অনলাইন এপত ৰেহাই মূল্যত বস্তু ক্ৰয় কৰিবলৈ সকলো আগ্ৰহী। উৎসৱৰ বতৰত অনলাইন এপসমূহে দিয়া বিশেষ ৰেহাই অফাৰৰ সময়ত কোটি কোটি টকাৰ বস্তু বিক্ৰী হয়। ইয়াৰ মাজতে এজন যুৱকে অনলাইন শ্বপিং এপ এমাজনত অৰ্ডাৰ কৰা ২০ হাজাৰ টকীয়া হেডফোনৰ আনবক্সিঙৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰী যশ ওজা নামৰ এগৰাকী যুৱকে শ্বেয়াৰ কৰিছে এক বিশেষ ভিডিঅ’। যুৱকজনে এমাজনৰ পৰা ১৯,৯০০ টকা দামৰ ছ’নীৰ এডাল হেডফোন অৰ্ডাৰ কৰিছিল। এমাজনৰ পৰা অহা হেডফোনৰ পেকেট খুলি চাই হতবাক হয় যুৱকজন। যশ ওজাই অৰ্ডাৰ কৰা ছ’নী xb910n ৱায়াৰলেছ হেডফোনৰ পৰিৱৰ্তে লাভ কৰে এটা কলগেট।

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত এমাজনে সঁহাৰি দিয়ে। যুৱকজনৰ অভিযোগৰ উত্তৰ দি ভুলৰ বাবে খেদ প্ৰকাশ কৰে অনলাইন শ্বপিং এপ এমাজনে। যুৱকজনক সহায়ৰ আশ্বাস দি এমাজনে মেছেজৰ জৰিয়তে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। লগতে নিজস্ব তথ্য হোৱা হেতুকে নিজৰ অৰ্ডাৰ ডিটেইল মেছেজৰ জৰিয়তে নিদিবলৈও কয়।
উল্লেখ্য যে, অনলাইন শ্বপিং এপত এনে খেলিমেলিৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে অৰ্ডাৰ কৰা বস্তুৰ পৰিৱৰ্তে অন্য বস্তু লাভ কৰা বহু উদাহৰণ আছে। কোনোৱে যদি কেমেৰাৰ লেন্স অৰ্ডাৰ কৰি ফুলৰ বীজ লাভ কৰিছে, আন কোনোৱে আকৌ মোবাইল ফোন অৰ্ডাৰ কৰি চাবোন লাভ কৰাৰো নজিৰ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















