অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ য়ে চন্দ্ৰত সফল অৱতৰণৰ পাছতেই প্ৰথমবাৰৰ বাবে ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটিত নমাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ইছৰোই। লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ধীৰে ধীৰে চন্দ্ৰপৃষ্ঠলৈ নামি আহিছে ৰোভাৰ প্ৰজ্ঞান। এই ঐতিহাসিক মুহূৰ্তৰ ছবি আৰু ভিডিঅ তুলি লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰিছে ইছৰোলৈ।
সেই ছবি ইছৰোয়ে লাভ কৰাৰ লগে লগে টুইটাৰত শ্বেয়াৰ কৰিছে ইছৰোয়ে। ভিডিঅ’টো শ্বেয়াৰ ইছৰোৰ তৰফৰ পৰা লিখিছে, ‘চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞানৰ অৱতৰণ। লেণ্ডাৰ বিক্ৰমৰ পৰা বাহিৰলৈ আহি চন্দ্ৰ মাটিত সফলভাৱে ভৰি দিলে প্ৰজ্ঞানে। এই ভিডিঅ’ সংগ্ৰহ কৰিছে প্ৰজ্ঞানে।’
বিগত ২৩ আগষ্ঠত ভাৰতীয় সময় সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিছে চন্দ্ৰযান-৩। আৰু সেই সফল লেণ্ডিঙৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল পৃথিৱীবাসীয়ে। চন্দ্ৰৰ মাটিত ভৰি দিয়াৰ লগে লগেই এখনৰ পাছত আনখন ছবি পঠিয়াইছে লেণ্ডাৰখনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ