অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ ৰাহু আৰু কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়। এই দুই গ্ৰহক অশুভ আৰু নিৰ্মম গ্ৰহ বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা ৰাহু আৰু কেতুৰ প্ৰভাৱত জাতকসকলে শুভ ফল লাভ কৰিব। ৰাহু আৰু কেতু সকলো সময়ত বক্ৰীপথত গমন কৰিলে প্ৰতি ডেৰ বছৰে অৰ্থাৎ ১৮মাহৰ মূৰত নিজৰ স্থান পৰিবৰ্তন কৰে। ৩০ অক্টোবৰত নিজৰ অৱস্থান সলনি কৰিব ৰাহু আৰু কেতুৱে। মেষ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিছে ৰাহু আৰু কেতুৱে। তুলা ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিব কেতুৱে। এই পৰিস্থিতিত ৰাহু কেতুৰ গোচৰৰ শুভ আৰু অশুভ প্রভাৱ পৰিব সকলো ৰাশিৰ জাতকৰ ওপৰত। ৰাহু আৰু কেতুৰ গোচৰৰ শুভ ফল কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিছে?
মেষ ৰাশি
ৰাহু আৰু কেতুৰ গোচৰৰ শুভ ফল পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত। বৰ্তমান মেষ ৰাশিত অৱস্থান কৰিছে ৰাহুৱে। ৩০ অক্টোবৰত মেষ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিছে এই গ্ৰহই। ইয়াৰ ফলত ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিছে মেষ ৰাশিৰ জাতকে। স্বাস্থ্যৰ উন্নতি। পুৰণা সকলো সমস্যা দূৰ হ’ব। মেষ ৰাশিৰ জাতকৰ জীৱনত এই সময়ত আৰাম আৰু বিলাসিতা বাঢ়িব। সমাজত মান সন্মানো বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ।
বৃষ ৰাশি
ৰাহু আৰু কেতুৰ ৰাশি পৰিবৰ্তনৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে। এই সময়ত প্ৰতি পদতে সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে। ৩০ অক্টোবৰৰ পৰা আগন্তু ডেৰ বছৰৰ মাজে মাজে বেছ কিছু অতিৰিক্ত অৰ্থ লাভ কৰিব আপুনি। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ। বেংক বেলেন্স বাঢ়িব আৰু বিদেশৰ পৰাও অৰ্থলাভ কৰিব পাৰে এই ৰাশিৰ জাতকে। বিনিয়োগ আপোনাৰ বাবে লাভজনক হ’ব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। কেৰিয়াৰত পদ আৰু সন্মান বাঢ়িব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ হ’ব ৰাহু কেতুৰ ৰাশি পৰিবৰ্তন। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ইয়াৰ ফলত সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব। উন্নতিৰ নতুন ৰাস্তা খুলিব কৰ্কট ৰাশিৰ জাতকৰ। হেৰুওৱা ধন উভতাই পাব। ৰাহু আৰু কেতুৰ প্ৰভাৱত আগন্তুক ডেৰ বছৰত কেৰিয়াৰ আৰু আৰ্থিক অৱস্থাৰ উন্নতি হ’ব কৰ্কট ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















