অসম লাইভ২৪ঃ দেশত বিজেপিৰ বিপৰ্যয় আৰম্ভ হোৱাটো খাটাঙেই হৈ পৰিছে৷ এখনৰ পাছত আনখন ৰাজ্যত জনপ্ৰিয়তা হেৰুৱাইছে এন ডি এই৷ দক্ষিণ ভাৰত বিজেপি শূন্য হোৱাৰ পাছতেই এইবাৰ অন্ধ্ৰপ্ৰদেশতো বিজেপিৰ বিপৰ্যয়৷ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নায়ডুৰ দল তেলেগু দেশম পাৰ্টিৰ সৈতে অৱশেষত মিত্ৰতা ভংগ হোৱাৰ দিশে এন ডিএ৷ তেলেগু অভিনেতা তথা ৰাজনীতিবিদ পৱন কল্যানৰ দল জনসেনা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কথা প্ৰকাশ কৰিছে৷
বৃহস্পতিবাৰে পৱন কল্যানে কয় যে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন্মোহন ৰেড্ডীৰ দল আৰু কংগ্ৰেছক হৰুওৱাবৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত টিডিপিৰ সৈতে জনসেনা পাৰ্টীয়ে বুজাপৰা কৰিব৷ তেওঁ এই সন্দৰ্ভত কয়, ‘অন্ধ্ৰৰ উন্নয়নৰ বাবে চৰকাৰ বদলি কৰাটো অতি জৰুৰী৷ সেয়ে এন ডি এ এৰি আমি টিডিপিৰ সৈতে হাত মিলোৱাৰ সিদ্ধান্ত লৈছো৷’ দুৰ্নীতিৰ গোচৰত ধৃত অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে পবনৰ বুজাপৰাৰ সিদ্ধান্তই অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব৷
পৱন কল্যানৰ ককায়েক চিৰঞ্জীৱীও তেলেগু চিনেমাজগতৰ জনপ্ৰিয় অভিনেতা৷ ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে নিজৰ দল প্ৰজাৰাজ্যম পাৰ্টীক পৰা বিধায়কো হৈছিল তেওঁ৷ পাছলৈ কংগ্ৰেছ দলত যোগ দি কেন্দ্ৰীয় মন্ত্ৰী হয়গৈ৷ ককায়েকৰ সৈতে ৰাজনীতিত আহিলেও পৱনে কিন্তু কংগ্ৰেছত যোগদান নকৰিলে৷ টিডিপিৰ সৈতে হাত ধৰাই তেলেগু ৰাজনীতিত বহু সালসলনিও ঘটোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ