• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

3 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

3 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

4 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

4 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

6 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

7 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

7 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

8 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

9 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

10 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

editor by editor
August 1, 2023
in বিবিধ, ভাৰত
0
হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজধানী দিল্লীৰ পৰা কিছু নিলগতেই সংঘটিত হৈছে সাম্প্ৰদায়িক ঘটনা। জ্বলি উঠিছে হাৰিয়ানা। হাৰিয়ানাৰ নূহত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছে কেইবাজনো লোক। শেহতীয়াতৈ গুৰগাঁৱত এটা মছজিদ জ্বলাই দিয়া হৈছে। এই আক্ৰমণত নিহত হৈছে এজন ইমামো। অশান্ত হৈ পৰিছে হাৰিয়ানা। হাৰিয়ানাৰ চৰকাৰে সেই এলেকাত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিছে।

হাৰিয়ানাৰ নূহত এই পৰিস্থিতিৰ সূত্ৰপাত হৈছিল বিশ্ব হিন্দু পৰিষদে উলিওৱা এটা ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি। সেই বিশেষ ৰেলীটোত অংশ লৈছিল এজন অভিযুক্তই। বিগত এমাহ পূৰ্বে নূহত জুনায়েদ আৰু নাছিৰ নামৰ দুগৰাকী মুছলমান যুৱকক গাড়ীত সোমোৱাই জীৱন্ত অৱস্থাতেই জ্বলাই দিয়া হৈছিল। এই ঘটনাত জড়িত থকা প্ৰধান অভিযুক্ত মোনু মানেছৰ নামৰ ব্যক্তিজনে বিশ্ব হিন্দু পৰিষদৰ বিশেষ শোভাযাত্ৰাটোত অংশ লৈছিল। এই খবৰ ভাইৰেল হোৱাৰ পাছতেই হাৰিয়ানাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল।

কিন্তু মিও মুছলমান অধ্যুষিত নূহ আৰু মেওৱাট এলেকাত এই মিছিলৰ কথা গম পোৱা মাত্ৰকেই ক্ষুদ্ধ হৈ পৰে স্থানীয় বাসিন্দাসকল। ইয়াৰপাছতেই ‘বৃজ মণ্ডল জলাভিষেক যাত্ৰা’ নামেৰে বিশ্ব হিন্দু পৰিষদে ধৰ্মীয় ৰেলী কৰিছিল। কিন্তু এই ৰেলীক বাধা দিবলৈ একাংশ মুছলমান জনতাই চেষ্টা কৰে। এই বাধা দিয়াক কেন্দ্ৰ কৰিয়েই হিন্দু-মুছলমান দুই ফৈদৰ মাজত সংঘৰ্ষ হয়। শিল দলিওৱাৰ ওপৰিও বাটে পথে থকা বাহনো জ্বলাই দিয়ে দুই ধৰ্মৰ প্ৰতিবাদী জনতাই।

গুৰগাওঁ- আলোয়াড় ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৃৰ্ণ এলেকাত আৰম্ভ হয় মহাৰণ। এই সংঘৰ্ষত দুগৰাকী হোমগাৰ্ড নিহত হোৱা বুলি প্ৰকাশ কৰিছে হাৰিয়ানা আৰক্ষীয়ে। এই ঘটনাত আহত হৈছে কেইবাগৰাকীও লোক। আহতসকলক ভৰ্তী কৰোৱা হৈছে স্থানীয় হাস্পতালত। গুৰগাঁৱৰ চেক্টৰ ৫৭ এলেকাত এটা মছজিদ জ্বলাই দিয়াত পৰিস্থিতি আৰু ভয়ানক হৈ পৰিছে। সেই মছজিদটো মেনেজিং কমিটিৰ চেয়াৰমেনে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত কৰিছে বিশেষ মন্তব্য।

মছজিদটো মেনেজিং কমিটিৰ চেয়াৰমেনে কয়, ‘মছজিদটো জ্বলাই দিয়াৰ সময়ত আমাৰ ইমাম মছজিদৰ ভিতৰতেই আছিল। মছজিদটোৰ ভিতৰত সেই সময়ত একাংশ সাধাৰণ জনতাও আছিল। এই আক্ৰমণত কেইবাজনো লোক আহত হৈছে আৰু ইমামৰ মছজিদৰ ভিতৰতেই মৃত্যু হৈছে।’ আঞ্জুমান জামে মছজিদৰ সেই আক্ৰমণত মৃত্যু হোৱা ইমামৰ ভাতৃয়েও সংবাদমাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰত কয়, ‘মই এক মুহূৰ্তৰ বাবে ভাতৃৰ মৃতদেহটো দেখিছো। মৰোণোত্তৰ পৰীক্ষাৰ বাবে দেহটো লৈ যোৱা হৈছে। আমি মৃতদেহটো পোৱাৰ পাছতেই এফআইআৰ দিম।’

মছজিদ আক্ৰমণ কৰাৰ অভিযোগত ইতিমধ্যে কেইবাজনো লোক আটক কৰিছে হাৰিয়ানা আৰক্ষীয়ে। ইতিমধ্যে হাৰিয়ানাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। হাৰিয়ানাৰ প্ৰায় এলেকাতেই জাৰি কৰা হৈছে কাৰফিউ। অনিল ভিজই জনোৱা অনুসৰি, পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে। আশেপাশে থকা এলেকাসমূহতো আৰক্ষী মোতায়েন কৰা হৈছে। এই ঘটনাক পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা দিছে হাৰিয়ানা চৰকাৰে। অনিল ভিজে এই সন্দৰ্ভত কয়, ‘এই কাজিয়া দেখিয়েই বুজা যায় যে এয়া এদিনতে হোৱা ঘটনা নহয়। বহু পৰিকল্পনা কৰি এই দাঙ্গা বঢ়োৱা হৈছে। নূহত হিন্দু-মুছলমানে বছৰ বছৰ ধৰি শান্তিৰেই বাস কৰি আহিছিল। কিন্তু এই দাঙ্গা দেখি লাগিছে কোনোৱে ইচ্ছা কৰি এই সম্পৰ্কৰ মাজত বিষ ঢালিছে।’

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.