অসম লাইভ২৪ঃ নৱেম্বৰ মাহৰ দুটা গুৰুত্বপূৰ্ণ গ্ৰহৰ গতি আৰু ৰাশি পৰিবৰ্তনৰ ফলত একাধিক ৰাশিৰ জীৱনত উন্নতি হ’ব। অক্টোবৰ মাহৰ শেষৰ ফালে ৰাশি সলনি কৰিব ৰাহু আৰু কেতুৱে। দুই গ্ৰহৰ প্ৰভাৱত ভাল সময় কটাব ৪ৰাশিৰ জাতকে। ৪ নৱেম্বৰত বক্ৰী দশা শেষ কৰি মাৰ্গী হ’ব শনি। ইয়াৰ ঠিক এদিন আগত অৰ্থাৎ ৩ নৱেম্বৰত স্বৰাশি তুলাত প্ৰৱেশ কৰিব শুক্ৰই। নৱেম্বৰৰ আৰম্ভণিৰ পৰা দুই মিত্ৰ গ্ৰহ শুক্ৰ আৰু শনিৰ পৰিবৰ্তনত চাৰি ৰাশিৰ বাবে ভাল খবৰ আহিব। দীপাৱলীৰ আগে আগেই ধন আহিব ৪ৰাশিৰ হাতলৈ। লক্ষ্মীৰ আশীৰ্বাদ থাকিলে কোন কোন ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব?
মেষ ৰাশি
শুক্ৰ আৰু শনিৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ নৱেম্বৰ মাহটো ভালধৰণে পাৰ হ’ব। ব্যৱসায়ত লাভাম্বিত হ’ব ৰাশিৰ ব্যৱসায়ীসকলো। ইয়াৰোপৰি ধন আগমনৰ পথ প্ৰশস্ত হ’ব। চাকৰি পৰিবৰ্তনত ইচ্ছুকসকলৰ বাবে এই সময় শুভ। শনি আৰু শুক্ৰৰ কৃপাত নতুন চাকৰি লাভৰ সম্ভাৱনা আছে।
বৃষ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত বৃষ ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। শুক্ৰ আৰু শনিৰ বক্ৰী দশাত বৃষ ৰশিৰ জাতকৰ ভাগ্যোদয় হ’ব। শুক্ৰ আৰু শনিৰ বক্ৰী দশাত বৃষ ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব। আয় বৃদ্ধি হ’ব এই ৰাশিৰ জাতকৰ। পাবলগীয়া ধন লাভ কৰিব। অৰ্থ সঞ্চয় কৰিব পাৰিব। অবিবাহিত বৃষ ৰাশিৰ জাতকৰ বিবাহৰ যোগ আছে।
কন্যা ৰাশি
দীপাৱলী আৰু কালি পূজাৰ সময়খিনি বৃষ ৰাশিৰ জাতকৰ জীৱনৰ বাবে শুভ সময়। কামৰ বাবে বিদেশ যাত্ৰাৰো যোগ আছে। ঘৰলৈ সুখ শান্তি আহিব। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি এই সময়ত বৃষ ৰাশিৰ জাতকৰ জীৱনযাপনৰ মানদণ্ড উন্নত হ’ব। প্ৰেম আৰু দাম্পত্য জীৱনো সুখকৰ হ’ব।
কুম্ভ ৰাশি
শুক্ৰ আৰু শনিৰ ৰাশি পৰিবৰ্তনত কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব। এই সময়ত ভাগ্যৰ দুৱাৰ খোল খাব কুম্ভ ৰাশিৰ জাতকৰ। অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। পৰিয়ালৰ সৈতে আনন্দৰ পৰিবেশত থাকিব। নৱদম্পত্তিৰ সন্তান লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত ভাল পৰিবেশ থাকিব। উল্লেখ্য যে কুম্ভ ৰাশিৰ কাৰক গ্ৰহ শনিয়ে এই ৰাশিতেই শনি মাৰ্গী হ’ব। আনহাতে শুক্ৰ আৰু শনিৰ মাজত মিত্ৰতাৰ সম্পৰ্ক থকাৰ ফলতেই সুফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ