ৰকাশ পোৱাৰ সময়তে মন্ত্ৰী সতীশ জাৰ্কিহোলিয়ে SIRৰ সমৰ্থনত নিজৰ মত প্ৰকাশ কৰে। তেওঁৰ মতে, কৰ্ণাটকত কংগ্ৰেছে কৰা প্ৰতিবাদ আৰু প্ৰদান কৰা প্ৰশিক্ষণৰ ফলত এই প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰা সম্ভৱ হৈছে। তেওঁ লগতে কয় যে পশ্চিম বংগ, মহাৰাষ্ট্ৰ আৰু বিহাৰত অনুষ্ঠিত হোৱা SIRক লৈ কংগ্ৰেছৰ যি আপত্তি আছে, সেয়া মূলতঃ সেই ৰাজ্যসমূহত এই প্ৰক্ৰিয়া পৰিচালনা কৰা পদ্ধতিক লৈ। জাৰ্কিহোলিৰ মতে, কৰ্ণাটকত যিদৰে নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ কৰা হৈছে, আন ৰাজ্যতো একে ধৰণৰ স্বচ্ছ আৰু সঠিক পদ্ধতি অনুসৰণ কৰা উচিত আছিল।

১ কোটি ভোটাৰৰ নাম কৰ্তনক লৈ বিতৰ্ক

কৰ্ণাটকত নিৰ্বাচনী তালিকাৰ পৰা প্ৰায় এক কোটি ভোটাৰৰ নাম বাদ পৰাৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পুনৰীক্ষণৰ সময়ত বিভিন্ন কাৰণত বহু ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে। মন্ত্ৰী সতীশ জাৰ্কিহোলিয়ে এই নাম কৰ্তনৰ প্ৰক্ৰিয়াক সমৰ্থন কৰি কয় যে তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলৰ ভিতৰত মৃত্যু হোৱা ব্যক্তি, আন ঠাইলৈ স্থায়ীভাৱে স্থানান্তৰিত হোৱা লোক আৰু একাধিকবাৰ নাম অন্তৰ্ভুক্ত হৈ থকা ভোটাৰ আছে। অৱশ্যে, এই বিষয়টোক লৈ কংগ্ৰেছৰ আন নেতাসকলে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, মৃত আৰু ডুপ্লিকেট ভোটাৰৰ নাম আঁতৰোৱাত আপত্তি নাই। কিন্তু প্ৰকৃত ভোটাৰৰ নাম যাতে ভুলবশতঃ কৰ্তন নহয়, সেইটো নিশ্চিত কৰাটো অত্যন্ত জৰুৰী।

ইপিনে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি বি কে হৰিপ্ৰসাদে ৰাজ্যখনৰ চূড়ান্ত নিৰ্বাচনী তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ মতে, প্ৰায় এক কোটি ভোটাৰৰ নাম বাদ পৰাৰ বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰা উচিত। হৰিপ্ৰসাদে স্পষ্ট কৰি দিয়ে যে মৃত আৰু ডুপ্লিকেট ভোটাৰৰ নাম আঁতৰোৱাৰ বিৰোধী নহয় কংগ্ৰেছ। কিন্তু বহু ভোটাৰক ‘অনুপস্থিত’ বুলি শ্ৰেণীভুক্ত কৰাৰ বিষয়টোক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, কোনো ভোটাৰক অনুপস্থিত বুলি চিহ্নিত কৰাৰ পূৰ্বে সংশ্লিষ্ট ব্যক্তিজনৰ প্ৰকৃত অৱস্থান আৰু পৰিস্থিতিৰ বিষয়ে নিশ্চিত হোৱা উচিত। অন্যথা, প্ৰকৃত ভোটাৰৰ নামো নিৰ্বাচনী তালিকাৰ পৰা বাদ পৰাৰ আশংকা থাকে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কৰ্ণাটকত SIRৰ সময়ত ১৯ লাখতকৈ অধিক ভোটাৰক অনুপস্থিত বুলি চিহ্নিত কৰা হৈছে। আনহাতে, ৬৫.৪৫ লাখ ভোটাৰক স্থায়ীভাৱে স্থানান্তৰিত হোৱা বুলি তালিকাভুক্ত কৰা হৈছে। এই তথ্যৰ ভিত্তিত হৰিপ্ৰসাদে প্ৰশ্ন কৰে যে ইমান বৃহৎ সংখ্যক ভোটাৰৰ নাম কিয় বাদ পৰিল আৰু সেই প্ৰক্ৰিয়াত প্ৰকৃত ভোটাৰসকলৰ অধিকাৰ সুৰক্ষিত কৰা হৈছিল নে নাই, সেয়া স্পষ্ট কৰা উচিত।

তেওঁ লগতে নিৰ্বাচন আয়োগৰ বাল্ক ফৰ্ম-৭ৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তন সম্পৰ্কীয় আবেদন সন্দৰ্ভত দিয়া বক্তব্যৰ কথাও উল্লেখ কৰে। তেওঁৰ প্ৰশ্ন হৈছে, যদি এই ধৰণৰ আবেদনৰ ভিত্তিত ভোটাৰৰ নাম কৰ্তন কৰা হোৱা নাই বুলি কোৱা হৈছিল, তেন্তে প্ৰায় এক কোটি ভোটাৰৰ নাম কেনেকৈ তালিকাৰ পৰা বাদ পৰিল? বুলিও প্ৰশ্ন কৰে।

হৰিপ্ৰসাদৰ মতে, দলটোৱে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভোটাৰৰ নাম কৰ্তন সম্পৰ্কীয় বিষয়সমূহ পৰীক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি বাদ পৰা নামসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব। তেওঁ লগতে কয় যে ৫ নৱেম্বৰৰ পিছত বাদ পৰা ভোটাৰসকলৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাত সহায় কৰিবলৈ কংগ্ৰেছে প্ৰচাৰ অভিযান আৰম্ভ কৰিব। এই অভিযানৰ জৰিয়তে প্ৰকৃত ভোটাৰসকলক নিজৰ নাম পৰীক্ষা কৰা আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰাৰ পৰিকল্পনা কৰা হৈছে।

কৰ্ণাটকত কংগ্ৰেছৰ ভিতৰ চ’ৰাতে বিতৰ্ক

কৰ্ণাটকৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণক লৈ শাসকীয় কংগ্ৰেছৰ ভিতৰতে বিভিন্ন মত প্ৰকাশ পোৱাত বিষয়টোৱে ৰাজনৈতিক গুৰুত্ব লাভ কৰিছে। এফালে মন্ত্ৰী সতীশ জাৰ্কিহোলিয়ে ৰাজ্যখনত SIR সঠিকভাৱে সম্পন্ন হোৱা বুলি দাবী কৰি প্ৰক্ৰিয়াটোৰ সমৰ্থন কৰিছে। আনফালে, বি কে হৰিপ্ৰসাদে বৃহৎ সংখ্যক ভোটাৰৰ নাম বাদ পৰা বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.